শতানন্দ ভট্টাচাৰ্য
পলমকৈ পোহৰলৈ আহিলেও বৰাক উপত্যকাৰ কৰিমগঞ্জ জিলাৰ এখন গাওঁত প্ৰলয়নকাৰী বানৰ সময়ত সাম্প্ৰদায়িক সম্প্ৰীতিৰ এটা ঘটনাই প্ৰমাণ কৰি দিলে যে ৰাজনৈতিক মুনাফাৰ বাবে ধৰ্মীয় মেৰুকৰণ কৰা হলেও মানুহে কিন্তু এতিয়াও মানৱতাবোধ হেৰুৱা নাই।
জানিবপৰা মতে, ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী কৰিমগঞ্জ জিলাৰ লক্ষ্মীবাজাৰ গাওঁ পঞ্চায়েতৰ নাৰিখলি গাওঁ কুছিয়াৰা নৈৰ পানীয়ে সম্পূৰ্ণৰূপে বুঢ়াই পেলাইছিল আৰু তেতিয়া এলেকাত থকা চাৰিটা মুছলমান পৰিয়ালক নিজৰ ঘৰত লৈ আহে মৃন্ময় দাস নামৰ এজন স্থানীয় হিন্দু বাসিন্দাই। দাস পৰিয়ালটো এলেকাৰ সম্ভ্রান্তশালী বাসিন্দা। এলেকাবাসী পৰিয়ালটো থকা ঘৰক 'দাসবাৰী' হিচাপে জানে।চাৰিটা মুছলমান পৰিয়ালৰ সদস্যৰ থকা খোৱাৰ বাবে একেলগে ব্যৱস্থা কৰা হয়। খোৱা বনোৱা হয় একেটা চুলিত। দুৰ্যোগ, গতিকে জাতপাতৰ কোনো ঠাই নাই।
পৰিয়ালটোৰ মুৰব্বী মৃন্ময় দাসে কয় যে দুৰ্যোগৰ সময়ত ওচৰত থকা মানুহবোৰই আচল আত্মীয় হয়। আৰু বিপদত যদি ওচৰৰ মানুহবোৰ আগুয়াই নাহে তেন্তে মানুহ হিচাপে কোনে আহিব? এয়াই মানৱতা। স্বামী বিবেকানন্দই কৈছিল "জীৱে প্ৰেম কৰে যেইজন সেইজন সেৱীছে ঈশ্বৰ" (জীৱৰ সেৱাই ভগৱানৰ সেৱা)। মৃন্ময়বাবুয়ে মানবসেৱাৰ সেই কথাটো বিশ্বাস কৰি সহায়ৰ বাবে আগবাঢ়ি আহিছিল। মৃন্ময়বাবুয়ে কয় যে মানুহ মানুহৰ বাবে এই কথাটো কোনেও অস্বীকাৰ কৰিব নোৱাৰে আৰু এই দৰ্শনলৈ তেওঁৰ পৰিয়ালে ধৰ্মৰ কথা চিন্তা নকৰি মানুহক সাহায্য কৰাৰ বাবে আগুয়াই আহিছিল।
তেওঁ কয় যে দুৰ্যোগৰ সময়ত হিন্দু মুছলমান জাতপাত বিচাৰ নকৰি সহায়ৰ বাবে আগুৱাই অহা উচিত। তেওঁৰ মতে ধৰ্মলৈ অযথা লেতেৰা ৰাজনীতি কৰি এটা অংশই সমাজত অশান্তি সৃষ্টি কৰে গতিকে এইবিলাগৰ উৰ্দ্ধত উঠি কাম কৰাৰ বাবে আহ্বান জনায়। মানুহৰ বিপদৰ সময়ত আগুৱায়ই অহাটোৱে হৈছে মানৱধৰ্ম।
আশ্ৰয়হীন হৈ পৰা বানপীড়িত লোকসকলে নাওঁত আশ্ৰয় লৈছে
আশ্ৰয় লোৱা চাৰিটা মুছলিম পৰিয়ালৰ ফালৰ পৰা কবিৰ হুছেইনে কয় যে তেওঁলোগ কৃতজ্ঞতা প্ৰকাশ কৰাৰ কোনো ভাষা বিচাৰি পোৱা নাই দাস পৰিয়ালৰ এনে মানৱতাবোধ দেখি। কিছু এনে মানুহ সমাজত আছে বুলিয়ে আজি সমাজখনত মানৱতাবোধ জীয়াই আছে বুলি তেওঁ কয়।
অসমৰ বান পৰিস্থিতি অপৰিৱৰ্তিত
সৰ্বধৰ্ম সমন্বয় সভাৰ সাধাৰণ সম্পাদক এইচ এম আমিৰ হুছেইনে এনে মানৱতাবোধৰ বাবে ধন্যবাদ জনায় দাস পৰিয়ালটোক । তেওঁ কয় যে এই ঘটনাটোৱে প্ৰমাণ কৰিলে যে ধৰ্ম নহয় মানৱতাই আচল ।