নতুন দিল্লী
দেশৰ ৭৭ সংখ্যক গণতন্ত্ৰ দিৱস ২০২৬ বৰ্ষৰ ২৬ জানুৱাৰীত ৰাজধানী নতুন দিল্লীৰ কৰ্তব্য পথত ব্যাপক উৎসাহ-উদ্দীপনাৰে উদযাপন কৰা হ’ব। এই উপলক্ষে আয়োজিত গণতন্ত্ৰ দিৱসৰ পেৰেড উপভোগ কৰিবলৈ সমগ্ৰ দেশৰ প্ৰায় ১০,০০০ বিশেষ অতিথি (পত্নী/স্বামীসহ)ক আমন্ত্ৰণ জনোৱা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে এক বিবৃতিযোগে এই তথ্য সদৰী কৰিছে।
প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে জনোৱা মতে, এই বিশেষ অতিথিসকলক সমাজৰ বিভিন্ন শ্ৰেণীৰ পৰা নিৰ্বাচন কৰা হৈছে। ইয়াৰ ভিতৰত আছেঃ আয় আৰু নিয়োগ সৃষ্টিত উৎকৃষ্ট কাম কৰা ব্যক্তি, প্ৰতিভাশালী উদ্ভাৱক, গৱেষক আৰু ষ্টাৰ্ট-আপ উদ্যমী, আত্মসহায়ক গোটৰ প্ৰতিনিধি আৰু চৰকাৰী প্ৰধান আঁচনিসমূহৰ অধীনত শ্ৰেষ্ঠ প্ৰদৰ্শন কৰা হিতাধিকাৰী। এই সকলোকে আমন্ত্ৰণ জনোৱাৰ মূল উদ্দেশ্য হৈছে ৰাষ্ট্ৰ নিৰ্মাণত তেওঁলোকৰ অৱদানক সন্মান জনোৱা আৰু ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ অনুষ্ঠানবোৰত জনসাধাৰণৰ অংশগ্ৰহণ অধিক শক্তিশালী কৰা।
এই বিশেষ অতিথিসকলৰ বাবে কৰ্তব্য পথৰ প্ৰধান স্থানত বহাৰ ব্যৱস্থা কৰা হৈছে যাতে তেওঁলোকে পেৰেড ওচৰৰ পৰা চাব পাৰে। গণতন্ত্ৰ দিৱসৰ অনুষ্ঠানৰ উপৰি তেওঁলোকৰ বাবে দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক, প্ৰধানমন্ত্ৰী সংগ্ৰহালয় আৰু অন্যান্য উল্লেখযোগ্য পৰ্যটন স্থলী ভ্ৰমণৰো বিশেষ ব্যৱস্থা কৰা হৈছে। ইয়াৰ লগতে তেওঁলোকে সংশ্লিষ্ট কেন্দ্ৰীয় মন্ত্ৰীসকলৰ সৈতে সাক্ষাৎ আৰু বাৰ্তালাপ কৰাৰ সুযোগ লাভ কৰিব।
আনহাতে, ৭৭ সংখ্যক গণতন্ত্ৰ দিৱস উদযাপনৰ পূৰ্বে দিল্লী আৰক্ষীয়ে কৰ্তব্য পথ আৰু সমগ্ৰ নতুন দিল্লী জিলাত অত্যাধুনিক প্ৰযুক্তিভিত্তিক সুৰক্ষা ব্যৱস্থা কাৰ্যকৰী কৰিছে। চোৰাংচোৱা সংস্থাৰ পৰা পোৱা সন্ত্ৰাসবাদ সম্পৰ্কীয় ভাবুকিৰ তথ্যৰ পৰিপ্ৰেক্ষিতত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰা হৈছে। সমগ্ৰ এলেকাত চিচিটিভি কেমেৰা, ড্ৰোনৰ জৰিয়তে নিৰীক্ষণ আৰু বিশেষ নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে।
এই বছৰ গণতন্ত্ৰ দিৱসৰ অনুষ্ঠানৰ বাবে নিৰ্ধাৰিত আসনসমূহক ভাৰতৰ নদীবোৰৰ নামেৰে নামকৰণ কৰা হৈছে, যিয়ে দেশৰ সাংস্কৃতিক আৰু ভৌগোলিক ঐতিহ্যক প্ৰতিফলিত কৰে। ইয়াৰ লগতে অতিথিসকলৰ সুবিধা আৰু সুৰক্ষাৰ কথা লক্ষ্য ৰাখি নিৰাপত্তা বাহিনী মোতায়েনৰ পদ্ধতিতো বহুতো গুৰুত্বপূৰ্ণ পৰিৱৰ্তন কৰা হৈছে।
দিল্লী আৰক্ষীয়ে সকলো আমন্ত্ৰিত অতিথিক তেওঁলোকৰ আমন্ত্ৰণ পত্ৰত দিয়া নিৰ্দেশনাসমূহ মনোযোগেৰে পঢ়িবলৈ আৰু কেৱল নিৰ্ধাৰিত পথসমূহ ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে। যাতায়াতৰ পথ, পাৰ্কিং আৰু আসন সংক্ৰান্তীয় সকলো তথ্য প্ৰতিৰক্ষা মন্ত্ৰ্যালয় আৰু দিল্লী আৰক্ষীৰ অফিচিয়েল ৱেবচাইটত উপলব্ধ কৰা হৈছে। প্ৰশাসনে ৰাইজৰ সহযোগিতা কামনা কৰি কয় যে সুৰক্ষা নীতিসমূহ পালন কৰিহে এই ৰাষ্ট্ৰীয় উৎসৱক সুৰক্ষিত আৰু সফল কৰি তুলিব পৰা যাব।