বাংগালুৰু
কৰ্ণাটক বিধানসভাই শুকুৰবাৰে এখন বিতৰ্কিত বিধেয়ক গৃহীত কৰে, য’ত ৰাজ্য চৰকাৰে প্ৰদান কৰা ঠিকাৰ কামত মুছলমান সম্প্ৰদায়ক সংৰক্ষণ প্ৰদানৰ প্ৰস্তাৱ দিয়া হৈছে। ছিদ্দাৰমাইয়া চৰকাৰৰ এই বিধেয়কত চৰকাৰী ঠিকাত মুছলমান সম্প্ৰদায়ৰ লোকৰ বাবে ৪ শতাংশ কোটা দিয়াৰ প্ৰস্তাৱ দিয়া হৈছে।
বিৰোধী বিজেপিয়ে এই প্ৰস্তাৱক “অসাংবিধানিক” বুলি অভিহিত কৰি আইনগতভাৱে প্ৰত্যাহ্বান জনোৱাৰ প্ৰতিশ্ৰুতি দিয়ে। হানী ট্ৰেপিং কেলেংকাৰীক লৈ বিধানসভাত বিশৃংখলতাৰ মাজতে বিধেয়কখন গৃহীত হয়।
বিজেপি নেতাসকলে সদনৰ মজিয়াত প্ৰতিবাদৰ ধুমুহাৰ সৃষ্টি কৰি শাসকীয় ছিদ্দাৰমাইয়া চৰকাৰৰ বিৰুদ্ধে শ্ল’গান দিয়ে আৰু তেওঁলোকক অধ্যক্ষৰ আসনত উঠি অহা দেখা যায়। ইয়াৰ পিছতে বিজেপি নেতাসকলে চাৰি শতাংশ কোটা বিধেয়কখন ফালি পেলায় আৰু অধ্যক্ষৰ গালৈ কাগজ-পত্ৰবোৰ নিক্ষেপ কৰে।
বিজেপিৰ বিধায়ক ভাৰত শ্বেট্টীয়ে কয়, ‘হানী ট্ৰেপিং কেলেংকাৰিৰ বিষয়ে আলোচনা কৰাৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীগৰাকীয়ে মুছলমানক চাৰি শতাংশ সংৰক্ষণ প্ৰদানৰ বিধেয়ক দাখিল কৰাত ব্যস্ত আছিল আৰু সেয়েহে আমি প্ৰতিবাদ কৰিছো। আমি কাৰো ক্ষতি কৰা নাই।”
শাসকীয় কংগ্ৰেছ চৰকাৰে সংখ্যালঘুৰ বাবে সামাজিক ন্যায় আৰু অৰ্থনৈতিক সুযোগ সুনিশ্চিত কৰাৰ দিশত এক পদক্ষেপ হিচাপে সংৰক্ষণ বিধেয়কৰ সমৰ্থন কৰাৰ বিপৰীতে বিৰোধী বিজেপিয়ে তুষ্টিকৰণৰ ৰাজনীতিত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰে। বিধেয়কখনৰ বিধান অনুসৰি চৰকাৰী নিবিদাত মুছলমান ঠিকাদাৰে চাৰি শতাংশ কোটা লাভ কৰিব, যাৰ ফলত তেওঁলোকে ৰাজহুৱা ঠিকাৰ বাবে অধিক ফলপ্ৰসূভাৱে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব পাৰিব।
মুখ্যমন্ত্ৰী ছিদ্দাৰমাইয়াই কয় যে এই ব্যৱস্থা চৰকাৰৰ সৰ্বাংগীন উন্নয়ন আৰু সঁহাৰিমূলক ব্যৱস্থাৰ প্ৰতি দায়বদ্ধতাৰ সৈতে মিল আছে।