গুৱাহাটী
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰবাৰ বিশ্বৰ জনপ্ৰিয় নেতা হিচাপে স্থান লাভ কৰিছে। এই তালিকাখন বিজনেছ ইনটেলিজেন্স কোম্পানী মৰ্নিং কনছাল্টে প্ৰকাশ কৰিছে। মৰ্নিং কনছাল্টে প্ৰকাশ কৰা ২০২৫ চনৰ জুলাই মাহৰ শেহতীয়া প্ৰতিবেদন অনুসৰি প্ৰধানমন্ত্ৰী মোদীয়ে ৭৫ শতাংশ লোকৰ অনুমোদন ৰেটিং লাভ কৰিছে।
কোৱা হৈছে যে এই তালিকাখন ৪ জুলাইৰ পৰা ১০ জুলাইৰ ভিতৰত নিৰ্মাণ কৰা হৈছিল। ২০খনতকৈও অধিক দেশৰ নেতাসকলক এই সমীক্ষাত অন্তৰ্ভুক্ত কৰা হৈছে। বিজেপিৰ আই টি চেলৰ মুৰব্বী অমিত মালৱিয়াইও প্ৰধানমন্ত্ৰী গৰাকীক আটাইতকৈ জনপ্ৰিয় নেতা হিচাপে নিৰ্বাচিত কৰা সন্দৰ্ভত ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছে।
এই পোষ্টটোত তেওঁ লিখিছে যে এক বিলিয়নতকৈও অধিক ভাৰতীয়ৰ প্ৰিয় আৰু বিশ্বৰ লাখ লাখ মানুহে সন্মান কৰা, মৰ্নিং কনছাল্ট গ্ল’বেল লিডাৰ এপ্ৰুভেল ট্ৰেকাৰত পুনৰ শীৰ্ষস্থান দখল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
বিশ্বৰ সৰ্বোচ্চ ৰেটিং পোৱা আৰু আটাইতকৈ বিশ্বাসযোগ্য নেতা। শক্তিশালী নেতৃত্ব। বিশ্বব্যাপী সন্মান। নিৰাপদ হাতত ভাৰত।
এই সমীক্ষা অনুসৰি ড’নাল্ড ট্ৰাম্প আৰু মেলনীৰ দৰে নেতাও জনপ্ৰিয়তাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদীৰ পিছত আছে। এই তালিকাত দ্বিতীয় স্থানত আছে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি লি জে-ম্যুং। তেওঁ ৫৯ শতাংশ অনুমোদন ৰেটিং লাভ কৰিছে। তিনি নম্বৰত আছে আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি জেভিয়াৰ মিলী।তেওঁ ৫৭ শতাংশ ভোট লাভ কৰিছে।
ইয়াৰ পিছতে কানাডাৰ মাৰ্ক কাৰ্নীয়ে ৫৬ শতাংশ ভোট আৰু অষ্ট্ৰেলিয়াৰ এণ্টনি আলবানিজে ৫৪ শতাংশ ভোট লাভ কৰে।
আনহাতে ড’নাল্ড ট্ৰাম্পে অনুমোদন ৰেটিংত ৪৪ শতাংশ ভোট লাভ কৰিছে। একে সময়তে ইটালীৰ জৰ্জিয়া মেল’নীয়ে লাভ কৰিছে ৪০ শতাংশ অনুমোদন ৰেটিং।