পুডুচেৰী
দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূৱে কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীৰ মুখ্যমন্ত্ৰী হিচাপে পুনৰ এন ৰংগস্বামীক নিযুক্তি দিছে। শনিবাৰে চৰকাৰী অধিসূচনাৰ জৰিয়তে ৰাষ্ট্ৰপতিয়ে পুডুচেৰীৰ নতুন মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰে।
গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধিসূচনাত কোৱা হৈছে যে, ৰাষ্ট্ৰপতিগৰাকীয়ে এন ৰংগস্বামীক শপত গ্ৰহণৰ দিনৰ পৰা কাৰ্যকৰী হোৱাকৈ কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীৰ মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিছে। এই অধিসূচনাৰ পিছতে লেফটেনেণ্ট গৱৰ্ণৰ কে কৈলাশনাথনে ৰংগস্বামীক চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনাইছে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে।
সূত্ৰই লগতে কয় যে, ১৩ মে'ত ৰংগস্বামীয়ে মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব। যোৱা ৯ এপ্ৰিলত অনুষ্ঠিত কেন্দ্ৰীয় শাসিত অঞ্চলৰ নিৰ্বাচনত এআইএনআৰচি নেতৃত্বাধীন এনডিএই বিজয় সাব্যস্ত কৰাৰ পিছতে পঞ্চমবাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিবলৈ সাজু হৈছে ৰংগস্বামী।
এআইএনআৰচিয়ে প্ৰতিদ্বন্দ্বিতা কৰা ১৬ খন আসনৰ ভিতৰত ১২ খনে লাভ কৰাৰ সমান্তৰালকৈ বিজেপিয়ে ১০ খন আসনৰ ভিতৰত ৪ খন আসনত জয়লাভ কৰে। এনডিএৰ আন অংশীদাৰ এআইএডিএমকে আৰু এলজেকেই এখনকৈ আসন লাভ কৰি ৩০ জনীয়া বিধানসভাত মিত্ৰজোঁটৰ আসন ১৮ খনলৈ বৃদ্ধি কৰে। ইয়াৰ উপৰিও ৩ গৰাকী মনোনীত সদস্য থাকিব।
বিৰোধী দল ডিএমকেই ৫ খন আৰু কংগ্ৰেছে এখন আসন লাভ কৰে। টিভিকেই দুখন আসন লাভ কৰে। শুকুৰবাৰে জাৰি কৰা চৰকাৰী অধিসূচনা অনুসৰি ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূৱে ৭ মে'ৰ পৰা কাৰ্যকৰী হোৱাকৈ পুডুচেৰীৰ মুখ্যমন্ত্ৰী এন ৰংগস্বামী আৰু তেওঁৰ মন্ত্ৰী পৰিষদৰ পদত্যাগ গ্ৰহণ কৰিছে।