গুৱাহাটী
লক্ষীপুৰ, ধুবুৰী কাণ্ডক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। শুকুৰবাৰে এখন সংবাদমেলখনত মুখ্যমন্ত্ৰী গৰাকীয়ে ডাঙৰ ঘোষণা কৰিছে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ‘এতিয়াৰে পৰা নামঘৰ-মন্দিৰৰ ৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনেও কুৰবাণী দিব নোৱাৰিব। কেৱল কুৰবাণী দিয়াই নহয় মন্দিৰ-গুৰুদ্বাৰৰ ৫ কিলোমিটাৰৰ ভিতৰত কোনো লোকে গো মাংস কাবও নোৱাৰিব। এইবাৰ ঈদ-উল-জোহাৰ সময়ত আইন উলংঘন কৰা হৈছিল।'
‘প্ৰশাসনৰ হেমাহিৰ বাবেই এইধৰণৰ ঘটনা সংঘটিত হ’ল। সমগ্ৰ ঘটনাবোৰ নামঘৰ, মন্দিৰৰ ৫ কিঃমিঃ ভিতৰত সংঘটিত হৈছে। যাৰবাবে এতিয়াৰে পৰা মন্দিৰ, নামঘৰৰ ৫ কিঃমিঃ ভিতৰত কুৰবাণী দিয়াত নিষেধাজ্ঞা জাৰি কৰা হৈছে। ঈদৰ সময়ত বা আন সময়ত যদি কোনো ব্যক্তিয়ে এই কাম কৰিলেই কঠোৰ ব্যৱস্থা লোৱা হ’ব', মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়।
‘গো-সুৰক্ষা বিধেয়কখন এতিয়াৰে পৰা অধিক কটকটীয়া হ’ব। ভৱিষ্যতে ঈদৰ সময়ত এই আইন কঠোৰভাৱে বলৱৎ কৰা হ’ব।লক্ষীপুৰ, ধুবুৰীৰ জিলা প্ৰশাসনক অধিক কঠোৰ হোৱাৰ বাবে নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে। গো-মাংস বাবে চৰকাৰে এখন বিশেষ SOP প্ৰস্তুত কৰিব বুলিও মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে।