তৃতীয় ভাৰত ভ্ৰমণৰ বাবে দিল্লীত উপস্থিত UAEৰ ৰাষ্ট্ৰপতিক আদৰণি প্ৰধানমন্ত্ৰী মোদীৰ

Story by  atv | Posted by  Munni Begum • 19 h ago
 UAEৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানক আদৰণি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
UAEৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানক আদৰণি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
 
নতুন দিল্লী
 
তৃতীয় ভাৰত ভ্ৰমণৰ বাবে দিল্লীত উপস্থিত সংযুক্ত আৰব আমিৰশ্বাহী (UAE)ৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ান। সংযুক্ত আৰব আমিৰশ্বাহী (UAE)ৰ ৰাষ্ট্ৰপতিগৰাকীয়ে সোমবাৰে দিল্লীত উপস্থিত হোৱাৰ পিচতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক বিমানবন্দৰত আদৰণি জনায়। ইউ এ ইৰ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে লোক কল্যাণ মাৰ্গৰ বাসগৃহত দ্বিপাক্ষিক আলোচনাত মিলিত হয় প্ৰধানমন্ত্ৰী মোদী। এই বৈঠকতেই দুয়োখন দেশৰ মাজত স্বাক্ষৰিত হয় বুজাবুজি চুক্তি।
 
উল্লেখ্য় যে, এই আলোচনাৰ পূৰ্বে বিমানবন্দৰত ইউ এ ইৰ ৰাষ্ট্ৰপতিক আদৰণি জনোৱাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক্সত লিখিছে, "মই মোৰ ভাতৃ ইউ এ ইৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানক আদৰণি জনাবলৈ বিমানবন্দৰলৈ গৈছিলো। তেওঁৰ এই ভ্ৰমণে ভাৰত-ইউ এ ইৰ শক্তিশালী বন্ধুত্বক তেওঁ কিমান গুৰুত্ব দিয়ে সেই কথাকেই প্ৰতিফলিত কৰিছে। আমাৰ আলোচনাৰ বাবে অপেক্ষা কৰিলো।" 
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইউ এ ইৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে ফটোও শ্বেয়াৰ কৰিছে, য’ত এখন গাড়ীৰ ভিতৰত নেতা দুগৰাকীক দেখুওৱা ফটোও আছে। আন এখন ছবিত দুয়োগৰাকী নেতাকেই ইজনে-সিজনক সাৱটি ধৰা দেখা গৈছে। 
 
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে(MEA) প্ৰকাশ কৰা তেওঁৰ সূচী অনুসৰি আল নাহিয়ানে দুঘণ্টাৰো কম সময়ৰ বাবে ৰাষ্ট্ৰীয় ৰাজধানীত উপস্থিত থাকে। ইৰাণ-আমেৰিকাৰ সম্পৰ্কত তীব্ৰ অৱনতি হোৱা, য়েমেনক লৈ চৌদি আৰব আৰু সংযুক্ত আৰব আমিৰশ্বাহীৰ মাজত বৃদ্ধি পোৱা উত্তেজনা আৰু গাজাৰ অশান্ত ৰাজনৈতিক পৰিস্থিতিকে ধৰি মধ্যপ্ৰাচ্যৰ পৰিস্থিতি অধিক অৱনতি হোৱাৰ সময়তে ইউ এ ইৰ ৰাষ্ট্ৰপতিৰ এই ভ্ৰমণে অধিক গুৰুত্ব লাভ কৰিছে। অতি শীঘ্ৰে আল দুয়োগৰাকী নেতাই একাধিক বিষয়ত আলোচনা কৰিব বুলিও বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে।  
 
ইউ এ ইৰ ৰাষ্ট্ৰপতিগৰাকীৰ এই ভ্ৰমণৰ সৈতে পৰিচিত লোকসকলে কয় যে, ভাৰতীয় নেতৃত্বৰ সৈতে তেওঁৰ আলোচনাৰ কাৰ্যসূচীত বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা উদ্যোগত সহযোগিতা, শক্তি সম্পৰ্কীয় পদক্ষেপ আদি অন্তৰ্ভুক্ত হ’ব বুলি আশা কৰা হৈছে। তদুপৰি মধ্যপ্ৰাচ্যৰ পৰিস্থিতিও আলোচনাত স্থান পাব পাৰে বুলি তেওঁলোকে কয়। 
উল্লেখ্য় যে, ইউ এ ইৰ ৰাষ্ট্ৰপতি হোৱাৰ পিছত শ্বেখ মহম্মদৰ এয়া তৃতীয় ভাৰত ভ্ৰমণ। অৱশ্যে যোৱা দশকত এয়া তেওঁৰ পঞ্চমটো ভ্ৰমণ। মধ্য় প্ৰাচ্য়ৰ অশান্ত পৰিস্থিতিৰ মাজতেই ভাৰত-ইউ এ ইৰ সম্পৰ্কত এই ভ্ৰমণ তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে। বিগত কেইবা বছৰত ভাৰত-ইউ এ ইৰ মাজত কেইবাবাৰো উচ্চ পৰ্যায়ৰ ভ্ৰমণ হৈছে। 
 
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংযুক্ত আৰব আমিৰশ্বাহীৰ ৰাষ্ট্ৰপতিগৰাকীক ৰজাঘৰীয়া খোদিত কাঠৰ দোলনা উপহাৰ দিয়ে। গুজৰাটৰ পৰা অহা এই সুন্দৰকৈ খোদিত কাঠৰ দোলনা বহু গুজৰাটী পৰিয়ালৰ ঘৰৰ কেন্দ্ৰীয় বৈশিষ্ট্য। ইয়াত হাতেৰে খোদিত আৰু ফুল আৰু পৰম্পৰাগত ডিজাইন জটিলভাৱে খোদিত কৰা হৈছে। গুজৰাটী সংস্কৃতিত দোলনাক প্ৰজন্মৰ মাজত একেলগে থকা, পাৰস্পৰিক ক্ৰিয়া-কলাপ আৰু বন্ধনৰ প্ৰতীক হিচাপে গণ্য় কৰা হয়।
 
প্ৰধানমন্ত্ৰী মোদীয়ে এটা ধুনীয়া ৰূপৰ বাকচত পশ্মিনা চাদৰ উপহাৰ দিয়ে। তেলেংগানাত নিৰ্মিত ৰূপৰ সজ্জাগত বাকচত এই চাদৰখন ৰখা হৈছে। এইবোৰে একেলগে ভাৰতৰ হস্ততাঁত আৰু হস্তশিল্পৰ চহকী পৰম্পৰাক প্ৰতিনিধিত্ব কৰে। শ্বেখা ফাতিমা বিন্ত মুবাৰক আল কেতবিকো এটা সুন্দৰ ৰূপৰ বাকচত এই চাদৰ প্ৰদান কৰা হয়। লগতে ৰূপৰ ধুনীয়া বাকচ এটাত কাশ্মীৰী কেশৰ উপহাৰ দিয়ে।