নতুন দিল্লী
বহু অপেক্ষিত, দীর্ঘ সংগ্ৰামৰ পৰিণতি অযোধ্যাত শ্ৰীৰাম জন্মভূমি মন্দিৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ব ২২ জানুৱাৰীত। সেই দিনা ৰামলালাৰ প্ৰাণ প্রতিষ্ঠাত অংশগ্রহণ কৰি ৰাম জন্মভূমি মন্দিৰ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
বুধবাৰে প্ৰধানমন্ত্ৰীৰ বাসভবনত শ্ৰীৰাম জন্মভূমি তীর্থক্ষেত্র কমিটীৰ কৰ্মকর্তাসকলে সাক্ষাৎ কৰি প্রধানমন্ত্রী মোদীক মন্দিৰৰ প্রাণ প্রতিষ্ঠা অনুষ্ঠানলৈ আনুষ্ঠানিক আমন্ত্রণ জনায়। তাৰ পাচতে শ্ৰীৰাম জন্মভূমি তীর্থক্ষেত্ৰৰ পৰা টুইটত কোৱা হয়- শ্রীৰাম জন্মভূমি মন্দিৰত ভগবান ৰামলালাব শ্রীবিগ্রহৰ প্ৰাণ প্রতিষ্ঠা ২২ জানুৱাৰীত প্রধানমন্ত্রী মোদীৰ কৰকমলৰ দ্বাৰা সম্পন্ন হ'ব।
প্রধানমন্ত্রীক প্রাণ প্রতিষ্ঠা অনুষ্ঠানলৈ আমন্ত্রণ জনোৱাসকলৰ ভিতৰত আছিল ন্যাসৰ সচিবপ্রধান চম্পট বায়, নির্মাণ কমিটীৰ অধ্যক্ষ নৃপেন্দ্র মিশ্র প্রমুখ্যে শীর্ষস্থানীয় লোকসকল।
পাচত মিশ্রই জনায়- এই বছৰৰ ডিচেম্বৰৰ ভিতৰতে তিনি মহলাৰ মন্দিৰটোৰ প্ৰথম মহলাৰ নির্মাণ সম্পূর্ণ হৈ উঠিব। উল্লেখ্য যে ২০২০ চনৰ ৫ আগষ্টত অযোধ্যাত ৰাম মন্দিৰৰ আধাৰশিলা সমাপন কৰিছিল প্রধানমন্ত্রীয়ে। ২০১৯ চনত উচ্চতম ন্যায়ালয়ে ঐতিহাসিক ৰায়যোগে অযোধ্যাত ৰাম মন্দিৰৰ নিৰ্মাণৰ পথ প্রশস্ত কৰিছিল। প্রধানমন্ত্রী মোদীয়ে বুধবাৰে আমন্ত্রণ লাভব পাচতে এক টুইটত জনায়- এই দিনটো প্রতিজন ভাৰতীয়ৰ বাবে সদাস্মবণীয় হৈ ৰ'ব। ভগবান শ্রীৰামৰ আশীর্বাদ সদায় আমাৰ ওপৰত থাকক, ভাৰত প্ৰগতিৰ নতুন শিখৰলৈ ধাবমান হওক। প্ৰতিগৰাকী ভাৰতীয় স্বাস্থ্যবান আৰু সমৃদ্ধিশালী হওক।
ন্যাস কমিটীৰ আমন্ত্রণ গ্রহণ কৰি প্রধানমন্ত্রীয়ে এই মন্তব্য কৰে- এই ঐতিহাসিক মুহূর্তৰ সাক্ষী হ'বলৈ আমন্ত্রণ পাই মই সৌভাগ্যবান বুলি অনুভৱ কৰিছো। ২২ জানুৱাৰীত আনুষ্ঠানিকভাবে ৰাম মন্দিৰ উদ্বোধন হ'ব যদিও ১৪ জানুৱাৰীৰ মকৰ সংক্ৰান্তিৰ পাচৰ পৰাই দহ দিন বামলালাৰ প্ৰাণ প্রতিষ্ঠাৰ পূজা-অর্চনা আৰম্ভ হ'ব অযোধ্যাত।