গুৱাহাটী
সমাগত শাৰদীয় দুর্গোৎসৱ সন্দৰ্ভত কামৰূপ মহানগৰ জিলা আৰু আৰক্ষী-প্রশাসনে কেতবোৰ নির্দেশনা জাৰি কৰিছে। নির্দেশনা অনুসৰি, দুর্গা পূজা উদযাপনৰ নামত কোনো সমিতিয়ে বলপূর্বকভাৱে সংগ্রহ কৰিব নোৱাৰিব বৰঙণি। তদুপৰি প্ৰশাসনৰ অনুমতি অবিহনে মহানগৰীৰ ৰাজহুৱা স্থানত উদযাপন কৰিব নোৱাৰিব দুর্গা পূজা। পূজা শান্তিপূর্ণ আৰু শৃংখলাবদ্ধভাৱে পৰিচালনা কৰাৰ বাবে জিলা পুথিভঁৰালত অনুষ্ঠিত এক বৈঠকত এই নির্দেশনা জাৰি কৰা হৈছে। বৈঠকত কামৰূপ মহানগৰৰ অধীনস্থ পূজা সমিতিৰ প্রতিনিধিসমূহৰ সৈতে কামৰূপ মহানগৰ জিলা আৰু আৰক্ষী-প্রশাসনৰ লোকসকল উপস্থিত থাকে।
বৈঠকত প্ৰশাসনে জাৰি কৰা নিৰ্দেশনা অনুসৰি, দুর্গোৎসৱ উদযাপন সমিতিসমূহে আগতীয়াকৈ দিব লাগিব দুর্ঘটনা প্রতিৰোধ ব্যৱস্থাৰ লগতে বৈদ্যুতিক সংযোগ আৰু শব্দ ব্যৱস্থাৰ 'ফিটনেছ'ৰ প্রমাণপত্র, পূজা মণ্ডপত থাকিব লাগিব অগ্নিনির্বাপক সঁজুলিৰ ব্যৱস্থা। শব্দ প্রদূষণৰ নিয়ম মানি চলিব লাগিব সমিতিসমূহে।
পূজা উদযাপন সমিতিয়ে আগতীয়াকৈ আৰক্ষীক দাখিল কৰিব লাগিব স্বেচ্ছাসেৱকৰ তালিকা, মানি চলিব লাগিব যান-বাহনৰ নিয়ম। বাট-পথ বন্ধ কৰি কোনো সমিতিয়ে উদযাপন কৰিব নোৱাৰিব দুর্গোৎসৱ। মণ্ডপৰ এশ মিটাৰ ব্যাসার্ধত 'পার্কিং জ'ন'ৰ ব্যৱস্থা কৰিব নোৱাৰিব। তদুপৰি পূজাস্থলীত জৰুৰীকালীন চিকিৎসা সেৱাৰ ব্যৱস্থা থাকিব লাগিব। পূজা মণ্ডপত পৰিষ্কাৰ-পৰিচ্ছন্নতা বৰ্তাই ৰাখিব লাগিব আৰু পূজা মণ্ডপৰ আশে-পাশে মাদকদ্রব্য মুক্ত অঞ্চল বুলি ফলক আৰিব লাগিব। ইয়াৰ লগতে প্রতিমা বিসর্জনৰ সময়ত প্রশাসনে বান্ধি দিয়া নিয়ম মানি চলিব লাগিব। অনুমতি নোলোৱাকৈ অকর্তৃত্বশীলভাৱে কোনেও শোভাযাত্রা উলিয়াব নোৱাৰিব। প্রতিমা বিসর্জনৰ সময়ত ফটকাজাতীয় সামগ্রী ব্যৱহাৰ কৰিব নোৱাৰিব।
আৰক্ষী আয়ুক্ত পার্থসাৰথি মহন্তই যাৱতীয় নীতি-নির্দেশনা মানি শান্তিপূর্ণ আৰু সুশৃংখলভাৱে পূজা উদ্যাপন কৰিবলৈ সকলো পক্ষলৈ আহ্বান জনায়। কামৰূপ মহানগৰ জিলা প্রশাসন, মহানগৰ আৰক্ষী আয়ুক্তসহ যান-বাহন আৰক্ষী, অগ্নিনির্বাপক বাহিনী, আভ্যন্তৰীণ জল পৰিবহণ বিভাগ, গুৱাহাটী পৌৰ নিগম, স্বাস্থ্য বিভাগ, প্রদূষণ নিয়ন্ত্রণ ব'ৰ্ডৰ বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত মহানগৰ আৰক্ষী প্রশাসনে সমাগত দুর্গা পূজা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত কেতবোৰ কঠোৰ নীতি-নির্দেশনা (এছ অ'পি) জাৰি কৰিছে।
এই সন্দর্ভত যুটীয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈনে কয়, 'জনসমাগমৰ প্ৰতি লক্ষ্য ৰাখি পূজা সমিতিসমূহে মহিলা আৰু পুৰুষৰ বাবে পৃথককৈ প্ৰৱেশ আৰু প্রস্থানৰ ব্যৱস্থা, পূজা সম্পন্ন হোৱাৰ পিচত ঠাইসমূহ পৰিষ্কাৰ কৰাৰ লগতে পেলনীয়া সামগ্রীসমূহ সঠিকভাৱে নিষ্কাশনৰ ব্যৱস্থা কৰিব লাগিব। পূজা সমিতিসমূহে পূজাথলীত সঠিক ৰূপত চিচি কেমেৰা স্থাপন, স্বেচ্ছাসেৱক (পুৰুষ-মহিলা) নিয়োগ, ৰাজহুৱা ঘোষণা ব্যৱস্থা অর্থাৎ মাইকৰ ব্যৱহাৰ কৰিব লাগিব। ভক্তসকলৰ সুৰক্ষাৰ স্বাৰ্থত অর্থাৎ জৰুৰীকালীন পৰিস্থিতিৰ বাবে পূজাথলীৰ সমীপত অলপ খালী ঠাই ৰখাৰ উপৰি পূজা পেণ্ডেলত 'সুৰাপান নিষিদ্ধ এলেকা' কৰিব লাগিব।'
বিসর্জনৰ শোভাযাত্ৰাৰ সময় আগতীয়াকৈ জিলা প্রশাসনক জনোৱাৰ লগতে নিচাযুক্ত দ্রব্য সেৱন কৰি পৰিবেশ যাতে বিনষ্ট কৰিব নোৱাৰে তাৰ প্ৰতি সতর্ক দৃষ্টি ৰাখিবলৈ পুজা সমিতিসমূহক যুটীয়া আৰক্ষী আয়ুক্তগৰাকীয়ে পৰামর্শ আগবঢ়াই। সেইদৰে যান-বাহনৰ নিৰ্দেশনা মানি চলিবলৈ তেওঁ নির্দেশ দিয়ে।
আনৰ সুবিধা নোহোৱাকৈ দায়িত্বসহকাৰে উৎসৱ-পার্বণ পালন কৰি যাবলৈ যুটীয়া আৰক্ষী আয়ুক্তগৰাকীয়ে সকলোকে আহ্বান জনায়। বৈঠকত অংশ লৈ অতিৰিক্ত জিলা আয়ুক্ত অজিত কুমাৰ শর্মাই প্রতিটো পূজা মণ্ডপত অগ্নিনির্বাপক বাহিনীৰ সঁজুলি, শুকান বালি ভৰোৱা বাল্টি মজুত ৰাখিবলৈ আহ্বান জনায়। দুর্যোগ প্রশমনৰ ক্ষেত্ৰত অসুবিধাৰ সম্মুখীন হ'লে জিলা জৰুৰীকালীন অভিযান কেন্দ্ৰৰ ০৩৬১-১০৭৭ আৰু ৯৩৬৫৪-২৯৩১৪ নম্বৰত যোগাযোগ কৰিবলৈ তেওঁ আহ্বান জনায়।
বৈঠকত পশ্চিম গুৱাহাটী জিলাৰ উপ-আৰক্ষী আযুক্ত পদ্মনাভ বৰুৱা, মহকুমা দণ্ডাধীশ কংকণ শর্মা, যান-বাহন আৰক্ষীৰ উপ-আয়ুক্ত জয়ন্ত সাৰথি বৰা, মহানগৰ আৰক্ষীৰ নিৰাপত্তা আৰু চোৰাংচোৱাৰ উপ-আয়ুক্ত ধ্রুব বৰা, গুৱাহাটী পৌৰ নিগমৰ যুটীয়া সচিব ড' ধ্রুৱজ্যোতি হাজৰিকা, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ অপূর্ব কৃষ্ণ শর্মা, প্রদূষণ নিয়ন্ত্রণ পৰিষদৰ অভিযন্তা, জিলা প্রশাসনৰ বিষয়া-কর্মচাৰী প্রমুখ্যে বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে।