শ্ৰীনগৰ-লেহ ৰাষ্ট্ৰীয় ঘাইপথত হোৱা হিমস্খলনত ৭ জনৰ মৃত্যু, ৫জন আহত

Story by  atv | Posted by  Munni Begum • 1 h ago
শ্ৰীনগৰ-লেহ ৰাষ্ট্ৰীয় ঘাইপথত
শ্ৰীনগৰ-লেহ ৰাষ্ট্ৰীয় ঘাইপথত
 
শ্ৰীনগৰ
 
শুকুৰবাৰে শ্ৰীনগৰ-লেহ ৰাষ্ট্ৰীয় ঘাইপথত হোৱা একাধিক হিমস্খলনৰ ফলত বহুকেইখন গাড়ী বৰফৰ তলত পোত যোৱাৰ ফলত কমেও সাতজন লোকৰ মৃত্যু হয়, আৰু আন পাঁচজন লোক আহত হয় বুলি কৰ্তৃপক্ষই জনায়।
 
বিষয়াসকলে কয় যে জ'ৰ পইণ্ট আৰু মিনিমাৰ্গৰ মাজত অৱস্থান কৰি থকা অঞ্চলটোত আজি বিয়লি হিমস্খলন হয়। এই ঘটনাৰ সন্দৰ্ভত লাডাখৰ লেফটেনেণ্ট গৱৰ্ণৰ ভি কে ছেক্সেনাই কয় যে, তেওঁ ব্যক্তিগতভাৱে পৰিস্থিতিটো নিৰীক্ষণ কৰি আছে।
 
এক্সত এক পোষ্টত তেওঁ কয়, "জোজি লাত হিমস্খলনৰ দুৰ্ভাগ্যজনক খবৰ শুনিলোঁ। মই কাৰ্গিলৰ ডিচি এণ্ড এছএছপিক তৎকালীনভাৱে সেই স্থান পৰিদৰ্শন কৰি সাহায্য আৰু উদ্ধাৰ অভিযান সংগঠিত কৰিবলৈ নিৰ্দেশ দিছো। দুৰ্যোগ সাহায্য বাহিনী আৰু বিআৰঅ'কে ধৰি সকলো চৰকাৰী সংস্থাক সষ্টম কৰি ৰখা হৈছে। মই ব্যক্তিগতভাৱে পৰিস্থিতি নিৰীক্ষণ কৰি আছো।"
 
ইফালে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে টুইট কৰি কয়, "জোজিলা পাছত এখন বাহনখনত হিমস্খলনৰ ফলত ৭ জন লোকৰ মৰ্মান্তিকভাৱে মৃত্যু হোৱা আৰু ৫ জন লোক আহত হোৱাৰ কথা জানিব পাৰি মই অত্যন্ত দুখী। শোকসন্তপ্ত পৰিয়াললৈ মোৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো। আহতসকলক সকলোকে সহায় আগবঢ়োৱাৰ প্ৰয়োজন আছিল।"