‘ভাৰত মাতা কি জয়’ ধ্বনিৰে মুখৰিত খানাপাৰাঃ একেৰাহে দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'লে হিমন্ত বিশ্ব শৰ্মাই

Story by  atv | Posted by  Nikunja Nath • 2 h ago
‘ভাৰত মাতা কি জয়’ ধ্বনিৰে মুখৰিত খানাপাৰাঃ একেৰাহে দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'লে হিমন্ত বিশ্ব শৰ্মাই
‘ভাৰত মাতা কি জয়’ ধ্বনিৰে মুখৰিত খানাপাৰাঃ একেৰাহে দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'লে হিমন্ত বিশ্ব শৰ্মাই
 
আৱাজ - দ্য ভইচ ব্যুৰ’ / গুৱাহাটী
 
"ভাৰত মাতা কি জয়" আৰু "বন্দে মাতৰম" আদি আকাশ-বতাহ মুখৰিত কৰা ধ্বনি আৰু জনতাৰ উছাহ-উদ্দীপনাৰ মাজেৰে অসমৰ ৰাজনৈতিক ইতিহাসত সংযোজিত হ'ল আন এক সোণোৱালী অধ্যায়। সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত ৰাইজৰ বিপুল জনসমৰ্থন লাভ কৰি বিজেপি নেতৃত্বাধীন এন ডি এ মিত্ৰজোঁটে ক্ৰমাগতভাৱে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰাৰ সমান্তৰালকৈ, ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে একেৰাহে দ্বিতীয়বাৰৰ বাবে শপতগ্ৰহণ কৰিলে ড০ হিমন্ত বিশ্ব শৰ্মাই।
 
গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত এই ঐতিহাসিক তথা বৰ্ণিল শপতগ্ৰহণ অনুষ্ঠানৰ সাক্ষী হৈ ৰ'ল সমগ্ৰ অসমবাসী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে দেশৰ কেইবাগৰাকীও শীৰ্ষ কেন্দ্ৰীয় মন্ত্ৰী আৰু বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ উপস্থিতিত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত ৰাজ্যপালগৰাকীয়ে ড০ শৰ্মাক মুখ্যমন্ত্ৰী পদৰ পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়। 
মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণৰ পাছতেই ৰাজ্যৰ নতুন মন্ত্ৰীসভাৰ কেইবাগৰাকীও গুৰুত্বপূৰ্ণ সদস্যই শপতগ্ৰহণ কৰে৷ অজন্তা নেওগে মন্ত্ৰী হিচাপে শপত লৈ স্পষ্ট কৰি দিয়ে যে তেওঁ ভয় আৰু পক্ষপাতিত্ব নকৰাকৈ সকলো শ্ৰেণীৰ লোকৰ হিতৰ বাবে তেওঁ নিস্বাৰ্থভাৱে কাম কৰি যাব। আনহাতে, অসমৰ থলুৱা পৰম্পৰাগত সাজ-পাৰ পৰিধান কৰি শপতগ্ৰহণ কৰা অতুল বৰাই নিজৰ দায়িত্ব আৰু কৰ্তব্য নিষ্ঠাৰে পালন কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ বুলি উল্লেখ কৰে। মন্ত্ৰী হিচাপে শপত গ্ৰহম কৰে চৰেণ বড়োৱে৷ নৱনিৰ্বাচিত মন্ত্ৰীগৰাকীয়ে নিজ মাতৃভাষা 'বড়ো' ভাষাতে মন্ত্ৰী পদৰ শপতগ্ৰহণ কৰি উপস্থিত দৰ্শকৰ মন জয় কৰাৰ লগতে ৰাজ্যৰ ভাষিক বৈচিত্ৰ্যৰ নিদৰ্শন দাঙি ধৰে। আনহাতে, জ্যেষ্ঠ ৰাজনৈতিক নেতা ৰামেশ্বৰ তেলীয়েও ৰাজ্যিক কেবিনেটৰ এক গুৰুত্বপূৰ্ণ অংগ হিচাপে শপতগ্ৰহণ কৰে।
 
এই বিশাল আৰু গৌৰৱোজ্জ্বল ক্ষণৰ সাক্ষী হ'বলৈ খানাপাৰাত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ সদস্যসকল। শাৰীৰিক অসুস্থতাকো নেওচি, হুইল চেয়াৰত বহি পুত্ৰৰ শপতগ্ৰহণ অনুষ্ঠানলৈ অহা মুখ্যমন্ত্ৰীগৰাকীৰ মাতৃ মৃণালিনী দেৱীৰ মুখত আছিল অসীম প্ৰশান্তি। আৱেগিক হৈ তেওঁ সংবাদ মাধ্যমৰ আগত কয়, "বহুত ভাল লাগিছে, সঁচাকৈয়ে এয়া এক অতি আনন্দৰ দিন।"
 
শপত গ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী শৰ্মাৰ পত্নী ৰিণিকী ভূঞা-কন্যা সুকন্যা শৰ্মা
 
আনহাতে, স্বামীৰ এই ধাৰাবাহিক সফলতাত গৌৰৱান্বিত পত্নী ৰিণিকী ভূঞা শৰ্মাই কয়, "এয়া আমাৰ বাবে অতি সুখৰ আৰু গৌৰৱৰ মুহূৰ্ত।" মুখ্যমন্ত্ৰীগৰাকীৰ কন্যা সুকন্যা শৰ্মায়ো পিতৃৰ এই বিশেষ দিনটোত উপস্থিত থাকিবলৈ পাই সমগ্ৰ পৰিয়ালটো অতি সুখী আৰু আনন্দিত বুলি প্ৰকাশ কৰে।
 
নতুন চৰকাৰৰ এই বৰ্ণাঢ্য শপতগ্ৰহণ অনুষ্ঠানে অসমৰ উন্নয়ন, শান্তি আৰু প্ৰগতিত এক নতুন জোৱাৰ আনিব বুলি এতিয়া ৰাজ্যবাসীয়ে গভীৰ আশা প্ৰকাশ কৰিছে।


শেহতীয়া খবৰ