প্ৰধানমন্ত্ৰী মোদীয়ে নতুন সংসদ ভৱন উদ্বোধন কৰাক লৈ গভীৰভাৱে সন্তুষ্ট ৰাষ্ট্ৰপতি মুৰ্মু

Story by  atv | Posted by  [email protected] • 9 Months ago
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু
 
নতুন দিল্লী

বিৰোধীয়ে প্ৰতিবাদ সাব্যস্ত কৰি অনুষ্ঠান বৰ্জন কৰিলেও নতুন সংসদ ভৱন উদ্বোধনৰ শলাগ লৈছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ভৱন মুকলি কৰাক লৈ তেওঁ গভীৰভাৱে সন্তুষ্ট। কাৰণ প্ৰধানমন্ত্ৰীক দেশবাসীয়ে নিৰ্বাচিত কৰিছে আৰু তেওঁ গণতান্ত্ৰিকভাৱে নিৰ্বাচিত প্ৰধানমন্ত্ৰী।
 
দেওবাৰে নতুন সংসদ ভৱন উদ্বোধনী অনুষ্ঠানত উপস্থিত নথকা ৰাষ্ট্ৰপতিগৰাকীয়ে সোমবাৰে এক বাৰ্তা প্ৰদান কৰে আৰু এই বাৰ্তা ৰাজ্যসভাৰ উপ-অধ্যক্ষ হৰিবংশে লোকসভা চেম্বাৰৰ ভিতৰত পাঠ কৰে। উল্লেখ্য যে, ৰাষ্ট্ৰপতিক নতুন সংসদ ভৱন উদ্বোধন কৰিব নিদিয়াৰ প্ৰতিবাদত এক ডজনৰো অধিক বিৰোধী দলে দেওবাৰৰ অনুষ্ঠান বৰ্জন কৰিছিল।
 
প্ৰধানমন্ত্ৰীয়ে নতুন সংসদ উদ্বোধন কৰাত তেওঁ গভীৰভাৱে সন্তুষ্ট বুলি উল্লেখ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে সংসদ হৈছে দেশৰ বাবে এক পথ প্ৰদৰ্শক আৰু সংসদৰ নতুন ভৱনটো “আমাৰ গণতান্ত্ৰিক যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি”। 
 
"নতুন সংসদ ভৱন উদ্বোধনৰ মহান অনুষ্ঠানটো দেশৰ ইতিহাসত সোণালী আখাৰেৰে লিপিবদ্ধ হৈ ৰ'ব,"তেওঁ কয়। ৰাষ্ট্ৰপতি মুৰ্মূৱে কয় যে নতুন সংসদ ভৱনটোৱে জনসাধাৰণৰ মাজত ৰাষ্ট্ৰীয় গৌৰৱ আৰু ঐক্যৰ ভাৱনা শক্তিশালী কৰিব। "আজাদী কা অমৃত মহোৎসৱৰ সময়ত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ অনুষ্ঠানটো আমাৰ গণতান্ত্ৰিক পৰম্পৰাৰ সুৰক্ষা আৰু সম্প্ৰসাৰণৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতিৰ জীৱন্ত প্ৰমাণ," তেওঁ কয়।
 
ৰাষ্ট্ৰপতি মুৰ্মুৱে কয়, "আমাৰ সামূহিক চেতনাত সংসদৰ এক বিশেষ স্থান আছে। সংসদ আমাৰ চহকী গণতান্ত্ৰিক পৰম্পৰাৰ কেন্দ্ৰবিন্দু।" তেওঁ লগতে কয় যে গণতান্ত্ৰিক বক্তৃতাৰ প্ৰতি থকা শ্ৰদ্ধা আমাৰ সামাজিক আৰু সাংস্কৃতিক পৰম্পৰাৰ মূল সাৰমৰ্ম, যাৰ ভিত্তিত শতিকাজুৰি সুস্থ বিতৰ্ক, অৰ্থপূৰ্ণ আলোচনা আৰু ধাৰণা বিনিময়ৰ ব্যৱস্থাটো গঢ় লৈ উঠিছে।
 
ৰাষ্ট্ৰপতি মুৰ্মুৱে কয় যে ভাৰতীয় সংবিধান প্ৰণেতাসকলে এনে এখন দেশৰ কল্পনা কৰিছে, যাৰ ভেটি গণতান্ত্ৰিকভাৱে নিৰ্বাচিত প্ৰতিনিধিসকলৰ জ্ঞানৰ ওপৰত নিৰ্মিত।
 
নতুন সংসদ ভৱন নিৰ্মাণৰ সৈতে জড়িত লোকসকলক প্ৰশংসাৰে উপচাই ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে তেওঁলোকৰ এই প্ৰচেষ্টা দেশৰ জনসাধাৰণৰ মন আৰু হৃদয়ত চিৰদিন খোদিত হৈ থাকিব। ৰাষ্ট্ৰপতিগৰাকীয়ে আৰু কয় যে নতুন সংসদ ভৱনে ভাৰতৰ গণতন্ত্ৰৰ চহকী পৰম্পৰা আৰু আদৰ্শৰ বাবে নতুন মাপকাঠী নিৰ্ধাৰণ কৰিব বুলি তেওঁ আশাবাদী। 
 
উল্লেখ্য যে, ২৮ মে’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক বৃহৎ অনুষ্ঠানত নতুন সংসদ ভৱন উদ্বোধন কৰে। চেন্নাইৰ পৰা অহা ২১ জন ধৰ্মীয় গুৰুৱে মাংগলিক অনুষ্ঠানেৰে প্ৰধানমন্ত্ৰীক দেশৰ স্বাধীনতাৰ সৈতে জড়িত স্বৰ্ণদণ্ড ছেংগল অৰ্পণ কৰে। নতুন সংসদ ভৱনৰ লোকসভা চেম্বাৰত এই ছেংগল স্থাপন কৰা হয়। 
 
উদ্বোধনী অনুষ্ঠানত প্ৰায় বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ ২৫টা দলে অংশগ্ৰহণ কৰাৰ বিপৰীতে ২১টা বিৰোধী দলে উদ্বোধনী অনুষ্ঠান বৰ্জন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে সংসদ ভৱন উদ্বোধন কৰাক লৈ তেওঁলোকে আপত্তি দৰ্শাইছিল।