নতুন দিল্লী
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুদ্ৰানীতি সমিতিয়ে (Monetary Policy Committee, MPC) ৰেপো ৰেট ৫.৫ শতাংশত অপৰিৱৰ্তিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। শুল্ক অনিশ্চয়তাৰ ওপৰত উদ্বেগ প্ৰকাশ কৰি ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই বুধবাৰে এই কথা উল্লেখ কৰিছে।
চলিত বিত্তীয় বৰ্ষৰ চতুৰ্থ দ্বিমাহেকীয়া মুদ্ৰানীতিৰ কথা ঘোষণা কৰি ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰে কয় যে, এম পি চিয়ে সৰ্বসন্মতিক্ৰমে নিৰপেক্ষ স্থিতিৰে হ্ৰস্বম্যাদী ঋণৰ হাৰ বা ৰেপো ৰেট ৫.৫ শতাংশ অপৰিৱৰ্তিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
গৱৰ্ণৰ মালহোত্ৰাই কয় যে, জি এছ টিৰ যুক্তিসংগতকৰণে মুদ্ৰাস্ফীতিৰ ওপৰত গুৰুতৰ প্ৰভাৱ পেলাব। একে সময়তে ব্যয় আৰু বিকাশৰ ক্ষেত্ৰতো উদ্দীপনা যোগাব। আৰ বি আইৰ গৱৰ্ণৰে কয় যে, জি এছ টি আৰু অন্যান্য সংস্কাৰে অৰ্থনৈতিক বিকাশৰ ওপৰত বাহ্যিক কাৰকৰ প্ৰভাৱত কিছু পৰিমাণে ক্ষতিপূৰণ যোগোৱাৰ সম্ভাৱনা আছে।
গৱৰ্ণৰ মালহোত্ৰাই কয়, "অৰ্থনৈতিক বিকাশৰ স্থিতি স্থিতিস্থাপক হৈয়ে আছে। অনুকূল বৰ্ষা ঋতু, কম মুদ্ৰাস্ফীতি আৰু মুদ্ৰাৰ শিথিলতাই ইয়াত সহায় কৰিছে। এই বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্ৰৈমাসিকতো ঘৰুৱা অৰ্থনৈতিক কাৰ্যকলাপে গতি অব্যাহত ৰখা হৈছে।"
তেওঁ কয় যে, জি এছ টিৰ হাৰ যুক্তিসংগতকৰণে ব্যয় আৰু বিকাশৰ ওপৰত গুৰুতৰ প্ৰভাৱ পেলাব যদিও শুল্ক সম্পৰ্কীয় ঘটনাই চলিত বিত্তীয় বৰ্ষৰ দ্বিতীয়াৰ্ধত অৰ্থনৈতিক সম্প্ৰসাৰণৰ গতি লেহেমীয়া কৰিব পাৰে।
তেওঁ কয়, "এই বিত্তীয় বৰ্ষৰ দ্বিতীয়াৰ্ধত শুল্ক সম্পৰ্কীয় ঘটনাৰ বাবে বিকাশৰ গতি মন্থৰ হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে শক্তিশালী ৰেমিটেন্সে (remittance) চলিত বিত্তীয় বৰ্ষত চলিত একাউণ্টৰ ঘাটি স্থায়ী কৰি ৰাখিব।"
২০২৫ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা আৰ বি আয়ে ৰেপো ৰেট ১০০ বেছিছ পইণ্ট হ্ৰাস কৰিছে। জুন মাহত পূৰ্বৰ নীতি পৰ্যালোচনাত ৰেপোৰ হাৰ ৫০ বেছিছ পইণ্ট হ্ৰাস কৰি ৫.৫ শতাংশ কৰিছিল। আৰ বি আইৰ গৱৰ্ণৰে কয়, "এই বছৰ মুঠ ১০০ বেছিছ পইণ্ট ৰেট কৰ্তনৰ ফলত নতুন ঋণত ৫৮ বেছিছ পইণ্ট হ্ৰাস পাইছে।"
গ্ৰাহক মূল্য সূচকাংক (Consumer Price Index, CPI) ভিত্তিক খুচুৰা মুদ্ৰাস্ফীতি যাতে দুয়োপক্ষৰ ২ শতাংশ ব্যৱধানত ৪ শতাংশ হৈ থাকে তাৰ বাবে কেন্দ্ৰীয় বেংকটোক চৰকাৰে দায়িত্ব অৰ্পণ কৰিছে।
আনহাতে, আৰ বি আয়ে ২০২৬ বিত্তীয় বৰ্ষৰ বাবে মুদ্ৰাস্ফীতি ২.৬ শতাংশ হ’ব বুলি পূৰ্বানুমান কৰিছে, যিটো পূৰ্বৰ পূৰ্বানুমান ৩.১ শতাংশতকৈ কম। ভাৰতৰ $৭০০.২ বিলিয়নৰ ফৰেক্স ৰিজাৰ্ভ ১১ মাহৰ আমদানিৰ বাবে যথেষ্ট বুলি মালহোত্ৰাই মন্তব্য কৰিছে।