মণিপুৰত পুনৰ ৬ মাহলৈ বৃদ্ধি ৰাষ্ট্ৰপতি শাসনৰ ম্যাদ

Story by  atv | Posted by  Munni Begum • 1 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
ইম্ফল
 
মণিপুৰত পুনৰ ৬ মাহৰ বাবে  বৃদ্ধি কৰা হৈছে ৰাষ্ট্ৰপতিৰ শাসন। এতিয়া ২০২৬ চনৰ ১৩ ফেব্ৰুৱাৰীলৈকে ৰাজ্যখনত অব্যাহত থাকিব এই ৰাষ্ট্ৰপতি শাসন।
 
মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ পদত্যাগৰ মাত্ৰ তিনিদিন পিছতে কেন্দ্ৰীয় চৰকাৰে ১৩ ফেব্ৰুৱাৰীত ৰাজ্যখনত ৰাষ্ট্ৰপতিৰ শাসন জাৰি কৰিছিল। ইয়াৰ পিছত দ্বিতীয়বাৰৰ বাবে পুনৰ ইয়াৰ সময়সীমা বৃদ্ধি কৰা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে লোকসভাত ইয়াৰ অনুমোদন বিচাৰিছিল। 
 
এই সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে, কাৰণ মণিপুৰৰ পৰিস্থিতি এতিয়াও সম্পূৰ্ণ স্বাভাৱিক নহয়। ২০২৫ চনৰ ১৩ ফেব্ৰুৱাৰীত তেতিয়াৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ পদত্যাগৰ পিছত তাত ৰাষ্ট্ৰপতিৰ শাসন দিয়া হয়। এতিয়া ২০২৬ চনৰ ১৩ ফেব্ৰুৱাৰীলৈ বৃদ্ধি কৰাৰ বাবে সংসদৰ অনুমোদন বিচৰা হৈছে।