মোদী চৰকাৰৰ বাজেটত মাদ্ৰাছাৰ আধুনিকীকৰণৰ বাবে ১০ কোটি টকা ধাৰ্য

Story by  Aasha Khosa | Posted by  [email protected] • 1 Years ago
দাৰুল উলুম দেওবন্দ মাদ্ৰাছা
দাৰুল উলুম দেওবন্দ মাদ্ৰাছা
 
নতুন দিল্লী

বুধবাৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত দাখিল কৰা ২০২৩-২৪ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেটৰ বিভাজনত প্ৰকাশ পাইছে যে সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ৰ বাবে আবণ্টন ধনৰ প্ৰায় ৬০ শতাংশ অব্যৱহৃত হৈ আছে। 
 
যোৱা বছৰ (২০২২-২৩) সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ৰ বাবে বাজেটত ৫,০২০.৬ কোটি টকা আবণ্টন দিয়া হৈছিল। কিন্তু ইয়াৰে মাত্ৰ ২০১২.৬৬ টকাহে ব্যৱহাৰ কৰা হৈছিল। সংশোধিত পৰিসংখ্যা (ব্যৱহৃত ধন)ত দেখা গৈছে যে আবণ্টিত ধনৰ মাত্ৰ ৪০ শতাংশহে সংখ্যালঘুসকলৰ বাবে ব্যৱহাৰ কৰা হৈছিল, মূলতঃ মুছলমানসকলৰ বাবে।
 
উল্লেখ্য যে, নৰেন্দ্ৰ মোদী চৰকাৰৰ শেষৰখন পূৰ্ণাংগ বাজেটত (২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাবে) স্মৃতি ইৰাণী নেতৃত্বাধীন সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ৰ বাবে ৩০৯৭.৬০ কোটি টকা আবণ্টন দিয়া হৈছে। ই পূৰ্বৰ বিত্তীয় বৰ্ষৰ সংশোধিত পৰিসংখ্যাতকৈ ৪৮৪.৯৪ কোটি টকা অৰ্থাৎ ১৮ শতাংশ বেছি।
 
নৰেন্দ্ৰ মোদী চৰকাৰৰ এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক এজেণ্ডা মাদ্ৰাছাৰ আধুনিকীকৰণৰ বাবে বৰ্তমানৰ বাজেটত ১০ কোটি টকা ধাৰ্য কৰা হৈছে। ইয়াক সংখ্যালঘু প্ৰতিষ্ঠানসমূহত শিক্ষক প্ৰশিক্ষণ আৰু বিদ্যালয়ৰ আন্তঃগাঁথনি বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰা হ’ব।
সংখ্যালঘু মন্ত্ৰালয়ৰ অধীনত প্ৰি-মেট্ৰিক বৃত্তি আঁচনিৰ বাবে ৪৩৩ কোটি টকা আৰু সংখ্যালঘু মূলতঃ মুছলমান ছাত্ৰ-ছাত্ৰীৰ বাবে মেট্ৰিকৰ পিছৰ বৃত্তিৰ বাবে ১,০৬৫ কোটি টকা আবণ্টন দিয়া হৈছে। সংখ্যালঘু আৰু শিপিনী সকলৰ দক্ষতা, উদ্যোগীকৰণ, আৰু নেতৃত্ব প্ৰশিক্ষণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা  সংঘালঘু মন্ত্ৰালয়ৰ দক্ষতামূলক পদক্ষেপ 'প্ৰধানমন্ত্ৰী বিৰাসত কা সংবৰ্ধন' (PM VIKAS)ৰ বাবে মুঠ ৫৪০ কোটি টকা আবণ্টন দিয়া হৈছে।
 
এই আঁচনিখন দক্ষতা বিকাশ আৰু উদ্যোগ মন্ত্ৰালয়ৰ স্কিল ইণ্ডিয়া মিছনৰ সৈতে একত্ৰিত হৈ আৰু স্কিল ইণ্ডিয়া পৰ্টেলৰ (এছআইপি) সৈতে একত্ৰিতকৰণৰ জৰিয়তে ৰূপায়ণ কৰাৰ উদ্দেশ্যে কৰা হৈছে। আঁচনিখনত পঞ্চদশ বিত্ত আয়োগ চক্ৰত প্ৰায় ৯ লাখ প্ৰাৰ্থীক লাভান্বিত কৰাৰ লক্ষ্যৰে উপাদান আছে, যাৰ ভিতৰত আছে দক্ষতা আৰু প্ৰশিক্ষণ উপাদান, পৰম্পৰাগত প্ৰশিক্ষণ উপ-উপাদান, অ-পৰম্পৰাগত দক্ষতা উপ-উপাদান, নেতৃত্ব আৰু উদ্যোগী উপাদান, আৰু শিক্ষা উপাদান।
 
তদুপৰি, বাজেটত পিএমজেৱাইকে (প্ৰধানমন্ত্ৰী জন বিকাশ কাৰ্যকৰম)ৰ বাবে ৬০০ কোটি টকা আৱণ্টন কৰা হৈছে। পি এম জে ৱাই জে হৈছে এক বিশেষ ক্ষেত্ৰ উন্নয়ন কাৰ্যসূচী, যাৰ উদ্দেশ্য হৈছে নিৰ্বাচিত সংখ্যালঘু অধ্যুসিত অঞ্চলসমূহৰ উন্নয়ন সাধন কৰা। প্ৰধানমন্ত্ৰী জন বিকাশ কাৰ্যকৰম হিচাপে ৰূপায়ণৰ বাবে এমএছডিপিৰ পুনৰ্গঠন কৰা হৈছে।
 
বাজেটত আবণ্টনৰ বাবে চলি থকা কেইবাখনো আঁচনি একত্ৰিত কৰা হৈছে যাতে ডুপ্লিকেচন নহয়। বাজেটত সমগ্ৰ দেশৰ ৱাকফ ব’ৰ্ডসমূহক তেওঁলোকৰ সম্পত্তি পৰিচালনাৰ ক্ষেত্ৰত দক্ষ কৰি তোলাৰ বাবে আবণ্টনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। বেদখল পৰীক্ষা কৰিবলৈ সকলো মাটিৰ সম্পত্তিৰ ডিজিটেল মেপিঙৰ বাবেও ৱাকফ ব’ৰ্ডে সহায় লাভ কৰিছে। ইয়াৰ উপৰিও ৱাকফ ব’ৰ্ডসমূহ কম্পিউটাৰাইজ কৰি সম্পত্তি, ভাড়া, আৰু অন্যান্য ৰাজহৰ উৎসৰ ৰেকৰ্ড ৰখা হৈছে।