অসমত নতুন বিনিয়োগকাৰীৰ হাৰ ২৮ শতাংশ বৃদ্ধি

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
গুৱাহাটী
 
বিগত প্রায় তিনিটা বর্ষত অসমত বৃদ্ধি পাইছে শ্বেয়াৰ বজাৰত বিনিয়োগ কৰা লোকৰ সংখ্যা। বিশেষকৈ কোৰোনা মহামাৰীৰ পিচৰে পৰা অসমৰ লগতে সমগ্র দেশতে এই বিনিয়োগকাৰীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। যোৱা এটা বছৰত অসমত নতুন বিনিয়োগকাৰীৰ হাৰ ২৮.১৯ শতাংশ বৃদ্ধি হৈছে। 
 
সম্প্রতি ৰাজ্যখনত পঞ্জীয়নভুক্ত বিনিয়োগকাৰীৰ সংখ্যা হৈছে ৩১,৬১,১৮০ গৰাকী। বিগত এবছৰত সংযোজন হৈছে ৬,৯৫,০৭৭ গৰাকী। কেৱল অসমতেই নহয়, সমগ্র দেশতে মুঠ পঞ্জীয়নভুক্ত বিনিয়োগকাৰীৰ সংখ্যা বৃদ্ধি পায় ১৫,০২,৮৩,৫৮৬ গৰাকী হৈছেগৈ। অর্থাৎ এবছৰত ২৬ শতাংশ বৃদ্ধি পায় বিনিয়োগকাৰীৰ সংখ্যা। 
 
অসমৰ লগতে উত্তৰ-পূবৰ আন ৰাজ্যকেইখনতো শ্বেয়াৰ বজাৰৰ বিনিয়োগকাৰীৰ হাৰ বৃদ্ধি হৈছে। যোৱা এবছৰত অৰুণাচল প্রদেশত ৪৭ শতাংশ বৃদ্ধি হৈ ৪৮,৫৯৭ গৰাকী, মণিপুৰত ১৯ শতাংশ বৃদ্ধিৰে ১,৩৫,১১৩ গৰাকী, মেঘালয়ত ৩৬ শতাংশ বৃদ্ধিৰে ৭৩,৯৪৯ গৰাকী, মিজোৰামত ৬০ শতাংশ বৃদ্ধিৰে ২০,৪৬৬ গৰাকী, নাগালেণ্ডত ৩৮ শতাংশ বৃদ্ধিৰে ৫১,৭৪১ গৰাকী, ছিকিমত ২৮ শতাংশ বৃদ্ধিৰে ৩৯,৩১০ গৰাকী আৰু ত্ৰিপুৰাত ৪৩ শতাংশ বৃদ্ধিৰে ১,৯০,২৯১ গৰাকী খুচুৰা বিনিয়োগকাৰী বৃদ্ধি হৈছে। 
 
উল্লেখ্য যে সমগ্র দেশৰ ভিতৰতে সৰ্বাধিক খুচুৰা বিনিয়োগকাৰ আছে মহাৰাষ্ট্ৰত। ৰাজ্যখনত মুঠ বিনিয়োগকাৰীৰ সংখ্যা হৈছে ২,৮৯,৮৫,৮১৬ গৰাকী। আনহাতে ১,৫৪,১৮,০৭৪ গৰাকীৰে উত্তৰ প্রদেশ দ্বিতীয় স্থানত থকাৰ বিপৰীতে ১,৪৪,০৩,৮০২ গৰাকী খুচুৰা বিনিয়োগকাৰীৰে তৃতীয় স্থানত আছে গুজৰাট।


শেহতীয়া খবৰ