জেহাদ নহয়, পবিত্ৰ কোৰাআনে ভাতৃত্ববোধ আৰু বন্ধুত্বৰ বাৰ্তা দিছেঃ ডি জি পি ভাস্কৰ জ্যোতি মহন্ত

Story by  atv | Posted by  [email protected] • 1 Years ago
আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত
আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত
গুৱাহাটী

অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই মুছলিম সম্প্ৰদায়ৰ যুৱ প্ৰজন্মক পবিত্ৰ কোৰআন পঢ়িবলৈ আহ্বান জনাইছে। ধৰ্মগ্ৰন্থ কোৰাআনে ভাতৃত্ববোধৰ শিক্ষা দিয়ে, বন্ধুত্বৰ শিক্ষা দিয়ে বুলি উল্লেখ কৰি সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে কোৰআন পঢ়িলে যুৱ প্ৰজন্মই প্ৰকৃত ইছলাম বুজি পাব। অসমত আজি জেহাদীৰ বিৰুদ্ধে চলা অভিযান সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মহন্তই এই মন্তব্য আগবঢ়ায়। 
 
উল্লেখ্য যে, অসম আৰক্ষীৰ এক বৃহৎ অভিযানত আজি কেইবাজনো জেহাদী লিংকমেন জালত পৰিছে। মৰিগাঁও জিলাৰ অন্তৰ্গত মৈৰাবাৰীত মাদ্ৰাছাৰ পৰা জেহাদীৰ কাৰ্যকলাপ নিয়ন্ত্ৰিত হোৱাৰ ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে। জেহাদী সংগঠনৰ ধনেৰে মাদ্ৰাছা চলাৰো অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে মৈৰাবাৰীত জেহাদীৰ ঘাটি চলোৱা জমিউল হুদা মাদ্ৰাছাখন ছীল কৰি দিছে আৰক্ষীয়ে।
 
ইফালে, জেহাদীক ছীম কাৰ্ড যোগান ধৰাৰ অভিযোগত লিংকমেন মুফতি মুস্তাফাক গ্ৰেপ্তাৰ কৰা হৈছে।  তেওঁৰ বেংকৰ পাছবুকত বাংলাদেশৰ টকা–পইচা লেনদেনৰ তথ্য পোহৰলৈ আহিছে। 
 
অন্য আৰক্ষী আৰু সেনা বিষয়াৰ সৈতে ডি জি পি ভাস্কৰ জ্যোতি মহন্ত
 
আনহাতে, বঙাইগাঁৱৰ ধৃত জেহাদী আব্বাছক লৈ আৰক্ষীয়ে  অভিযান চলায়। এই অভিযানত বাংলাদেশৰ মেহবুব নামৰ জেহাদীটো পলায়ন কৰিবলৈ সক্ষম হয়।  জামিউল হুদা মাদ্ৰাছাত আশ্ৰয় গ্ৰহণ কৰি আছিল মেহবুবে। 
 
জেহাদী গ্ৰেপ্তাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়; " আজি মৈৰাবাৰীৰ এখন মাদ্ৰাছাৰ শিক্ষকক বাংলাদেশী এটা জেহাদী গ্ৰুপৰ লগত থকা সম্পৰ্কৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে। ইতিমধ্যে সেই মাদ্ৰাছাখন বন্ধ কৰি দিয়া হৈছে। সেই মাদ্ৰাছাখনৰ ছাত্ৰ-ছাত্ৰীসকলক সাধাৰণ স্কুললৈ লৈ যোৱাৰ ব্যৱস্থা কৰাৰ বাবে জিলা উপায়ুকক দায়িত্ব দিয়া হৈছে। বৰপেটাতো এটা ডাঙৰ জেহাদী গ্ৰুপক গ্ৰেপ্তাৰ কৰা হৈছে আৰু এই গ্ৰুপটোৰ বাংলাদেশৰ এটা জেহাদী চক্ৰৰ লগত থকা লেনদেনৰ প্ৰমাণ আমাৰ মাজত আহি পৰিছে।"
 
প্ৰতিনিধিত্বমূলক ফটো
 
আৰক্ষীৰ অভিযানৰ পিছত জেহাদী সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই কয়; "জেহাদী গোট সমূহে অসমক লক্ষ্য কৰি লৈছে। জেহাদী সংগঠন সমূহে বিভিন্নধৰণৰ উচতনি মূলক বাৰ্তা প্ৰেৰণ কৰি আমাৰ অসমৰ যুৱ সমাজক বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰি আহিছে। কিন্তু আমাৰ অসমৰ যুৱক-যুৱতীয়ে এতিয়ালৈ এনেকুৱা উচতনিমূলক কথাৰ ফলত বিশেষ প্ৰভাৱিত হোৱা দেখা নাই। মুছলমান যুৱ সমাজে  ইছলাম ধৰ্মীয় অন্য গ্ৰন্থ পঢ়াতকৈ কোৰাআন পঢ়াটো উত্তম। কাৰণ কোৰআনত ভাতৃত্ববোধ আৰু বন্ধুত্বৰ কথা কোৱা হৈছে। তাত কোনো ধৰণৰ জেহাদৰ কথা কোৱা হোৱা নাই। ইতিমধ্যে আমি জেহাদীৰ বিৰুদ্ধে চলোৱা অভিযানত সফল হৈছোঁ।"
 
উল্লেখযোগ্য যে সৰুচলা নামৰ এখন ছোৱালী মাদ্ৰাছাৰ পৰা জেহাদী সন্দেহত আন ৮ জনক গ্ৰেপ্তাৰ কৰিছে। বৰ্তমানলৈ আটক কৰা প্ৰত্যেকজন জেহাদীক আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে।