শিৱসাগৰত পাৰপত্ৰ সেৱা কেন্দ্র স্থাপনৰ দাবী সাংসদ গৌৰৱ গগৈৰ

Story by  atv | Posted by  Munni Begum • 1 Years ago
সাংসদ গৌৰৱ গগৈ
সাংসদ গৌৰৱ গগৈ
নতুন দিল্লী

অসম তথা উত্তৰ-পূবৰ বানপানীৰ সমস্যাৰ ক্ষিপ্রগতিত সমাধান, উত্তৰ-পূবৰ দুৱাৰমুখ গুৱাহাটী মহানগৰীক বানমুক্ত কৰা, ডিব্ৰুগড়-শিৱসাগৰ- যোৰহাটৰ সৈতে ৰাজ্যখনৰ লগতে উত্তৰ-পূবৰ ৰে'ল যোগাযোগ সুচল কৰি তোলা, উত্তৰ-পূব সীমান্ত ৰে'লৱে'ত অসম তথা উত্তৰ-পূবৰ নিবনুৱাক নিযুক্তিৰ ব্যৱস্থা কৰাকে ধৰি বিভিন্ন সমস্যা সমাধানৰ বাবে শেহতীয়াকৈ সংসদত সৰৱ হৈ পৰা যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে সোমবাৰে অসমৰ শিৱসাগৰ জিলাত পাৰপত্ৰ সেৱা কেন্দ্র (পি এছ কে) স্থাপনৰ দাবী উত্থাপন কৰিছে।  

লোকসভাৰ বিৰোধী উপ-দলপতি গৌৰৱ গগৈয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰলৈ এই সন্দর্ভত এক পত্ৰ প্ৰেৰণ কৰি শিৱসাগৰ জিলাত এটা পাৰপত্ৰ সেৱা কেন্দ্ৰৰ প্রয়োজনীয়তাৰ বিষয়ে সদৰী কৰিছে। ঐতিহাসিক শিৱসাগৰৰ জনসাধাৰণৰ বাবে এটা পাৰপত্ৰ সেৱা কেন্দ্র অতিকে প্রয়োজনীয় বুলি উল্লেখ কৰি কয় যে জিলাখনৰ ছাত্ৰ- ছাত্রী, বিভিন্ন পেছাত জড়িত ব্যক্তি আৰু ব্যৱসায়ীৰ সংখ্যা বৃদ্ধিৰ বাবে পাৰপত্ৰ সেৱাৰ সহজ সুবিধা লাভ কৰাটো প্রয়োজনীয়। 

তেওঁ কয় যে, শিৱসাগৰত পাৰপত্ৰ সেৱা কেন্দ্ৰ স্থাপন কৰিলে বাসিন্দাসকলে অপৰিসীম সকাহ পোৱাই নহয়, ই অঞ্চলটোৰ সামগ্রিক উন্নয়নতো অৰিহণা যোগাব বুলি। সাংসদ গগৈয়ে বৈদেশিক পৰিক্ৰমা ম্যালয়ক তেওঁৰ অনুৰোধক অগ্রাধিকাৰ দি বিষয়টো অতি সোনকালে সমাধানৰ বাবে প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিবলৈ আহ্বান জনাইছে।