গুৱাহাটীৰ শপতগ্ৰহণ অনুষ্ঠানত চাঞ্চল্য; সক্ৰিয় গুলীসহ এজনক আটক

Story by  atv | Posted by  Nikunja Nath • 2 d ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
গুৱাহাটী 
 
অসমত নতুন চৰকাৰৰ শপতগ্ৰহণক লৈ গুৱাহাটীৰ খানাপাৰাত বিৰাজ কৰিছিল এক উৎসৱমুখৰ পৰিৱেশ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি দেশৰ কেইবাগৰাকীও শীৰ্ষ নেতাৰ উপস্থিতিত অনুষ্ঠিত এই ঐতিহাসিক ক্ষণৰ মাজতেই সংঘটিত হ'ল এক চাঞ্চল্যকৰ ঘটনা। নিৰাপত্তাৰক্ষীৰ কটকটীয়া বেষ্টনীৰ মাজতো অনুষ্ঠানস্থলীৰ পৰা সক্ৰিয় গুলীসহ এজন ব্যক্তিক আটক কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। অৱশ্যে আৰক্ষীৰ তৎপৰতাত এক সম্ভাৱ্য অঘটনৰ পৰা ৰক্ষা পৰে শপতগ্ৰহণ অনুষ্ঠান।
 
মঙলবাৰে অসমৰ নতুন চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠানস্থলীৰ নিৰাপত্তা পৰীক্ষাৰ সময়ত এজন ব্যক্তিৰ পৰা কেইটামান সক্ৰিয় গুলী উদ্ধাৰ হোৱাৰ পিছতে তেওঁক আৰক্ষীয়ে জিম্মাত লয়। এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হয় খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত, য’ত হিমন্ত বিশ্ব শৰ্মাই একেৰাহে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰাৰ কথা আছিল।
 
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, অনুষ্ঠানস্থলীৰ এখন প্ৰৱেশদ্বাৰত চলি থকা নিয়মীয়া নিৰাপত্তা তালাচীৰ সময়তে ব্যক্তিজনৰ পৰা এই গুলীকেইটা উদ্ধাৰ কৰা হয়।
 
এই সন্দৰ্ভত এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দি কয়, "সোধা-পোছাৰ বাবে তেওঁক জিম্মাত লোৱা হৈছে আৰু বশিষ্ঠ আৰক্ষী থানালৈ লৈ যোৱা হৈছে।" অৱশ্যে, ব্যক্তিজনৰ পৰা কোনো ধৰণৰ আগ্নেয়াস্ত্ৰ বা আন কোনো অস্ত্ৰ উদ্ধাৰ হোৱা নাই বুলি আৰক্ষীয়ে স্পষ্ট কৰি দিছে।
 
এই গুলী উদ্ধাৰৰ আঁৰৰ পৰিস্থিতি নিশ্চিত কৰিবলৈ আৰু এই ঘটনাই কিবা নিৰাপত্তাজনিত ভাবুকি কঢ়িয়াই আনিছিল নেকি, সেই বিষয়ে জানিবলৈ ইতিমধ্যে এক তদন্ত আৰম্ভ কৰা হৈছে বুলি বিভাগীয় বিষয়াসকলে লগতে উল্লেখ কৰে।
 
ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ নতুন মন্ত্ৰীসভাৰ সদস্যসকলক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱাৰ কেইমিনিটমান পূৰ্বেই এই ঘটনাটো সংঘটিত হয়।
 
উল্লেখ্য যে, গুৱাহাটীত অনুষ্ঠিত এই বিশেষ শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ লগতে NDA শাসিত ৰাজ্যসমূহৰ ৪০ গৰাকীতকৈও অধিক মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰী উপস্থিত থাকে।