নতুন দিল্লী
ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ মুখত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসা। বৃহস্পতিবাৰে (স্থানীয় সময় অনুসৰি) প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বক প্ৰশংসা কৰি তেওঁক 'জ্ঞানী নেতা' বুলি অভিহিত কৰে। লগতে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰথমে নিজৰ দেশৰ বিষয়ে চিন্তা কৰে। ছোচিত অনুষ্ঠিত ভালদাই ডিচকাচন ক্লাবৰ পূৰ্ণাংগ অধিবেশনত ভাষণ দি পুটিনে ভাৰত আৰু ৰাছিয়া দুয়োখন দেশৰ মাজত বিশেষ সম্পৰ্ক থকাৰ কথাও উল্লেখ কৰে।
ৰাছিয়াৰ সংবাদ মাধ্যম অনুসৰি পুটিনে কয়, "ভাৰতৰ মানুহে এই কথা আৰু আমাৰ সম্পৰ্কৰ কথা নাপাহৰে, মোৰ বিশ্বাস। প্ৰায় ১৫ বছৰ পূৰ্বে আমি বিশেষ সুবিধাপ্ৰাপ্ত কৌশলগত অংশীদাৰিত্বৰ বিষয়ে ঘোষণা কৰিছিলোঁ আৰু সেয়াই সৰ্বোত্তম বৰ্ণনা। প্ৰধানমন্ত্ৰী মোদী এগৰাকী অতি জ্ঞানী নেতা, যিয়ে প্ৰথমে নিজৰ দেশৰ কথা চিন্তা কৰে।"
উল্লেখযোগ্য যে, চলিত বৰ্ষৰ শেষৰ ফালে পুটিনে ভাৰত ভ্ৰমণ কৰাৰ বাতৰি প্ৰকাশ পোৱাৰ পিছতে পুটিনৰ মুখত মোদীৰ প্ৰশংসাৰ কথা ওলাইছে। ৰাষ্ট্ৰপতি পুটিনৰ ভ্ৰমণৰ পূৰ্বে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছাৰ্গেই লাভৰভেও শীৰ্ষ সন্মিলনৰ প্ৰস্তুতি আৰু দ্বিপাক্ষিক বিষয়ত আলোচনা কৰিবলৈ ভাৰত ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে।
২৭ ছেপ্টেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৮০ সংখ্যক অধিবেশনত লাভৰভে ঘোষণা কৰে যে ডিচেম্বৰ মাহত ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ নতুন দিল্লী ভ্ৰমণৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ ফলত চলিত কূটনৈতিক প্ৰস্তুতি চলাই থকা হৈছে।
ইফালে, ভালদাই ডিছকাচন ক্লাবত ভাৰতীয় আমদানিৰ ওপৰত আমেৰিকাৰ শুল্ক আৰোপ কৰা বিষয়টোক লৈ ৰাষ্ট্ৰপতি পুটিনে গুৰুত্ব প্ৰদান কৰি কয় যে যদিহে ৰাছিয়াৰ তেল ক্ৰয় কৰা বন্ধ কৰে তেন্তে ৯ৰ পৰা ১০ বিলিয়ন মাৰ্কিন ডলাৰৰ অৰ্থনৈতিক লোকচান হ’ব পাৰে। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোনো বিদেশী হেঁচাত শিৰ নত নকৰে বুলি আস্থা প্ৰকাশ কৰাৰ লগতে ভাৰতৰ মৰ্যাদা আৰু কৌশলগত স্বাধীনতাকো সমৰ্থন কৰে।
"ইয়াত কোনো ৰাজনৈতিক দিশ নাই; ই বিশুদ্ধ অৰ্থনৈতিক হিচাপ। ভাৰতে আমাৰ শক্তি সম্পদ ত্যাগ কৰিবনেকি ? যদি সেইটো কৰে তেন্তে ইয়াৰ ফলত কিছুমান লোকচান হ’ব। অনুমান বেলেগ বেলেগ; কিছুমানে কয় যে ই প্ৰায় ৯-১০ বিলিয়ন ডলাৰ হ’ব পাৰে। কিন্তু যদি তেওঁলোকে নাকচ নকৰে তেন্তে নিষেধাজ্ঞা আৰোপ কৰা হ’ব আৰু লোকচানো একেই হ’ব। গতিকে কিয় নাকচ কৰিব, যদি ঘৰুৱা ৰাজনৈতিক মূল্যও বহন কৰিব লাগে ? (ভাৰতীয় মানুহে) কেতিয়াও কাৰো ওচৰত নিজকে অপমানিত হ’বলৈ নিদিয়ে । মই প্ৰধানমন্ত্ৰী (নৰেন্দ্ৰ) মোদীক চিনি পাওঁ, তেওঁ এনে কোনো সিদ্ধান্ত ল’ব নোৱাৰে।’’ পুটিনৰ উদ্ধৃতিৰে ৰাছিয়া টুডেয়ে কয়।
উল্লেখ্য যে, ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত ভাষণৰ সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইউক্ৰেইন যুদ্ধৰ 'মূল পুঁজিদাতা' বুলি আখ্যা দি চীন আৰু ভাৰতক ৰাছিয়াৰ তেল ক্ৰয় অব্যাহত ৰাখি ইয়াৰ বাবে বিত্তীয় সাহায্য প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰাৰ দুসপ্তাহৰ পাছতে পুটিনৰ এই মন্তব্য আহিছে।
উল্লেখযোগ্য যে, ট্ৰাম্পে কয় ৰাছিয়াৰ তেল ক্ৰয় অব্যাহত ৰাখি চলি থকা যুদ্ধৰ প্ৰধান পুঁজিদাতা হৈছে চীন আৰু ভাৰত।