ভাৰত-ছুইজাৰলেণ্ডৰ সম্পৰ্ক শক্তিশালী কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, চুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতি গাই পাৰ্মেলিনৰ মাজত বৈঠক

Story by  atv | Posted by  Munni Begum • 1 h ago
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, চুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতি গাই পাৰ্মেলিন
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, চুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতি গাই পাৰ্মেলিন
 
নতুন দিল্লী
 
ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতি গাই পাৰ্মেলিনে সোমবাৰে নতুন দিল্লীৰ হায়দৰাবাদ হাউছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। নতুন দিল্লীত উচ্চ পৰ্যায়ৰ কূটনৈতিক কাৰ্যসূচীৰ অংশ হিচাপে এই বৈঠক অনুষ্ঠিত হয়।
 
ইয়াৰ পূৰ্বে সোমবাৰে ৰাষ্ট্ৰপতি পাৰ্মেলিনে পত্নী কেৰ’লিন পাৰ্মেলিনৰ সৈতে ৰাজঘাটত উপস্থিত হৈ মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু তেওঁৰ সমাধিস্থলত পুষ্পস্তৱক অৰ্পণ কৰে।
ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰেও ভাৰত ভ্ৰমণলৈ অহা ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতিগৰাকীক সাক্ষাৎ কৰে। এক্সত এক পোষ্টযোগে বৈঠকৰ বিষয়ে উল্লেখ কৰি জয়শংকৰে কয়, “ৰাজ্যিক ভ্ৰমণত ভাৰতলৈ অহা ছুইজাৰলেণ্ড কনফেডাৰেচনৰ ৰাষ্ট্ৰপতি গাই পাৰ্মেলিনক সাক্ষাৎ কৰি আনন্দিত হৈছোঁ। ভাৰত-ইএফটিএ টিইপিএৰ জৰিয়তে সৃষ্টি হোৱা সম্ভাৱনাৰ ওপৰত ভিত্তি কৰি দুয়োখন দেশৰ অংশীদাৰিত্ব অধিক গভীৰ কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতি পাৰ্মেলিনে প্ৰকাশ কৰা আগ্ৰহক আমি গভীৰভাৱে শলাগ লৈছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে তেওঁৰ বৈঠকে বিভিন্ন ক্ষেত্ৰত ভাৰত-ছুইজাৰলেণ্ডৰ সহযোগিতা আৰু অধিক আগুৱাই নিব বুলি আমি আশাবাদী।”
 
এই উষ্ণ কূটনৈতিক আদান-প্ৰদানৰ মাজতে ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতি গাই পাৰ্মেলিনে সোমবাৰে কয় যে, তেওঁৰ এই ভাৰত ভ্ৰমণ দুয়োখন দেশৰ মাজত থকা “ঘনিষ্ঠ আৰু দীৰ্ঘদিনীয়া অংশীদাৰিত্ব” অধিক শক্তিশালী কৰাৰ দিশত এক “গুৰুত্বপূৰ্ণ পদক্ষেপ”।
 
ভাৰত ভ্ৰমণৰ আনুষ্ঠানিক কাৰ্যসূচীৰ আৰম্ভণিতে ৰাষ্ট্ৰপতি পাৰ্মেলিনক ৰাষ্ট্ৰপতি ভৱনৰ সন্মুখত এক আনুষ্ঠানিক আদৰণি জনোৱা হয়। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক উষ্ম আদৰণি জনায়।
 
আদৰণি অনুষ্ঠানৰ পিছত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত ৰাষ্ট্ৰপতি পাৰ্মেলিনে কয়, "এই ভ্ৰমণে ছুইজাৰলেণ্ড আৰু ভাৰতে দুয়োখন দেশৰ সম্পৰ্কক কিমান গুৰুত্ব দিয়ে, সেই কথা পুনৰ দাঙি ধৰাৰ এক উৎকৃষ্ট সুযোগ প্ৰদান কৰিছে।"
 
তেওঁ লগতে কয় যে, ভাৰত আৰু ছুইজাৰলেণ্ডৰ মাজৰ কূটনৈতিক সম্পৰ্ক “উমৈহতীয়া গণতান্ত্ৰিক মূল্যবোধ, বিশ্বাস আৰু পাৰস্পৰিক সন্মানৰ ওপৰত" প্ৰতিষ্ঠিত।
 
ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, “আমাৰ ঘনিষ্ঠ, বিস্তৃত আৰু দীৰ্ঘদিনীয়া অংশীদাৰিত্বক অধিক আগুৱাই নিবলৈ, গভীৰ কৰিবলৈ আৰু শক্তিশালী কৰিবলৈ মোৰ এই ভ্ৰমণ এক গুৰুত্বপূৰ্ণ পদক্ষেপ। দ্বিপাক্ষিক আৰু বিশ্বজনীন গুৰুত্বৰ বিভিন্ন বিষয়ত মত বিনিময় কৰাৰ সুযোগ লাভ কৰাটো মোৰ বাবে আনন্দ আৰু সন্মানৰ বিষয়।”
 
তেওঁ লগতে কয়, “বিশেষকৈ আনন্দিত হৈছোঁ যে, ভাৰতত মোৰ এই ভ্ৰমণৰ সময়তে ভাৰত-ইএফটিএ বাণিজ্য আৰু অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি (TEPA) কাৰ্যকৰী হোৱাৰ প্ৰথম বৰ্ষপূৰ্তি উদযাপন কৰাৰ সুযোগ লাভ কৰিছোঁ।”
 
ভাৰত-ইএফটিএ বাণিজ্য আৰু অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি (TEPA) হৈছে ভাৰত আৰু ইউৰোপীয় মুক্ত বাণিজ্য সংস্থা (EFTA)ৰ চাৰিখন সদস্য ৰাষ্ট্ৰ আইচলেণ্ড, লিচেনষ্টাইন, নৰৱে' আৰু ছুইজাৰলেণ্ডৰ মাজত স্বাক্ষৰিত এক বিস্তৃত মুক্ত বাণিজ্য চুক্তি। ২০২৪ চনৰ ১০ মাৰ্চত স্বাক্ষৰিত এই চুক্তি ২০২৫ চনৰ ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হয়। 
 
ৰাষ্ট্ৰপতি পাৰ্মেলিনে কয়, “আমি একেলগে যিমানদূৰ আগবাঢ়িছোঁ, সেয়া উদযাপন কৰাৰ এয়া উপযুক্ত সময়। কিন্তু তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল আমি একেলগে আমাৰ ভৱিষ্যৎ কেনেদৰে গঢ় দিম, সেই দিশত আগবঢ়া।”
 
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণত সোমবাৰে ভাৰতত উপস্থিত হোৱা ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতিগৰাকীয়ে তিনিদিনীয়া ৰাজ্যিক ভ্ৰমণসূচী লৈ আহিছে। তেওঁৰ এই ভ্ৰমণৰ মূল লক্ষ্য হৈছে বাণিজ্য, বিনিয়োগ, বিজ্ঞান, প্ৰযুক্তিগত উদ্ভাৱন আৰু দক্ষ জনশক্তিৰ চলাচলকে ধৰি বিভিন্ন ক্ষেত্ৰত ভাৰত-ছুইজাৰলেণ্ডৰ দ্বিপাক্ষিক সহযোগিতা অধিক শক্তিশালী কৰা। 
 
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনোৱা অনুসৰি, ৰাষ্ট্ৰপতি পাৰ্মেলিনৰ সৈতে জ্যেষ্ঠ চৰকাৰী বিষয়া আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ শীৰ্ষ বিষয়াক সামৰি এক উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল ভাৰতলৈ আহিছে। এয়া তেওঁৰ ভাৰতলৈ প্ৰথমটো ৰাজ্যিক ভ্ৰমণ। অৱশ্যে এই বছৰ ফেব্ৰুৱাৰী মাহত নতুন দিল্লীত অনুষ্ঠিত এআই ইমপেক্ট ছামিটত অংশগ্ৰহণ কৰিবলৈ তেওঁ ভাৰতলৈ আহিছিল।
 
ভাৰত ভ্ৰমণৰ সময়ছোৱাত ৰাষ্ট্ৰপতি পাৰ্মেলিনে ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূৰ সৈতেও বৈঠকত মিলিত হ’ব। ৰাষ্ট্ৰপতি মূৰ্মূৱে তেওঁৰ সন্মানাৰ্থে এক আনুষ্ঠানিক ভোজৰো আয়োজন কৰিব। 
 
অক্টোবৰ ৭ তাৰিখে অনুষ্ঠিত হ’বলগীয়া দ্বিতীয়খন ভাৰত-ইএফটিএ প্ৰস্পেৰিটি ছামিটত ৰাষ্ট্ৰপতি পাৰ্মেলিনৰ অংশগ্ৰহণে এই ভ্ৰমণক বিশেষ গুৰুত্ব প্ৰদান কৰিছে। এই সময়ছোৱাতে বাণিজ্য আৰু অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি কাৰ্যকৰী হোৱাৰ এবছৰ সম্পূৰ্ণ হ’ব। 
 
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে উল্লেখ কৰে যে, ইউৰোপীয় মুক্ত বাণিজ্য সংস্থাৰ সদস্য দেশসমূহৰ ভিতৰত ছুইজাৰলেণ্ড হৈছে ভাৰতৰ অন্যতম গুৰুত্বপূৰ্ণ বাণিজ্য আৰু বিনিয়োগ অংশীদাৰ। দুয়োখন দেশৰ মাজত থকা দীৰ্ঘদিনীয়া সম্পৰ্কৰ লগতে উচ্চ পৰ্যায়ত নিয়মীয়া আলোচনাৰ প্ৰয়োজনীয়তাও মন্ত্ৰালয়ে উল্লেখ কৰে।
 
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয়, “ভাৰত আৰু ছুইজাৰলেণ্ডৰ মাজত দীৰ্ঘদিনীয়া বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে। এই ভ্ৰমণে নিয়মীয়া উচ্চপৰ্যায়ৰ আদান-প্ৰদানৰ ওপৰত ভিত্তি কৰি দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লগতে পাৰস্পৰিক স্বাৰ্থৰ নতুন নতুন ক্ষেত্ৰত সহযোগিতা গভীৰ কৰিব।”
 
নতুন দিল্লী আৰু বাৰ্ণৰ মাজত অব্যাহত থকা উচ্চপৰ্যায়ৰ কূটনৈতিক যোগাযোগৰ মাজতে ৰাষ্ট্ৰপতি পাৰ্মেলিনৰ এই ভাৰত ভ্ৰমণ অনুষ্ঠিত হৈছে। ইয়াৰ পূৰ্বে ২০১৯ চনত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ছুইজাৰলেণ্ডলৈ ৰাজ্যিক ভ্ৰমণ কৰিছিল। আনহাতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৬ আৰু ২০১৮ চনত ছুইজাৰলেণ্ড ভ্ৰমণ কৰিছিল।