গুৱাহাটী
লোকসভা নিৰ্বাচনৰ বাবে অব্যাহত থকা যুদ্ধংদেহি তৎপৰতাৰ মাজতে অহা ৮ মাৰ্চৰ সন্ধিয়া অসমত উপস্থিত হ'ব প্রধানমন্ত্রী নৰেন্দ্ৰ মোডী। কেইবাটাও কার্যসূচী লৈ অসমলৈ আহিবলগীয়া প্রধানমন্ত্ৰীগৰাকীয়ে ৮ মাৰ্চৰ নিশাটো কাজিৰঙাত কটাব বুলি চৰকাৰী সূত্রই সদৰী কৰে।
কাজিৰঙাৰ আৰক্ষী অতিথিশালাত নিশাটো কটাই ৯ মার্চত মোডীয়ে উন্মোচন কৰিব যোৰহাটৰ হোলোংপাৰত নির্মাণ হোৱা ১২৫ ফুট ওখ লাচিতৰ প্রতিমূর্তি। আনহাতে সিদিনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে যোৰহাটত এখন বিশাল জনসভাক সম্বোধন কৰিব। উক্ত জনসভাতে প্রধানমন্ত্রীয়ে লাখপতি বাইদেউসকলৰ সৈতে বার্তালাপ কৰিব।
ইপিনে এই ভ্রমণকালতে প্রধানমন্ত্রী মোডীয়ে শিৱসাগৰ চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ছয় লাখ প্রধানমন্ত্রী আবাস যোজনাৰ ঘৰৰ হিতাধিকাৰীৰ গৃহ প্রৱেশ অনুষ্ঠানো আনুষ্ঠানিকভাৱে মুকলি কৰাৰ সম্ভাৱনা আছে।
উল্লেখযোগ্য যে, প্রধানমন্ত্ৰীগৰাকী ৮ মার্চত অসমলৈ অহাটো প্রায় নিশ্চিত যদিও এতিয়ালৈ প্রধানমন্ত্রীৰ কাৰ্যালয়ৰ পৰা আনুষ্ঠানিকভাৱে ৰাজ্য চৰকাৰক এই সন্দর্ভত জনোৱা নাই।