চণ্ডীগড়
শিখসকলৰ বাবে আটাইতকৈ পবিত্ৰ উপাসনা স্থান স্বৰ্ণ মন্দিৰৰ কৰ্তৃপক্ষই এই মন্দিৰত আৰ ডি এক্স (বিস্ফোৰক) ৰোপণৰ ষড়যন্ত্ৰৰ সতৰ্কবাণী ভৰা ই-মেইল লাভ কৰিছে।
সোমবাৰে চৌহদটোৰ লংগৰ হল (কমিউনিটি কিচেন হল) বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দিয়া এটা ই-মেইলৰ পিছত ২৪ ঘণ্টাৰো কম সময়ৰ ভিতৰতে স্বৰ্ণ মন্দিৰটোৱে দ্বিতীয়টো বোমাৰ ভাবুকি লাভ কৰিছে।
শিখ ধৰ্মৰ বিষয়সমূহ পৰিচালনা কৰা সৰ্বোচ্চ ধৰ্মীয় সংস্থা শিৰোমণি গুৰুদ্বাৰা প্ৰবন্ধক কমিটীয়ে আৰক্ষীক পুনৰ এজাহাৰ দাখিল কৰি এই সন্দৰ্ভত তদন্ত বিচাৰিছে। আনহাতে এই বিষয়ত মুখ্যমন্ত্ৰী ভগৱন্ত মানলৈও কৰ্তৃপক্ষই পত্ৰ প্ৰেৰণ কৰি তেওঁৰ হস্তক্ষেপ বিচাৰিছে।
শিৰোমণি গুৰদ্বাৰা পৰবন্ধক সমিতি শ্ৰী অমৃতসৰ চাহাবৰ ই-মেইল আইডিত আন এটা ইমেইল লাভ কৰিছে। এই ই-মেইলত কোনোবাই সচখণ্ড শ্ৰী হৰমন্দিৰ চাহাবত আৰ ডি এক্স স্থাপনৰ ষড়যন্ত্ৰৰ বিষয়ে অৱগত কৰিছে। এছ জি পি চিয়ে মানলৈ লিখা পত্ৰখনত তেওঁৰ দৃষ্টি আকৰ্ষণ কৰাটো বিচাৰিছে।
ইফালে, আৰক্ষীয়ে বিষয়টোৰ তদন্ত আৰম্ভ কৰি মেইলৰ উৎপত্তিস্থললৈ গৈ প্ৰেৰকজনক বিচাৰি উলিয়াবলৈ চেষ্টা চলাই আছে। এছজিপিচিৰ সদস্য প্ৰতাপ সিঙে ভক্তসকলক আতংকিত নহ’বলৈ আহ্বান জনাই কয় যে, এই সকলোবোৰ তেওঁলোকক ভয় খুৱাবলৈ কৰা হৈছে।
সোমবাৰে এছজিপিচিৰ সদস্যসকলে প্ৰথম ভাবুকি ই-মেইল সন্দৰ্ভত এজাহাৰ দাখিল কৰাৰ পিছতে অমৃতসৰ আৰক্ষী আয়ুক্ত গুৰপ্ৰীত সিং ভুলাৰে নিশ্চিত কৰে যে, এছজিপিচিয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত বিষয়টোৰ ওপৰত গোচৰ ৰুজু কৰা হৈছে আৰু তদন্ত আৰম্ভ কৰা হৈছে।
অমৃতসৰৰ সাংসদ গুৰজীত সিং আউজলাইও পৰিস্থিতিৰ বুজ লৈ মুখ্যমন্ত্ৰীক এই বিষয়ত শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। শ্ৰী হৰমন্দিৰ চাহাব (সোণালী মন্দিৰ)ক আৰ ডি এক্সৰে উৰুৱাই দিয়াৰ ভাবুকিৰ ই-মেইল প্ৰেৰণ কৰা হৈছে। এইটো কেৱল এটা ধৰ্মীয় ছাইটৰ প্ৰতি ভাবুকি নহয়, ই শান্তি, বিশ্বাস আৰু মানৱতাৰ ওপৰত কৰা এক আক্ৰমণ বুলি সংসদ সদস্যজনে এক্সত এক পোষ্টত লিখিছে।
ভগৱন্ত মান জী আৰু পঞ্জাৱৰ ডিজিপি, পঞ্জাৱ পুলিচক তাৎক্ষণিক আৰু কঠোৰ ব্যৱস্থা ল'বলৈ আহ্বান জনাইছো। এই পবিত্ৰ উপাসনা স্থান দৈনিক লাখ লাখ ভক্ত আৰু পৰ্যটকে পৰিভ্ৰমণ কৰে। নিৰাপত্তাৰ লগত আপোচ কৰিব নালাগে। সকলো বিভাগ উচ্চ সতৰ্ক হৈ থাকিব লাগিব। বুদ্ধিমত্তা বা সুৰক্ষাৰ কোনো ধৰণৰ ভুল আমি সহ্য কৰিব নোৱাৰো। আমি আমাৰ ঐতিহ্য ৰক্ষাৰ বাবে ঐক্যবদ্ধভাৱে থিয় দিছো বুলিও তেওঁ লগতে কয়।