দেশবাসীক নৱৰাত্ৰি শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

Story by  atv | Posted by  Munni Begum • 1 h ago
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
 
নতুন দিল্লী
 
২০২৫ চনৰ নৱৰাত্ৰিৰ প্ৰথম দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক আধ্যাত্মিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। সোমবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত সংগীতৰ জৰিয়তে নৱৰাত্ৰিৰ উৎসৱমুখৰ মনোভাৱ প্ৰকাশ কৰি ‘য়া দেৱী সৰ্ব ভূতেশু’ ভজনটো পৰিবেশন কৰিছে।  
 
নৱৰাত্ৰি হৈছে বিশুদ্ধ ভক্তি। গতিকে বহুতে এই ভক্তিক সংগীতৰ জৰিয়তে সামৰি লৈছে। পণ্ডিত যছৰাজ জীৰ এনে এটা আত্মাস্পৰ্শী ভজনটো  শ্বেয়াৰ কৰি তেওঁ লিখিছে, "নৱৰাত্ৰী  হৈছে এক বিশুদ্ধ ভক্তি। বহুত মানুহেই এই  ভক্তিক সঙ্গীতেৰে বৰ্ণনা কৰিছে। পণ্ডিত যশাৰাজ জীৰ এটি ভজন শ্বেয়াৰ কৰি আছোঁ।" 
আন এটা টুইটত প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰি কয়, "আপোনালোক সকলোকে  নৱৰাত্ৰীৰ শুভেচ্ছা জনালো। ভক্তি, সাহস, সংযম, দৃঢ়তাৰে ভৰা এই পবিত্ৰ উৎসৱে সকলোৰে জীৱনলৈ নতুন শক্তি আৰু নতুন বিশ্বাস কঢ়িয়াই আনক। জয় মাতা দি!" 
 
ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নৱৰাত্ৰিৰ বাবে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰি নাগৰিকসকলৰ মাজত "নতুন শক্তি আৰু বিশ্বাস"ৰ গঢ়ি তোলাৰ কামনা কৰে। 
 
শাৰদীয় নৱৰাত্ৰি হৈছে ন নিশাৰ এক সজীৱ আৰু পবিত্ৰ হিন্দু উৎসৱ, য’ত দেৱী দুৰ্গাৰ মূৰ্ত ঐশ্বৰিক নাৰী শক্তিক উদযাপন কৰা হয়। চন্দ্ৰ মাহৰ আহিনত পালন কৰা এই উৎসৱত পূজা, ধৰ্মীয় পৰম্পৰা, সাংস্কৃতিক অনুষ্ঠান আদিৰ দ্বাৰা চিহ্নিত কৰা হয়। ২ অক্টোবৰত বিজয়দশমী বা দশেৰাৰ সৈতে এই উৎসৱৰ সামৰণি পৰিব।
 
যিহেতু প্ৰতিটো দিনেই শক্তি, কৰুণা, আৰু প্ৰজ্ঞাৰ বিভিন্ন দিশৰ প্ৰতীক দেৱীৰ এক ভিন্ন ৰূপৰ প্ৰতি উৎসৰ্গিত, সেয়েহে প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে, সোমবাৰটো মা শৈলপুত্ৰীৰ প্ৰতি উৎসৰ্গিত। 
 
তেওঁ লিখিছে, "আজি নৱৰাত্ৰিৰ সময়ত মা শৈলপুত্ৰীৰ পূজা আৰু ৰীতি-নীতিৰ বাবে এক বিশেষ দিন। মোৰ ইচ্ছা যে, মাতাৰ স্নেহ আৰু আশীৰ্বাদেৰে সকলোৰে জীৱন যাতে সৌভাগ্য আৰু সুস্বাস্থ্যৰে ভৰি পৰে।" 
 
নৱৰাত্ৰিৰ ৯ দিনত ভক্তসকলে উপবাসে, ভক্তিমূলক গীত গাই, আৰু গৰ্বা আৰু দণ্ডিয়াৰ দৰে পৰম্পৰাগত নৃত্যত অংশগ্ৰহণ কৰি এক আনন্দময় পৰিৱেশৰ সৃষ্টি কৰে। হিন্দুসকলৰ মাজত নৱৰাত্ৰি দিৱসৰ তাৎপৰ্য অতিশয় বেছি, আৰু এই দিনবোৰ অতি বিশালতাৰে পালন কৰা হয়।