কিংবদন্তি মাৰাথন দৌৰবিদ ফৌজা সিঙৰ মৃত্যুৰ সৈতে জড়িত থকাৰ অভিযোগত এজনক গ্ৰেপ্তাৰ

Story by  atv | Posted by  [email protected] • 10 h ago
কিংবদন্তি মাৰাথন দৌৰবিদ ফৌজা সিং
কিংবদন্তি মাৰাথন দৌৰবিদ ফৌজা সিং
 
চণ্ডীগড়

কিংবদন্তি মাৰাথন দৌৰবিদ ফৌজা সিঙৰ মৃত্যুৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত পঞ্জাৱ আৰক্ষীয়ে এজন ৩০ বছৰীয়া প্ৰবাসী ভাৰতীয়ক গ্ৰেপ্তাৰ কৰিছে। তেওঁৰ নাম হৈছে অমৃতপাল সিং ধিলন। ১১৪ বছৰীয়া এথলীটজনৰ প্ৰাণ কাঢ়ি নিয়া ঘটনাটো সংঘটিত হোৱাৰ ৩০ ঘণ্টাৰ ভিতৰতে আৰক্ষীয়ে দুৰ্ঘটনাটোৰ সৈতে জড়িত ফৰ্চুনাৰ এছ ইউ ভি বাহনখনো উদ্ধাৰ কৰিছে। 
 
জলন্ধৰৰ কৰতাৰপুৰৰ দাসুপুৰ গাঁৱৰ বাসিন্দা ধিলনক মঙলবাৰে নিশা আটক কৰা হয় আৰু বৰ্তমান তেওঁক ভোগপুৰ আৰক্ষী থানাত সোধা-পোছা কৰা হৈছে। তেওঁক আজি আদালতত হাজিৰ কৰোৱা হ'ব আৰু আৰক্ষীৰ জিম্মাত লোৱাৰ সম্ভাৱনা আছে। 
আৰক্ষীৰ মতে, বিষয়াসকলে ঘটনাৰ পিছত সন্দেহজনক বাহনৰ এখন তালিকা প্ৰস্তুত কৰিছিল। মঙলবাৰে সন্ধিয়া কৰ্তৃপক্ষই এখন ফৰচুনাৰ এছ.ই.ভি চিনাক্ত কৰে। অনুসন্ধানত পোহৰলৈ আহিছে যে বাহনখন কপুৰথালাৰ বাসিন্দা বৰিন্দৰ সিঙৰ নামত পঞ্জীয়ন কৰা আছিল।
 
জলন্ধৰৰ আৰক্ষীৰ দল ততাতৈয়াকৈ কপুৰথালালৈ গৈ বৰিন্দৰ সিঙক সোধা-পোছা কৰে। সোধা-পোছাৰ সময়ত, বৰিন্দৰে প্ৰকাশ কৰে যে তেওঁ গাড়ীখন দুবছৰ পূৰ্বে অমৃতপাল সিং ধিলন নামৰ এজন প্ৰৱাসী ভাৰতীক বিক্ৰী কৰিছিল। ধিলনে অলপতে কানাডাৰ পৰা ভাৰতলৈ উভতি আহিছিল। আৰক্ষীয়ে লগতে কয় যে ধিলনৰ তিনিগৰাকী ভগ্নী আছে আৰু তেওঁৰ মাতৃ কানাডাত বাস কৰে।


শেহতীয়া খবৰ