দ্বিতীয় পৰ্যায়ৰ বাবে অধিসূচনা জাৰি; প্ৰথম পৰ্যায়ত দুজনৰ মনোনয়ন নাকচ

Story by  atv | Posted by  [email protected] • 29 d ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
গুৱাহাটী
 
প্রথম পৰ্যায়ৰ নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিব বিচৰা দুজন প্ৰাৰ্থীৰ মনোনয়নপত্র নাকচ হৈছে। কাজিৰঙা লোকসভা সমষ্টিৰ আৰু শোণিতপুৰ সমষ্টিৰ এজনকৈ প্ৰাৰ্থীৰ মনোনয়নপত্ৰ নাকচ হৈছে। 
 
 
আজি মনোনয়নপত্ৰ পৰীক্ষাৰ অন্তত কাজিৰঙাত ১১জন, শোণিতপুৰত ৮জন, লখিমপুৰত ৯জন, ডিব্ৰুগড়ত ৩জন আৰু যোৰহাটত ৫জন, মুঠ ৩৬ জন প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষিত হৈছে। এই পাঁচোটা সমষ্টিৰ বাবে অহা ৩০ মার্চ হৈছে মনোনয়নপত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন। 
 
ইপিনে, দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি কৰা হৈছে। দ্বিতীয় পৰ্যায়ত দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও লোকসভা সমষ্টিত অহা ২৬ এপ্রিলত ভোটগ্রহণ কৰা হ'ব। এই পাঁচোটা সমষ্টিৰ বাবে অহা ৮ এপ্রিল হৈছে মনোনয়ন-পত্র দাখিলৰ অন্তিম দিন। 
 
শোণিতপুৰ লোকসভা সমষ্টিৰ আজি মনোনয়ন পৰীক্ষাৰ অন্তত এগৰাকী প্ৰাৰ্থীৰ মনোনয়পত্র নাকচ হয়। মনোনয়নপত্র নাকচ হোৱা প্ৰাৰ্থীগৰাকী হ'ল মহেন্দ্ৰ ওৰাং। মহেন্দ্ৰ ওৰাঙে নির্দলীয় প্রার্থী হিচাপে মনোনয়নপত্র দাখিল কৰিছিল। 
 
উল্লেখ্য, শোণিতপুৰ লোকসভা সমষ্টিত এইবাৰ প্রতিদ্বন্দ্বিতাৰ বাবে মুঠ ৯গৰাকী প্রার্থীয়ে মনোনয়নপত্র দাখিল কৰিছিল। মনোনয়নপত্র গৃহীত হোৱা প্রার্থীকেইগৰাকী হ'ল কংগ্ৰেছৰ প্ৰেমলাল গঞ্জ, বিজেপিৰ ৰঞ্জিৎ দত্ত, বি পি এফৰ ৰাজু দেউৰী, আম আদমী পাৰ্টীৰ ঋষিৰাজ কৌন্দিন্য, বহুজন মহাপাৰ্টীৰ আলম আলী, ভোটাৰ্ছ পাৰ্টী ইণ্টাৰনেচনেলৰ কামেশ্বৰ স্বৰ্গীয়াৰী, গণ সুৰক্ষা পাৰ্টীৰ ৰিংকু ৰয় আৰু নিৰ্দলীয় প্রার্থী প্রদীপ ভাণ্ডাৰী। 
 
গোলাঘাট জিলাৰ জিলা নির্বাচন বিষয়াৰ কাৰ্যালয়ৰ সভাকক্ষত কাজিৰঙা সংসদীয় সমষ্টিৰ বাবে দাখিল কৰা মনোনয়নপত্ৰসমূহৰ আজি পৰীক্ষণ প্রক্রিয়া সম্পন্ন কৰা হয়। কাজিৰঙা সংসদীয় সমষ্টিৰ বাবে ১২গৰাকী প্রার্থীয়ে সৰ্বমুঠ ১৯খন মনোনয়নপত্র দাখিল কৰিছিল। আজি প্রার্থী, প্রতিনিধি আৰু সাধাৰণ পর্যৱেক্ষক এম জে প্রদীপ চন্দ্ৰেনৰ উপস্থিতিত কাজিৰঙা সংসদীয় সমষ্টিৰ ৰিটার্নিং বিষয়া ডাঃ পি উদয় প্রবীণে মনোনয়নপত্ৰসমূহৰ পৰীক্ষণ কৰে। 
 
দাখিল কৰা মনোনয়নপত্ৰসমূহৰ ভিতৰত ১৮খন মনোনয়নপত্র গ্রহণ কৰা হয় আৰু এখন মনোনয়নপত্র বয়সৰ সীমাৰেখাৰ তলত হোৱাৰ বাবে নাকচ কৰা হয়। পৰীক্ষণ প্ৰক্ৰিয়াৰ অন্তত মুঠ ১১গৰাকী প্ৰাৰ্থীৰ মনোনয়নপত্র গ্রাহ্য বুলি ঘোষণা কৰা হয়। তেওঁলোক হ'ল- বিজেপিৰ কামাখ্যা প্রসাদ তাছা, কংগ্ৰেছৰ ৰ'জলীনা তিকী, ভাৰতীয় গণ পৰিষদৰ শৈলেন চন্দ্ৰ মালাকাৰ, অসম জন মৰ্চাৰ চেলিম আহমেদ, নির্দলীয় প্রার্থী বিনোদ গগৈ, দিলোৱাৰা বেগম চৌধুৰী, আব্দুল হক, ত্ৰিদিৱজ্যোতি ভূঞা, জ্যোতিষ্ক ৰঞ্জন গোস্বামী, ভোটাৰ্ছ পার্টী ইণ্টাৰনেচনেলৰ অণিমা ডেকা গুপ্তা আৰু ৰিপাব্লিকান পার্টী অব্ ইণ্ডিয়া (আঠাৱালে)ৰ ছালেহ আহমেদ মজুমদাৰ।