৮ ছেপ্টেম্বৰত অসম ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
গুৱাহাটী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেইবাটাও চৰকাৰী কাৰ্যসূচীৰ বাবে অহা ৮ ছেপ্টেম্বৰত অসমলৈ আহিব বুলি কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
সংবাদমেলত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে ৮ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম ভ্ৰমণ কৰিব আৰু তেওঁ তিনিটা চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।
ইয়াৰ পূৰ্বে আজি প্ৰধানমন্ত্ৰী মোদীয়ে বিহাৰ আৰু পশ্চিম বংগ ভ্ৰমণৰ আহিছে। য’ত তেওঁ ১২ হাজাৰ কোটি টকাৰ অধিক মূল্যৰ আন্তঃগাঁথনি প্ৰকল্পৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন কৰিব।
বিহাৰৰ মতিহাৰীত প্ৰধানমন্ত্ৰীয়ে ৭,২০০ কোটিৰো অধিক মূল্যৰ প্ৰকল্প আৰম্ভ কৰিব, য’ত নতুন চফটৱেৰ টেকন’লজি পাৰ্ক, চাৰিখন অমৃত ভাৰত ৰে’লৰ প্ৰৱৰ্তন, আৰু কেইবাটাও পথ আন্তঃগাঁথনি উন্নীতকৰণ আদি অন্তৰ্ভুক্ত।
বিহাৰ ভ্ৰমণৰ পিছত প্ৰধানমন্ত্ৰীয়ে পশ্চিম বংগৰ দুৰ্গাপুৰলৈ যাত্ৰা কৰিব, য’ত তেওঁ ৫,০০০ কোটিতকৈ অধিক প্ৰকল্পৰ ভেটি স্থাপন কৰিব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এক বিবৃতিত কোৱা হৈছে যে এইবোৰে তেল আৰু গেছ, বিদ্যুৎ, পথ, ৰে’লৱেকে ধৰি জটিল খণ্ডসমূহক সামৰি ল’ব।