বহু সপোন আৰু জীৱন হেৰাই গ'ল লালকিল্লাৰ বিস্ফোৰণত

Story by  PTI | Posted by  Munni Begum • 1 Months ago
লালকিল্লাৰ বিস্ফোৰণৰ ভুক্তভোগীৰ আত্মীয়ই শোকত ভাগি পৰা এক দৃশ্য
লালকিল্লাৰ বিস্ফোৰণৰ ভুক্তভোগীৰ আত্মীয়ই শোকত ভাগি পৰা এক দৃশ্য
 
লক্ষ্ণৌ / নতুন দিল্লী
 
লালকিল্লাৰ সমীপত সংঘটিত হোৱা অতি ভয়াৱহ বিস্ফোৰণে কেৱল দিল্লীৰ শান্তিয়ে ভংগ কৰা নাই, এই বিস্ফোৰণে দিল্লীৰ পৰা শ শ কিলোমিটাৰ দূৰৈৰ ঘৰসমূহো ধ্বংস কৰি পেলাইছে। যিবোৰত সম্প্ৰতি পৰিয়ালসমূহে মাত্ৰ তেওঁলোকৰ প্ৰিয়জনৰ আকস্মিক মৃত্যুৰ সৈতে মোকাবিলা কৰিবলৈ সংগ্ৰাম কৰি আছে।
 
শ্ৰাৱস্তি আৰু দেওৰিয়াৰ নিস্তব্ধ পথৰ পৰা আৰম্ভ কৰি মীৰাট, আমৰোহা আৰু শামলীৰ ব্যস্ত ৰাজপথলৈকে এই ভয়ংকৰ গাড়ীৰ বিস্ফোৰণৰ বলি হৈছিল কেৱল মাত্ৰ সাধাৰণ মানুহ। যিসকলৰ ভিতৰত আছিল পৰিয়ালক পোহপাল দিবলৈ আৰু তেওঁলোকৰ সপোন পূৰণৰ বাবে কাম কৰা টেক্সি আৰু ই-ৰিক্সা চালক, প্ৰসাধন সামগ্ৰীৰ দোকানৰ মালিক, ডিটিচি বাছৰ কণ্ডাক্টৰ।  
নিহতসকলৰ ভিতৰত শ্ৰাৱস্তি জিলাৰ গণেশপুৰ গাঁৱৰ ৩২ বছৰীয়া দীনেশ মিশ্ৰাও অন্তৰ্ভূক্ত আছিল, যিজনে তেওঁৰ পত্নী আৰু তিনিটা সন্তানৰ ভৰণ-পোষণৰ বাবে দিল্লীৰ চৌৰী বজাৰৰ এটা ছপাশালত কাম কৰি আছিল। লালকিল্লাৰ বিস্ফোৰণত বলি হোৱা এইজন যুৱকৰ আত্মীয়ই এল এন জে পি হাস্পতালৰ মৰ্গাৰ পৰিদৰ্শন শোকত ভাঙি পৰিছে। 
 
তেওঁৰ পিতৃ ভূৰে মিশ্ৰাই দীপাৱলী উপলক্ষে দিনেশে ঘৰলৈ অহাৰ কথা মনত পেলাই কয়, "তেওঁ এজন কঠোৰ পৰিশ্ৰমী ব্যক্তি আছিল। তেওঁ নিজৰ সন্তানক ভাল শিক্ষা দিব বিচাৰিছিল। আমি এতিয়াও বিশ্বাস কৰিব পৰা নাই যে তেওঁ আমাৰ মাজত নাই।"
 
জিলা দণ্ডাধীশ অশ্বিনী পাণ্ডেয়ে কয় যে, দীনেশৰ মৃতদেহ পুনৰ শ্ৰাৱস্তীলৈ অনাৰ কাম চলি আছে আৰু মঙলবাৰে সন্ধিয়াৰ ভিতৰত আহি পাব। পিটিআইৰ আগত তেওঁ কয় যে, আমি পৰিয়ালটোৰ সৈতে কথা পাতিছো আৰু সকলো ধৰণৰ সহায়ৰ আশ্বাস প্ৰদান কৰিছো।
 
মীৰুটত আন এটা পৰিয়ালক কেৱল শোকে জৰ্জৰিত কৰা নাই বৰং পুত্ৰৰ মৃতদেহ ক’ত সমাধিস্থ কৰা হব, সেয়ালৈও সৃষ্টি হোৱা বেদনাদায়ক বিবাদেও পৰিয়ালটোক ছিন্নভিন্ন কৰি পেলাইছে। ই-ৰিক্সা চলাই জীৱন নিৰ্বাহৰ বাবে দুবছৰ পূৰ্বে দিল্লীলৈ অহা ৩২ বছৰীয়া মহছিনে যাত্ৰী কঢ়িয়াই নিয়াৰ সময়ত হোৱা বিস্ফোৰণত মৃত্যুক আকোঁৱালি লৈছিল। 
 
লালকিল্লাৰ বিস্ফোৰণত বলি হোৱা এজন যুৱ আত্মীয়ই এল এন জে পি হাস্পতালৰ মৰ্গলৈ যোৱাৰ সময়তে শোকত ভাঙি পৰা এক দৃশ্য
 
তেওঁৰ মৃতদেহ গৃহ চহৰ লোহিয়া নগৰত উপস্থিত হোৱাৰ লগে লগে তেওঁৰ পত্নী চুলতানা আৰু পিতৃ-মাতৃৰ মাজত এক আৱেগিক মতানৈক্যৰ সৃষ্টি হৈছে। চুলতানাই তেওঁক দিল্লীত সমাধিস্থ কৰাটো বিচাৰিছিল, য’ত তেওঁলোকে বসতি স্থাপন কৰিছিল আৰু তেওঁলোকৰ সন্তানে তাতে পঢ়া-শুনা কৰি আছিল, আনফালে আকৌ তেওঁৰ পিতৃ-মাতৃয়ে তেওঁক মীৰুটত সমাধিস্থ কৰিবলৈ জোৰ দিছিল।
 
দুয়োপক্ষই চকুলোৰে ভাঙি পৰাত চুবুৰীয়া আৰু আত্মীয়ই মধ্যস্থতা কৰিবলৈ চেষ্টা কৰিছে। এজন চুবুৰীয়াই কয় যে, বিস্ফোৰণে মহছিনক লৈ গ’ল, কিন্তু এতিয়া তেওঁৰ পৰিয়ালটোও বিভাজিত হবলৈ গৈছে। কেইবা ঘণ্টা ধৰি উত্তেজনা আৰু আৰক্ষীৰ হস্তক্ষেপৰ অন্তত অৱশেষত চুলতানাই মহছিনৰ মৃতদেহটো সমাধিস্থ কৰিবলৈ দিল্লীলৈ যায়।   
 
শামলীৰ ২৮ বছৰীয়া নৌমন আনছাৰীয়ে যেতিয়া নিজৰ দোকানৰ বাবে প্ৰসাধন সামগ্ৰী কিনিবলৈ দিল্লীলৈ গৈছিল, তেতিয়া এই ভয়াৱহ বিস্ফোৰণটোৱে তেওঁৰ জীৱন কাঢ়ি লৈ গৈছিল। পিটিআইৰ আগত তেওঁৰ খুড়াক ফুৰকানে কয় যে, নৌমান থিতাতে নিহত হোৱাৰ বিপৰীতে তেওঁৰ এজন সম্পৰ্কীয় ভায়েক অমন আঘাতপ্ৰাপ্ত হৈ দিল্লীৰ লোক নায়ক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।   
 
নতুন দিল্লী ৰে'লৱে ষ্টেচনৰ ওচৰত কাম কৰা আত্মীয় সোণুৱে কয় যে, আজি পুৱাই খুড়াৰ পৰা মোলৈ এটা ফোন আহিল যে, "নৌমান আৰু নাই আৰু মোক এল এন জে পি হাস্পতাললৈ যাবলৈ কৈছিল।"
আমৰোহা জিলাৰ হাছানপুৰৰ ডিটিচিৰ কণ্ডাক্টৰ অশোক কুমাৰ (৩৪) নামৰ যুৱকজনে দিল্লীত কৰা চাকৰিৰ জৰিয়তে পৰিয়াল আৰু তেওঁৰ পিতৃ-মাতৃক পোহপাল দি আহিছিল। মৃত্যুৰ সময়ত তেওঁ পত্নী সোণম, কন্যা আৰোহী আৰু কাব্য (৮ আৰু ৫ বছৰীয়া) আৰু তিনি বছৰীয়া পুত্ৰ আৰৱক এই পৃথীৱিত এৰি থৈ যায়। পঞ্চায়তৰ সদস্য পিণ্টু ভাটীয়ে কয় যে, "অশোক আছিল পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী।"  
 
এই বিস্ফোৰণত হাছানপুৰৰ সাৰ বেপাৰী লোকেশ কুমাৰ আগৰৱাল (৫৮)ৰো মৃত্যু হৈছে। তেওঁ ছাৰ গংগা ৰাম হস্পিতালত ভৰ্তি হোৱা আত্মীয় এজনক চাবলৈ দিল্লীলৈ গৈছিল। চুবুৰীয়া যশপাল সিঙে কয় যে, লোকেশ আছিল এজন সদয় ব্যক্তি, যিয়ে সদায় আৰ্তজনক সহায় কৰি ভাল পাইছিল।  
 
এই বিস্ফোৰণত আহতসকলৰ ভিতৰত অন্যতম এগৰাকী হৈছে ২২ বছৰীয়া শিৱ জয়ছোৱাল। তেওঁৰ দেওৰিয়াত ভলুৱানী চহৰত এখন সৰু ৰেডিমেড কাপোৰ (গাৰ্মেণ্ট)ৰ দোকান আছিল। বিস্ফোৰণৰ দিনা তেওঁ উৎসৱৰ বাবে নতুন ষ্টক কিনিবলৈ দিল্লীলৈ গৈছিল।
 
তেওঁৰ ভগ্নী পূৰ্ণিমা জয়ছৱালে জনোৱা মতে, "বিস্ফোৰণৰ পূৰ্বে শিৱই সেইদিনা ফোন কৰিছিল যে, তেওঁ বজাৰ শেষ কৰি ঘৰলৈ উভতি অহাৰ আগতে তেওঁলোকৰ পেহীয়েকৰ ঘৰলৈ যাব। কিন্তু তাৰ পিছত আমি টিভিত বিস্ফোৰণৰ কথা শুনিলোঁ আৰু পিছত তেওঁক ফোন কৰিছিলো যদিও ফোনত পোৱা নগ'ল। পিছত আমি গম পালোঁ যে, তেওঁক এলএনজেপি হাস্পতালত ভৰ্তি কৰা হৈছে।"  
 
শিৱৰ মাতৃ স্থানীয় বিজেপি মহিলা মৰ্চাৰ কৰ্মী মায়া জয়ছৱালে কয় যে, তেওঁৰ পুত্ৰ জীয়াই থকাৰ বাতৰয়ে তেওঁক সকাহ দিছে যদিও এই ভয়াৱহ দুৰ্ঘটনাটোৱে তেওঁলোকক চুই গৈছে। এইবাৰ তেওঁলোকৰ ভাগ্য ভাল আছিল।"
 
লালকিল্লাৰ বিস্ফোৰণত বলি হোৱা লোকৰ আত্মীয়ই শোকত ভাঙি পৰা দৃশ্য
 
এই বিস্ফোৰণত নিহত হোৱা আন এজন ২২ বছৰীয়া পংকজ সাহনিয়ে ৰাজধানীত টেক্সি চলাই বিহাৰত থকা তেওঁৰ পৰিয়ালক ভৰণ-পোষণ দি আহিছিল। তেওঁৰ খুড়াক ৰামদেৱ সাহনীয়ে কয় যে, তেওঁ দিল্লীৰ কোতৱালি থানাৰ পৰা এটা ফোন কলৰ জৰিয়তে তেওঁৰ মৃত্যুৰ খবৰ লাভ কৰিছিল।  
 
মৰ্গৰ বাহিৰত ৰৈ থকা সাহনীয়ে কয়, "তেওঁ তিনি বছৰ ধৰি দিল্লীত টেক্সি চলাই আহিছিল। আমাক কোৱা হৈছিল যে, তেওঁৰ মূৰৰ পিছফালৰ অংশটো উৰি গৈছে। তেওঁৰ গাড়ীখন 'ৱেগনাৰ' সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে।"  
 
দিল্লী আৰক্ষীৰ মতে, এই বিস্ফোৰণত ১২ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২০ জনৰো অধিক আহত হয়, যিটো এতিয়া ৰাষ্ট্ৰীয় তদন্ত সংস্থাই সম্ভাৱ্য সন্ত্ৰাসবাদী আক্ৰমণ বুলি তদন্ত কৰি আছে। দিল্লী আৰু উত্তৰ প্ৰদেশকে ধৰি ইয়াৰ চুবুৰীয়া ৰাজ্যসমূহত বৰ্তমান উচ্চ-সতৰ্কতা জাৰি কৰা হৈছে।