মেঘালয় কয়লা খনি বিস্ফোৰণত মৃতকক ₹২ লাখ আৰু আহতসকলক ₹৫০,০০০ সাহায্য প্ৰদান ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

Story by  atv | Posted by  Munni Begum • 15 h ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
শ্বিলং 
 
মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰৰ থাংস্কাই অঞ্চলত অবৈধ কয়লা খনি বিস্ফোৰণৰ পিছত ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনী (এনডিআৰএফ) ৰ এটা দল শুকুৰবাৰে বিস্ফোৰণস্থলীত উপস্থিত হয় উদ্ধাৰ অভিযান অৰাম্ভ কৰে। ইয়াৰ এদিন পূৰ্বে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই এই ঘটনাৰ বাবে দায়ী ব্যক্তিসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছিল।
 
তেওঁ ঘোষণা কৰে যে, মেঘালয় চৰকাৰে মৃতকৰ নিকট আত্মীয়লৈ ৩ লাখ টকাৰ অনুদান আগবঢ়াব। তেওঁ লগতে কয় যে চৰকাৰে বৈজ্ঞানিক খননক প্ৰোৎসাহিত কৰাৰ বাবে কোনোধৰণৰ অবৈধ কাৰ্যকলাপ সহ্য কৰা নহ'ব।
 
যিসকল ব্যক্তি অবৈধ কাৰ্যকলাপত জড়িত আছে, তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। এই ঘটনাৰ বাবে দায়ী যিয়ে নহওক কিয়, তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। এই ঘটনাৰ সৈতে জড়িত কোনো লোকক আমি এৰি নিদিওঁ বুলি সংবাদমেলত মুখ্যমন্ত্ৰী চাংমাই কয়।
 
তেওঁ কয়, "একে সময়তে, বৈজ্ঞানিক খনন আৰম্ভ হোৱাৰ লগে লগে, এইটো আশা কৰা হৈছে যে, সকলো খনিকৰেই খননৰ বাবে আবেদন কৰিব। এতিয়া, এটা বিকল্প আছে। এইবোৰ এতিয়া সহ্য কৰিব নোৱাৰি। খনিৰ যিকোনো কামত জড়িত লোকসকলে অবৈধ কামত জড়িত হ'ব নালাগে, যিয়ে মানুহৰ জীৱন বিপন্ন কৰিব পাৰে। আমি পৰৱৰ্তী প্ৰতিবেদনৰ বাবে অপেক্ষা কৰি আছো। ইয়াৰ ভিত্তিত মই সংবাদ মাধ্যমৰ সৈতে নিয়মীয়াকৈ যোগাযোগত থাকিম।" 
 
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দুৰ্ঘটনাত নিহত হোৱা ১৮ গৰাকী লোকৰ পৰিয়ালক ২ লাখকৈ টকাৰ সাহায্য প্ৰদানৰ কথাও ঘোষণা কৰিছে। পূব জয়ন্তীয়া পাহাৰীয়া জিলাৰ থংস্কাই অঞ্চলত সংঘটিত এই ঘটনাত আহত হোৱা লোকসকলক প্ৰতিজনকে ৫০,০০০ টকাকৈ প্ৰদান কৰা হ'ব।  
 
প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ত জনাই যে, "মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰত সংঘটিত দুৰ্ঘটনাৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছো। যিসকলে তেওঁলোকৰ প্ৰিয়জনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি সমবেদনা জনাইছো। আহতসকলে শীঘ্ৰে আৰোগ্য লাভ কৰক। এই আঁচনিৰ অধীনত প্ৰত্যেকজন মৃতকৰ আত্মীয়ক পিএমএনআৰএফৰ পৰা ২ লাখ টকাৰ সাহায্য প্ৰদান কৰা হ'ব। আহতসকলক ৫০,০০০ টকা প্ৰদান কৰা হ'ব ।"