ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কিৰ ষ্টাৰমাৰক সাক্ষাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

Story by  atv | Posted by  [email protected] • 2 h ago
ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কিৰ ষ্টাৰমাৰক সাক্ষাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কিৰ ষ্টাৰমাৰক সাক্ষাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
 
মুম্বাই

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কিৰ ষ্টাৰমাৰক দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত সাক্ষাৎ কৰে। ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰথমটো চৰকাৰী ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হোৱাৰ এদিন পিছতে প্ৰধানমন্ত্ৰীয়ে আজি তেওঁৰ সৈতে মিলিত হয়। উভয়ে  হাতযোৰ কৰি ইজনে সিজনৰ সৈতে মৰম-স্নেহ বিনিময় কৰে।
 
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কীৰ ষ্টাৰমাৰে মুম্বাইত এক প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হয়। এই বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেল, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, বৈদেশিক সচিব বিক্ৰম মিশ্ৰী উপস্থিত আছিল।
 
ইয়াৰ পূৰ্বে বুধবাৰে কিৰ ষ্টাৰমাৰে মুম্বাইত এক বিস্তৃত মত-বিনিময় অনুষ্ঠানত অংশ লয়। তেওঁ ব্যৱসায়িক নেতাসকলৰ সৈতে বৈঠকত মিলিত হয় আৰু ভাৰত-ব্ৰিটেইনৰ বাণিজ্যিক অংশীদাৰিত্বক "অত্যন্ত গুৰুত্বপূৰ্ণ" বুলি অভিহিত কৰে। উদ্যোগ জগতৰ প্ৰতিনিধিসকলৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ কয়, "এয়া হৈছে ব্ৰিটেইনে ভাৰতলৈ প্ৰেৰণ কৰা সৰ্ববৃহৎ বাণিজ্য অভিযান"।
তেওঁ উল্লেখ কৰে যে এই বছৰৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্ৰিটেইন ভ্ৰমণৰ পাছত তেওঁৰ এই ভ্ৰমণক "প্ৰত্যাৱৰ্তন" হিচাপে গণ্য কৰিব পাৰি। এই বছৰৰ জুলাইত দুয়োখন দেশৰ মাজত স্বাক্ষৰিত মুক্ত বাণিজ্য চুক্তি (এফটিএ) ক "অত্যন্ত গুৰুত্বপূৰ্ণ" বুলি অভিহিত কৰি ষ্টাৰমাৰে কয়, "ইউৰোপীয় সংঘৰ পৰা বিদায় লোৱাৰ পিছত এইটো আমাৰ সৰ্ববৃহৎ চুক্তি। মই ভাবো এইটো ভাৰতৰ সৰ্ববৃহৎ চুক্তি, সেয়ে ই অতি গুৰুত্বপূৰ্ণ"।
 
উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্ৰিটেইন ভ্ৰমণৰ সময়ত ২০২৪ চনৰ জুলাইত স্বাক্ষৰিত ব্ৰিটেইন-ভাৰত মুক্ত বাণিজ্য চুক্তি (এফটিএ) হৈছে এক গুৰুত্বপূৰ্ণ চুক্তি, যাৰ লক্ষ্য হৈছে দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক বাণিজ্য বছৰি ২৫.৫ বিলিয়ন পাউণ্ডলৈ বৃদ্ধি কৰা। এই ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী কিৰ ষ্টাৰমাৰে ঘোষণা কৰে যে ব্ৰিটিছ উচ্চায়ুক্তৰ মতে ২০২৬ চনৰ পৰা ভাৰতৰ আগশাৰীৰ চলচ্চিত্ৰ ষ্টুডিঅ' 'যশৰাজ ফিল্মছ' (YRF) ৰ তিনিখন গুৰুত্বপূৰ্ণ প্ৰযোজনা ব্ৰিটেইনৰ বিভিন্ন স্থানত শ্বুটিং কৰা হ'ব।
তেওঁ বুধবাৰে মুম্বাইত দিপাৱলী উৎসৱৰ প্ৰাকক্ষণত ভাৰত আৰু ব্ৰিটেইনৰ মাজত থকা গভীৰ সাংস্কৃতিক সম্পৰ্কক প্ৰতীক হিচাপে লৈ চাকি জ্বলায়। ষ্টাৰমাৰে মুম্বাইত ফুটবল অনুৰাগীসকলৰ সৈতেও মিলিত হয় আৰু প্ৰিমিয়াৰ লীগৰ প্ৰশিক্ষণ কাৰ্যসূচীয়ে ভাৰতৰ ক্ৰীড়াৰ বিকাশত কেনে প্ৰভাৱ পেলাইছে সেই বিষয়ে উল্লেখ কৰি ফুটবলৰ দ্বাৰা সম্প্ৰদায়সমূহক একত্ৰিত কৰাৰ ক্ষেত্ৰত তেওঁৰ আনন্দ প্ৰকাশ কৰে।