জয়ছলমেৰৰ বাছত সংঘটিত অগ্নিকাণ্ডত ২০জনৰ মৃত্যু; মৃতকৰ আত্মীয়ক ₹২ লাখকৈ এককালীন সাহাৰ্য প্ৰদান কেন্দ্ৰৰ

Story by  atv | Posted by  Munni Begum • 1 Months ago
জয়ছলমেৰৰ অগ্নিকাণ্ড সংঘটিত বাছৰ দৃশ্য
জয়ছলমেৰৰ অগ্নিকাণ্ড সংঘটিত বাছৰ দৃশ্য
 
জয়ছলমেৰ
 
মঙলবাৰে বিয়লি ৰাজস্থানৰ জয়ছলমেৰৰ পৰা যোধপুৰলৈ যোৱা এখন বাছত অগ্নিকাণ্ড সংঘটিত হয় কমেও ২০জন যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে ৩ টি শিশু আৰু ৪ গৰাকী মহিলাকে ধৰি কেইবাজনো যাত্ৰী গুৰুতৰভাৱে অগ্নিদগ্ধ হয় ৷ জয়ছলমেৰৰ পৰা প্ৰায় ২০ কিলোমিটাৰ নিলগত থাইয়াত গাঁৱৰ সমীপত এই ঘটনা সংঘটিত হয়। 
 
প্ৰত্যক্ষদৰ্শীৰ মতে,  বাছখন জয়ছলমেৰৰ পৰা ৫৭ জন যাত্ৰী লৈ ওলাই আহিছিল৷ থাইয়াত গাঁও পাৰ হোৱাৰ কিছু সময়ৰ পাছতে যাত্ৰীসকলে গাড়ীখনৰ পিছফালৰ অংশৰ পৰা ধোঁৱা ওলোৱা লক্ষ্য কৰিছিল আৰু ক্ষন্তেকতে জুইৰ শিখা বিয়পি সমগ্ৰ বাছখনক আগুৰি ধৰিছিল৷ ইফালে দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে গাঁৱৰ মানুহ আৰু পথচাৰী ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ জৰুৰীকালীন সেৱা অহাৰ পূৰ্বেই উদ্ধাৰ অভিযান আৰম্ভ কৰে৷ মানুহে ওচৰৰ পৰা পানী আৰু বালি নিক্ষেপ কৰি জুই নিৰ্বাপন কৰি আবদ্ধ যাত্ৰীসকলক উদ্ধাৰ কৰিছিল৷ 
 
ইফালে তৎকালীনভাৱে অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ ৩ খন এম্বুলেন্সত আহতসকলক জয়ছলমেৰৰ জৱাহৰ চিকিৎসালয়লৈ লৈ যায়৷ চিকিৎসালয়খনৰ চিকিৎসকে প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ বিপৰীতে গুৰুতৰভাৱে অগ্নিদগ্ধ লোকসকলক উন্নত চিকিৎসাৰ বাবে যোধপুৰলৈ প্ৰেৰণ কৰা হয়৷ উল্লেখ্য যে, দুৰ্ঘটনা সংঘটিত হোৱা বাছখন মাত্ৰ পাঁচ দিন পূৰ্বে ক্ৰয় কৰা বুলি জানিব পৰা গৈছে ৷
 
কাষৰীয়া সেনা যুদ্ধ সংগ্ৰহালয়ৰ সেনা জোৱানসকলে উদ্ধাৰ আৰু সাহায্যত সহায় কৰিবলৈ সেই স্থানত উপস্থিত হয়৷ অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰায় এঘণ্টীয়া চেষ্টাৰ অন্তত নিয়ন্ত্ৰিত হয় বাছখনৰ জুই৷ বিষয়াসকলে জনোৱা মতে, জুইৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও প্ৰাথমিক প্ৰতিবেদনত সম্ভাব্য শ্বৰ্ট চাৰ্কিট বা ইঞ্জিন অতি গৰম হোৱাৰ বাবে জুইৰ সুত্ৰপাত হোৱা বুলি সন্দেহ কৰিছে৷ বৰ্তমান আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে৷ জিলা আয়ুক্ত প্ৰতাপ সিঙে আহত যাত্ৰীসকলক তাৎক্ষণিকভাৱে চিকিৎসা সেৱা নিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰিছে৷   
এই ঘটনাত অগ্নিদগ্ধ হৈ ২০ জন যাত্ৰীৰ মৃত্যু হয়৷ গুৰুতৰভাৱে আহত ৭৯ বছৰীয়া হুছেইন খানৰ যোধপুৰত মৃত্যু হোৱাৰ বিপৰীতে বাকী ১৯ যাত্ৰীক জয়ছলমেৰত মৃত বুলি ঘোষণা কৰা হয় ৷ মঙলবাৰে গভীৰ নিশা জয়ছলমেৰত উপস্থিত হয় ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজন লাল শৰ্মা৷ তেওঁ জয়ছলমেৰত দুৰ্ঘটনাগ্ৰস্ত বাছখনো পৰিদৰ্শন কৰা বুলি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়াসকলে জানিবলৈ দিয়ে৷ দুৰ্ঘটনাৰ সময়ত সহায় আৰু সহযোগ আগবঢ়োৱা সকলো সেনা জোৱান আৰু স্থানীয় নাগৰিকক তেওঁ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছে৷ মুখ্যমন্ত্ৰী শৰ্মাই ইয়াৰ পাছত যোধপুৰত উপস্থিত হৈ চিকিৎসাধীন হৈ থকা আহতসকলক সাক্ষাৎ কৰে৷
 
জিলা আয়ুক্ত প্ৰতাপ সিঙে নিশ্চিত কৰে যে, বাছখন সম্পূৰ্ণৰূপে নষ্ট হৈ পৰিছে আৰু বহু ভুক্তভোগী চিনাক্ত কৰিব নোৱৰাকৈ অগ্নিদগ্ধ হৈছে৷ তেওঁলোকৰ চিনাক্তকৰণত সহায় কৰিবলৈ যোধপুৰৰ ডি এন এ আৰু ফৰেনছিক দল উপস্থিত হৈছে৷ তেওঁ লগতে জিলা প্ৰশাসনে স্থাপন কৰা হেল্পলাইনত যোগাযোগ কৰিবলৈ মৃতকৰ পৰিয়ালক আহ্বান জনাইছে৷
 
তেওঁ কয়, "আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মানি চলা প্ৰট'কলৰ দৰেই ডি এন এ পৰীক্ষাৰ জৰিয়তে মৃতকৰ পৰিচয় নিশ্চিত কৰা হ’ব৷ তাৰ পাছতহে মৃতদেহসমূহ পৰিয়ালৰ হাতত গতাই দিয়া হ’ব ৷" 
 
ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূৱে এই ঘটনা অত্যন্ত হৃদয়বিদাৰক বুলি উল্লেখ কৰি আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনায়ু৷ সামাজিক মাধ্যম এক্সত এক পোষ্ট কৰি তেওঁ কয়, "ৰাজস্থানৰ জয়ছলমেৰত এখন বাছত অগ্নিকাণ্ডৰ ফলত কেইবাজনো লোকৰ মৃত্যুৰ খবৰটো অত্যন্ত হৃদয়বিদাৰক৷ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো৷" 
 
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাত শোক প্ৰকাশ কৰি মৃতকৰ নিকটাত্মীয়ক ২ লাখ টকা আৰু আহত লোকসকলক ৫০ লাখ টকাৰ এককালীন সাহাৰ্য প্ৰদানৰ কথা ঘোষণা কৰে৷ তেওঁ কয়, "ৰাজস্থানৰ জয়ছলমেৰত সংঘটিত দুৰ্ঘটনাত প্ৰাণ-সম্পত্তি হেৰুৱাত দুখিত৷ এই কঠিন সময়ত মোৰ সমবেদনা ক্ষতিগ্ৰস্ত লোক আৰু তেওঁলোকৰ পৰিয়ালৰ সৈতে আছে৷ আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো৷ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা প্ৰতিজন মৃতকৰ নিকটাত্মীয়ক ২ লাখ টকা আৰু আহত লোকসকলক ৫০ লাখ টকাৰ এককালীন সাহাৰ্য প্ৰদান কৰা হ’ব৷"  
মুখ্যমন্ত্রী ভজনলাল শর্মাই এই দুর্ঘটনাক লৈ শোক প্রকাশ কৰি জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতে বার্তালাপ কৰি নিহতসকলক সকলো ধৰণৰ সাহায্য প্রদান কৰিবলৈ নির্দেশ দিয়ে ৷ 
 
তেওঁ এক্সত কয়, "জয়ছলমেৰত এখন বাছত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা ঘটনাটো অত্যন্ত হৃদয় বিদাৰক৷ এই কৰুণ দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত নাগৰিকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছো৷ আহতসকলৰ উপযুক্ত চিকিৎসা নিশ্চিত কৰাৰ লগতে ক্ষতিগ্ৰস্তসকলক সকলো ধৰণৰ সাহায্য প্ৰদান কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশনা দিয়া হৈছে৷।"
 
প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক গেহলটেও এই কৰুণ দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰে৷ তেওঁ কয়, "বাছত জুই লাগি ২০ জন লোকৰ প্ৰাণ হেৰুৱাটো হৃদয়বিদাৰক৷ বিদেহী আত্মাক শান্তি প্ৰদান কৰাৰ লগতে আহতসকলক শীঘ্ৰে আৰোগ্য লাভ কৰিবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো৷" 
 
তেওঁ লগতে এই দুখজনক ঘটনাৰ বাবেই কাইলৈ ​​পাটনাত মুখ্যমন্ত্ৰী ভজন লাল শৰ্মাই নিৰ্বাচনী প্ৰচাৰ স্থগিত ৰাখিছে৷ ইফালে জিলা প্ৰশাসনে যাত্ৰীসকলৰ আত্মীয়ক শেহতীয়া সকলো তথ্য প্ৰদান কৰিবলৈ ৯৪১৪৮০১৪০০, ৮০০৩১০১৪০০, ০২৯৯২-২৫২২০১, আৰু ০২৯৯২-২৫৫০৫৫ হেল্পলাইন নম্বৰ মুকলি কৰিছে৷