Thu Jul 17 2025 3:08:29 AM
  • Follow us on
  • Subcribe

উত্তৰ-পূবৰ আন্তঃগাঁথনি উন্নয়ন আঁচনিৰ নামত ৩৫ শতাংশহে ব্যয়

Story by  atv | Posted by  Munni Begum • 2 Years ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি

 

গুৱাহাটী

 

এক্ট ইষ্ট পলিচীৰ অধীনত কেন্দ্ৰীয় চৰকাৰে ২০১৮-১৯ বৰ্ষৰ পৰা ২০২১-২২ বৰ্ষলৈ উত্তৰ-পূবৰ আন্তঃগাঁথনি উন্নয়ন আঁচনিৰ নামত ১৪৫টা প্ৰকল্পৰ বাবে ৩,৩৯২ কোটি টকাৰ অনুমোদন জনাইছিল। কিন্তু এই অনুমোদিত ধনৰ ভিতৰত কেৱল ৩৫ শতাংশহে এতিয়ালৈ ব্যয় কৰা হৈছে। অর্থাৎ এই সময়ছোৱাত ৩,৩৯২ কোটি টকাৰ ভিতৰত ব্যয় কৰা হৈছে ১,১৯৮ কোটি টকা।

 

হায়দৰাবাদৰ ইণ্ডিয়ান স্কুল অব বিজনেছৰ এক সমীক্ষাত এই তথ্য পোহৰলৈ আহিছে। উত্তৰ-পূব বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনি ২০১৭ চনৰ ১৫ ডিচেম্বৰত আৰম্ভ কৰা হৈছিল। এই আঁচনিখনৰ অধীনত পানী যোগান, শক্তি, সংযোগ আৰু পৰ্যটন খণ্ডৰ বাবে আন্তঃগাঁথনি সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

 

আঁচনিখন আৰম্ভ হোৱাৰ পিচৰে পৰা ২০২১-২২ বিত্তীয় বৰ্ষত সর্বাধিক ৫৫টা প্ৰকল্পৰ বাবে ১,১৮০ কোটি টকাৰ আবণ্টন দিয়া হৈছিল। ২০২০-২১ বিত্তীয় বৰ্ষৰ তুলনাত এই হাৰ প্ৰায় দুগুণ। সেই বৰ্ষটোত আবণ্টন দিয়া হৈছিল ১৭টা প্ৰকল্পৰ নামত ৪৯১ কোটি টকা।

 

২০২২-২৩ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে উত্তৰ-পূবৰ বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনিৰ নামত ১.৪৯৩ কোটি টকা আবণ্টন দিছিল। সেইদৰে ২০২৩-২৪ বিত্তীয় বৰ্ষত ধাৰ্য কৰা হৈছে ২,৪৯১ কোটি টকা। উত্তৰ-পূৰ্বাঞ্চলৰ ৮ খন ৰাজ্যৰ বাবে বিগত চাৰিটা বিত্তীয় বৰ্ষত অনুমোদিত ১৪৫টা প্ৰকল্পৰ ভিতৰত ৩৩টা অসমত, ২৯টা অৰুণাচল প্ৰদেশত, ১৮টা মণিপুৰত, ১৭টাকৈ মিজোৰাম আৰু নাগালেণ্ডত, ১২টা মেঘালয়ত, ১১টা ত্ৰিপুৰাত আৰু ৮টা ছিকিমত আবণ্টন দিয়া হৈছিল।

 

উত্তৰ-পূব বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনি চমুকৈ নেছিডৰ অধীনত পথ আৰু দলং নিৰ্মাণৰ বাবে সর্বাধিক ১,৬০,৪৬১ লাখ টকা, স্বাস্থ্য খণ্ডৰ বাবে ৬২,১২২ লাখ টকা, পানী যোগানৰ বাবে ৫০,১৩৮ লাখ টকা, শক্তি খণ্ডৰ বাবে ২৫,২০৫ লাখ টকা আৰু শিক্ষা খণ্ডৰ বাবে ১৭,২১৫ লাখ টকা আবণ্টন দিয়া হৈছিল।

 

পথ নিৰ্মাণৰ ভিতৰত লংকাৰ পৰা ডিয়ুংমুখ, হাফলং তিনিআলি, পানীমূৰ হৈ উমৰাংচুলৈ দ্বৈত পথ বাবে ২২৭.১৭ লাখ টকা আবণ্টন দিয়া হৈছিল। তথ্যত প্রকাশ পোৱামতে অনুমোদিত ৭৩টা প্রকল্প এতিয়াও ব্যৱহাৰিক প্ৰমাণপত্ৰৰ বাবে অপেক্ষাৰত। তদুপৰি মাত্ৰ ৩৭ প্রকল্পতহে ১০০ শতাংশ পুঁজি ব্যৱহাৰ হৈছে। আনহাতে ২৫টা প্ৰকল্পৰ কাম এতিয়াও আৰম্ভ হোৱা নাই।

 

তথ্যত প্ৰকাশ পোৱা মতে, অব্যৱহৃত ধনৰ অধিকাংশই অসমৰ শিক্ষা খণ্ড, মণিপুৰৰ স্বাস্থ্য খণ্ড, অৰুণাচল প্ৰদেশৰ পথ আৰু দলং নির্মাণ তথা অসম আৰু মিজোৰামৰ পানী যোগান খণ্ডৰ লগত জড়িত।



শেহতীয়া খবৰ