লোকসভাত গৃহীত হ'ল মহিলা সংৰক্ষণ বিধেয়ক

Story by  atv | Posted by   Imtiaz Ahmed • 2 Months ago
লোকসভা
লোকসভা
নতুন দিল্লী
 
বুধবাৰে ৪৫৪জন সদস্যই সপক্ষে ভোটদান কৰাৰ লগে লগে লোকসভাত মহিলা সংৰক্ষণ বিধেয়কখন গৃহীত হয়। দুজন সদস্যই ইয়াৰ বিৰোধিতা কৰি ভোটদান কৰে। এই বিধেয়কখনে লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ এক তৃতীয়াংশ আসন মহিলাৰ বাবে সংৰক্ষণ কৰিব বিচাৰিছে।
 
মঙলবাৰে চৰকাৰে উত্থাপন কৰি নতুন সংসদ ভৱনত উত্থাপন হোৱা প্ৰথমখন বিধেয়ক হিচাপে পৰিগণিত হয়। নীতি নিৰ্ধাৰণত মহিলাসকলৰ অধিক অংশগ্ৰহণ সক্ষম কৰিব বিচৰা আইনখন দলসমূহৰ মাজত একমতৰ অভাৱত ২৫ বছৰতকৈও অধিক সময় ধৰি বাকী আছে।
 
বুধবাৰে লোকসভাত এই বিধেয়ক সন্দৰ্ভত আলোচনা হয়। কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে বিধেয়কখন সমৰ্থন কৰে যদিও অ বি চি মহিলাৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে আৰু কোটা শীঘ্ৰে কাৰ্যকৰী কৰিব লাগে বুলি দাবী জনায়।
 
বিধেয়কখনৰ মতে, সমষ্টি সীমা নিৰ্ধাৰণৰ কচৰৎ কৰাৰ পিছত এই সংৰক্ষণ কাৰ্যকৰী হ’ব আৰু ১৫ বছৰলৈকে এই সংৰক্ষণ চলি থাকিব।
 
কেইবাগৰাকীও বিৰোধী নেতাই মহিলাৰ কোটা কাৰ্যকৰী কৰাৰ পূৰ্বে লোকপিয়ল আৰু সমষ্টি সীমা নিৰ্ধাৰণৰ প্ৰয়োজনীয়তাক লৈ প্ৰশ্ন উত্থাপন কৰি কয় যে ইয়াৰ ফলত এই প্ৰক্ৰিয়াতো পলম হ’ব।