গুৱাহাটী
শিলচৰ-লামডিং ৰে'ল পথত ৰে'লৰ খুন্দাত ২০ টাৰো অধিক ম'হৰ মৃত্যু হয়। সোমবাৰে শিয়ালদাহৰ পৰা চাবৰুমৰ উদ্দেশ্যে যোৱা ১৭৩৭৩ কাঞ্চনজঙ্ঘা এক্সপ্ৰেছৰ খুন্দাত এই ঘটনাটো সংঘটিত হয়।
উত্তৰ পূব সীমান্ত ৰে'লৱেৰ সূত্ৰই জনোৱা মতে, সোমবাৰে দিনৰ ১১:৫৫ বজাত নিউ হাৰেঙ্গাজাও আৰু ডিটেকচৰা ষ্টেচনৰ মাজৰ ১১৯ /৮-৯ কিলোমিটাৰত ১৬ নম্বৰ ৰে'লৱে টানেলৰ ভিতৰত এই দুৰ্ঘটনাটো সংঘটিত হয়।
ইয়াৰ পিচতে ৰে'লৱেৰ ইঞ্জিনীয়াৰিং বিভাগৰ কৰ্মীসকল দুৰ্ঘটনাস্থলীত উপস্থিত হৈ কাঞ্চনজঙ্ঘা এক্সপ্ৰেছখনক নিউ হাৰেংগাজাও ষ্টেচনলৈ ওভতাই আনে । ইপিনে, বিয়লি চাৰি বজাত ৰে'ল লাইনৰ মেৰামতি কৰি প্ৰায় ৫ ঘণ্টা পিচত শিলচৰ- লামডিং ৰে'লপথটো যাতায়াতৰ বাবে পুনৰ সুচল কৰে।