কোনো শাস্ত্ৰই গৰু কোৰবানি কৰাৰ আদেশ নিদিয়ে: হিমন্ত বিশ্ব শৰ্মা

Story by  atv | Posted by  Munni Begum • 2 h ago
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা
 
গুৱাহাটী  
 
ঈদ আল আজহা নামেৰেও পৰিচিত বকৰি ঈদৰ পূৰ্বে সাম্প্ৰদায়িক সম্প্ৰীতিৰ বাবে আহ্বান জনাই মংগলবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই  গৰু কোৰবানি কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাই কয় যে কোনো ধৰ্মীয় শাস্ত্ৰই ইয়াক বাধ্যতামূলক নকৰে।
 
অসম বিধানসভাৰ অধিৱেশনৰ তৃতীয় দিনা ভাষণ প্ৰদান কৰি শৰ্মাই কয় যে অসমৰ কিছু বাঙালী মুছলমান সংগঠনে হিন্দু সম্প্ৰদায়ৰ অনুভূতিক সন্মান জনাই এই ঈদত কোৰবানি বাবে গৰু ব্যৱহাৰ নকৰাৰ বাবে সিদ্ধান্ত লৈছে।  
 
মুখ্যমন্ত্ৰীয়ে কয়, "এয়া এক নতুন যুগৰ ইংগিত আৰু আমাৰ সন্মুখত থকা ভৱিষ্যতৰ বাবে এক স্পষ্ট দিশ প্ৰদৰ্শন কৰিছে।" সাম্প্ৰদায়িক সম্প্ৰীতিৰ দিশত এক চিন্তাশীল পদক্ষেপ হিচাপে আখ্যা দিয়া অসমৰ মুছলমান সম্প্ৰদায়ক তেওঁ ধন্যবাদ জনায়। 
 
মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, যদি এই সিদ্ধান্ত ব্যাপকভাৱে ৰূপায়ণ কৰা হয়, তেন্তে হিন্দু সম্প্ৰদায়ৰ ওপৰত ইয়াৰ গভীৰ প্ৰভাৱ পৰিব আৰু ৰাজ্যখনত শান্তিপূৰ্ণ সহাৱস্থান শক্তিশালী হ'ব। তেওঁ লগতে কয়, "আমি সদায়েই অসমৰ জনসাধাৰণে একেলগে শান্তিপূৰ্ণভাৱে বাস কৰিব লাগে বুলি আশা কৰিছো আৰু এই পদক্ষেপৰ দ্বাৰা সেই মনোভাৱ আগুৱাই নিব লাগিব।" 
 
তেওঁ আৰু কয় যে, যিসকলে এতিয়াও সিদ্ধান্ত লোৱা নাই, তেওঁলোকে "অন্যসকলৰ পৰা প্ৰেৰণা লওক" আৰু এইবাৰ কোৰবানিৰ বাবে গৰু ব্যৱহাৰ নকৰিবলৈ আহ্বান জনায়। অনেকে ইতিমধ্যে এই সিদ্ধান্ত লৈছে।