ইৰানৰ প্ৰয়াত নেতা আয়াতুল্লাহ খামেনীৰ মৃত্যুৰ শোক অনুষ্ঠানত অংশগ্ৰহণ পবিত্ৰ মাৰ্ঘেৰিটাৰ

Story by  atv | Posted by  Munni Begum • 1 Months ago
ইৰানৰ প্ৰয়াত নেতা আয়াতুল্লাহ খামেনীৰ মৃত্যুৰ শোক অনুষ্ঠানত অংশগ্ৰহণ পবিত্ৰ মাৰ্ঘেৰিটাৰ
ইৰানৰ প্ৰয়াত নেতা আয়াতুল্লাহ খামেনীৰ মৃত্যুৰ শোক অনুষ্ঠানত অংশগ্ৰহণ পবিত্ৰ মাৰ্ঘেৰিটাৰ
 
নতুন দিল্লী
 
ইৰানৰ প্ৰয়াত সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনীৰ শোক অনুষ্ঠানত অংশগ্ৰহণ কৰিছে বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই।
 
তেওঁৰ মৃত্যুৰ ৪০ সংখ্যক দিনত (চেহলাম) ইৰানৰ দূতাবাসৰ দ্বাৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হৈছিল। ২৮ ফেব্ৰুৱাৰীত ইজৰাইল-আমেৰিকাৰ আক্ৰমণত খামেনী নিহত হৈছিল।
 
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয়, "ৰাজ্যমন্ত্ৰী পবিত্ৰা মাৰ্ঘেৰিটাই নতুন দিল্লীত ইৰানৰ দূতাবাসৰদ্বাৰা আয়োজিত ৪০ দিনীয়া (চেহলাম) শোক অনুষ্ঠানত ভাৰত চৰকাৰৰ হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।"
 
তেওঁ কয়, "ভাৰত-ইৰানৰ সম্পৰ্ক সভ্যতা, সংস্কৃতি আৰু জনসাধাৰণৰ মাজত গভীৰ সম্পৰ্কৰে গঠিত। ৫ মাৰ্চত, বিদেশ সচিব বিক্ৰম মিশ্ৰীয়ে খামেনীৰ মৃত্যুত নতুন দিল্লীৰ সমবেদনা জ্ঞাপন কৰিবলৈ ইৰানৰ দূতাবাস ভ্ৰমণ কৰে।"