আইনী মেৰপেঁচত পৰি নিৰাশ এন আৰ আই

Story by  atv | Posted by  [email protected] • 1 Years ago
আইনী মেৰপেঁচত পৰি নিৰাশ  এন আৰ আই
আইনী মেৰপেঁচত পৰি নিৰাশ এন আৰ আই
 
গুৱাহাটী
 
মেধাৰ পৰিবৰ্তে ডলাৰক অগ্ৰাধিকাৰ দি ৰাজ্য চৰকাৰে এম বি বি এছ পাঠ্যক্ৰমৰ আসন এন আৰ আইক বিক্ৰী কৰা প্ৰসংগটো আইনী মেৰপেঁচত সোমাই পৰাৰ পিচতে এই প্ৰক্ৰিয়াৰ হিতাধিকাৰী প্ৰাৰ্থীসকল অনিশ্চয়তা, উদ্বিগ্নতাত ভুগিছে। ৰাজ্যৰ শ শ মেধাৱী প্ৰাৰ্থীক বঞ্চনা কৰি একমাত্ৰ ডলাৰৰ লোভত ৰাজ্য চৰকাৰৰ কেবিনেটে এম বি বি এছৰ ১০ শতাংশ আসন এন আৰ আইক বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছিল। 
 
 
এই সিদ্ধান্তমর্মে চলিত শিক্ষা বৰ্ষত ৩৩ গৰাকী প্ৰাৰ্থীয়ে এন আৰ আই কোটাত ৰাজ্যৰ মেডিকেল কলেজসমূহত এম বি বি এছৰ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে বাছনিভুক্ত হৈছিল। ইয়াৰে ভিতৰত নীটত ১৪২ নম্বৰ পোৱা প্রার্থীয়েও এম বি বি এছ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে বাছনিভুক্ত হয়। মেধাৰ পৰিবৰ্তে বিদেশী মুদ্ৰাক অগ্রাধিকাৰ দি ৰাজ্য চৰকাৰে চিকিৎসা শিক্ষাত সূচনা কৰা এই কলংকিত অধ্যায়ক লৈ ৰাজ্যজুৰি সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ মাজতে এগৰাকী প্ৰাৰ্থীয়ে বিষয়টো সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয়। 
 
উচ্চতম ন্যায়ালয়ে যোৱা ২৫ আগষ্টত এই আবেদনৰ শুনানি লৈ এন আৰ আই কোটাত অসমৰ চিকিৎসা মহাবিদ্যালয়ত নামভর্তি প্রক্রিয়াত স্থগিতাদেশ জাৰি কৰে। ইয়াৰ লগে লগে ডলাৰৰ বলত চিকিৎসক হোৱাৰ পৰিকল্পনা কৰা একাংশ প্রার্থী আৰু তেওঁলোকৰ অভিভাৱকসকল স্বাভাৱিকতে দুশ্চিন্তাত পৰিছে। উচ্চতম ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰাৰ পূৰ্বে এইবেলি অসমৰ চিকিৎসা পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে এন আৰ আই কোটাত বাছনিভুক্ত হোৱা ৩৩ গৰাকী প্ৰাৰ্থীৰ ২৩ গৰাকীয়েহে মাচুল আদায় দি নামভৰ্তি কৰাত সফল হৈছে। 
 
বাকী ১০ গৰাকী প্ৰাৰ্থীয়ে নামভৰ্তিৰ বাবে প্রবাসী আত্মীয়ৰ জৰিয়তে বিদেশী মুদ্ৰাৰ মাচুল জমা দিব নোৱাৰিলে। দৰাচলতে বিষয়টো আইনী মেৰপেঁচত সোমাই পৰাৰ লগে লগে একাংশ এন আৰ আয়ে তেওঁলোকৰ আত্মীয়ৰ সতি- সন্ততিক এম বি বি এছত নামভৰ্তিৰ বাবে প্ৰয়োজনীয় মাচুল আদায় দিয়াৰ পৰা বিৰত থাকে। স্বাস্থ্য বিভাগৰ এক সূত্ৰই জনোৱামতে একাংশ এন আৰ আয়ে এম বি বি এছৰ নামভৰ্তিৰ প্ৰসংগটোক লৈ সৃষ্টি হোৱা বিতৰ্ক আৰু আইনী জটিলতাৰ পিচত শংকাত ভুগিছে। 
 
তদুপৰি এন আৰ আই কোটাত নামভৰ্তিৰ বাবে বাছনিভুক্ত হোৱা প্ৰাৰ্থীগৰাকীক সংশ্লিষ্ট প্রবাসী আত্মীয়ই তেওঁৰ বেংক একাউণ্টৰ পৰা মাচুলৰ ধন আদায় দিব লাগিব বুলি চৰকাৰে নির্দেশনা দিছে। এনেক্ষেত্ৰত একাংশ এন আৰ আয়ে বিষয়টোক লৈ ভৱিষ্যতে সৃষ্টি হ'ব পৰা জটিলতা আদিৰ বাবেও এনে প্ৰক্ৰিয়াৰে আত্মীয়ৰ সতি- সন্ততিক চিকিৎসক হিচাপে গঢ়ি তোলাৰ আশা বাদ দিয়া বুলি জনা গৈছে। 
 
চলিত বৰ্ষত অসমৰ চিকিৎসা মহাবিদ্যালয়সমূহত এন আৰ আই কোটাত নামভৰ্তিৰ বাবে মুঠ ৫০ গৰাকী প্ৰাৰ্থীয়ে আবেদন জনাইছিল। ইয়াৰে ৩৩ গৰাকীক চিকিৎসা শিক্ষা সঞ্চালকালয়ে নামভৰ্তিৰ বাবে বাছনিভুক্ত কৰিছিল। কিন্তু বিতৰ্ক আৰু আইনী জটিলতাৰ বাবে ১০ গৰাকী প্ৰাৰ্থীয়ে এইবাৰ নামভৰ্তি কৰিব নোৱাৰিলে। যি ২৩ গৰাকীয়ে নামভৰ্তি কৰিছে তেওঁলোকৰ ভবিষ্যৎ এতিয়া উচ্চতম ন্যায়ালয়ত ওলমি আছে। কাৰণ সর্বোচ্চ ন্যায়ালয়ে বিষয়টোক লৈ সময়ত কি ৰায় প্ৰদান কৰে সেয়া পূর্বানুমান কৰিব নোৱাৰি। এই প্ৰক্ৰিয়াটোৰ বিপক্ষে সর্বোচ্চ ন্যায়ালয়ে ৰায় প্ৰদান কৰিলে ২৩ গৰাকী প্ৰাৰ্থীৰ ভৱিষ্যৎ কি হ'ব তাক লৈ প্ৰাৰ্থীসকলৰ লগতে তেওঁলোকৰ অভিভাৱকসকলো উদ্বিগ্ন হৈ পৰিছে। 
 
উল্লেখযোগ্য যে মেধা আৰু যোগ্যতাৰ বলত এম বি বি এছ পাঠ্যক্ৰমত নামভৰ্তি কৰাৰ সুযোগ পোৱা প্ৰাৰ্থীসকলৰ তুলনাত এন আৰ আই কোটাত নামভৰ্তি কৰিব বিচৰা প্ৰাৰ্থীৰ মাচুল ৭০ শতাংশ বেছি ধাৰ্য কৰিছে। অর্থাৎ মেধাৰ বলত এম বি বি এছত নামভর্তি কৰা প্ৰাৰ্থীয়ে পহিলা শিক্ষা বৰ্ষত ৩০ হেজাৰ টকা আদায় দিয়াৰ বিপৰীতে এন আৰ আই কোটাৰ প্ৰাৰ্থীয়ে প্ৰথম শিক্ষা বৰ্ষত আদায় দিবলগা হৈছে ২১ লাখ টকা। পৰৱৰ্তী চাৰিটা বছৰত এই প্রার্থীসকলে আদায় দিব লাগিব ১৮.৫ লাখকৈ টকা। চৰকাৰে এনেদৰে টকাৰ বিনিময়ত এম বি বি এছৰ আসন এন আৰ আইক বিক্ৰী কৰি চিকিৎসা শিক্ষাৰ মান অৱনমিত কৰাৰ সময়তে ৰাজ্য চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ বিচাৰ প্রক্রিয়া এতিয়া উচ্চতম ন্যায়ালয়ত ওলমিছে।