গুৱাহাটী
২০২৪ ৰ স্বাধীনতা দিৱসৰ দিনটোত বিভিন্ন স্থানত আই ই ডি বিস্ফোৰণ ঘটোৱাৰ ষড়যন্ত্ৰত সৈতে জড়িত থকাৰ অভিযোগত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ NIA-য়ে আলফা (স্বাধীন)ৰ মুৰব্বী পৰেশ বৰুৱাসহ ৩ জনৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছে। শনিবাৰে ৰাষ্ট্ৰী তদন্তকাৰী সংস্থাটোৱে এই তথ্য প্ৰকাশ কৰিছে।
শনিবাৰে বিষয়াসকলে ঘোষণা কৰে যে, পৰেশ অসম আৰু জামান ভাইকে ধৰি কেইবাটাও ছদ্মনামেৰে পৰিচিত বৰুৱাই সহযোগীসকলৰ সৈতে স্বাধীনতা দিৱসৰ উদযাপনত ব্যাঘাত জন্মাবলৈ এই আক্ৰমণ সংঘটিত কৰাৰ পৰিকল্পনা কৰিছিল।
অভিযোগনামাত উল্লেখ কৰা মতে, পৰেশ বৰুৱা যাক পৰেশ অসম, কামৰুজ জামান খান, নুৰ-উজ-জামান, জামান ভাই, প্ৰদীপ, পবন বৰুৱা আদি নামেৰেও জনা যায়, তেওঁ নিষিদ্ধ ঘোষিত আলফা (স্বাধীন)ৰ অধ্যক্ষ আৰু স্বঘোষিত কামাণ্ডাৰ-ইন-চীফ।
এইগৰাকী পৰেশ বৰুৱাৰ তেওঁৰ লগতে অভিজিত গগৈ ওৰফে অভিজিৎ অসম আৰু জাহ্নু বৰুৱা ওৰফে অৰ্ণৱ অসম ওৰফে হুন্টুৰ নামো এই অভিযোগনামাত উল্লেখ কৰা হৈছে। তেওঁলোকৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতা, অবৈধ কাৰ্যকলাপ (নিষেধাজ্ঞা) আইন (UAPA), আৰু বিস্ফোৰক পদাৰ্থ আইনৰ অধীন বিভিন্ন ধাৰাত অভিযোগ অনা হৈছে।
NIA-ৰ তদন্তত পোৱা প্ৰকাশ পোৱা মতে, ২০২৪ চনৰ স্বাধীনতা দিৱসত গুৱাহাটীস্থিত দিছপুৰ লাষ্ট গেটত আলফা (স্বাধীন)-এ IED পুতি ৰাখিছিল। তাৰোপৰি আন কেইবাটাও স্থানত আই ই ডি সংস্থাপিত কৰাৰ অভিযোগ উঠিছিল। NIA-এ ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত এই তদন্তৰ দায়িত্ব লৈছিল আৰু সেই তদন্তৰ অন্তত গুৱাহাটীস্থিত আদালতত আনুষ্ঠানিকভাৱে অভিযোগনামা দাখিল কৰিছে।