ৰাজ্যিক কেঞ্চাৰ প্ৰতিষ্ঠানলৈ ৰ’টাৰী ক্লাৱৰ এম্বুলেন্স প্রদান

Story by  atv | Posted by  [email protected] • 13 d ago
ৰাজ্যিক কেঞ্চাৰ প্ৰতিষ্ঠানলৈ ৰ’টাৰী ক্লাৱৰ এম্বুলেন্স প্রদান
ৰাজ্যিক কেঞ্চাৰ প্ৰতিষ্ঠানলৈ ৰ’টাৰী ক্লাৱৰ এম্বুলেন্স প্রদান
 
গুৱাহাটী

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীনস্থ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানলৈ আজি গুৱাহাটীৰ ৰটাৰী ক্লাবৰ সহযোগত জিলা অনুদানৰ অধীনত ৰটাৰী ইণ্টাৰনেশ্যনেল ডিষ্ট্ৰিক্ট ৩২৪০ৰ দ্বাৰা এখন এম্বুলেন্স প্ৰদান কৰা হয়। প্ৰয়াত পিডিজি ৰমেশ পি আগৰৱালাৰ স্মৃতিত ৰটাৰী ইণ্টাৰনেশ্যনেল ডিষ্ট্ৰিক্ট ৩২৪০ৰ প্ৰকল্পৰ অংশ হিচাপে গুৱাহাটীৰ ৰটাৰী ক্লাবৰ সহযোগত জিলা অনুদানৰ অধীনত এই এম্বুলেন্সখন প্ৰদান কৰা হয়।
 
কেইবাবছৰ ধৰি গুৱাহাটীৰ ৰটাৰী ক্লাবে বিভিন্ন সামাজিক উন্নয়নমূলক প্ৰকল্পত সক্ৰিয়ভাৱে জড়িত হৈ আহিছে। এই ধাৰা অব্যাহিত ৰাখি তেওঁলোকে আজি এখন এম্বুলেন্সৰ মডেল চাবি ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ কৰ্তৃপক্ষক অৰ্পণ কৰে। অনুষ্ঠানত District Governor নীলেশ আগৰৱালা, ডি আৰ এফ চি অৰিজিত এনডো, গুৱাহাটীৰ ৰটাৰী ক্লাবৰ বৰ্তমানৰ সভাপতি ড° শশাংক শেখৰ দত্তৰ লগতে গুৱাহাটীৰ বিভিন্ন ক্লাবৰ বহু ৰটাৰিয়ান, শুভাকাংক্ষী উপস্থিত থাকে। 
 
অনুষ্ঠানৰ সময়ত গুৱাহাটীৰ ৰটাৰী ক্লাবৰ বর্তমান সভাপতি ড০ শশাংক শেখৰ দত্তই কয় যে এয়া তেওঁলোকৰ দায়বদ্ধতাৰ আৰম্ভণি মাথোঁ৷ তেওঁ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানক কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ প্ৰচেষ্টাত অবিৰত সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে।
 
প্ৰতিষ্ঠানটোৰ সঞ্চালক ড০ স্মৃতি গোস্বামীয়ে ৰটাৰী ক্লাবৰ এই পদক্ষেপৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি ইয়াৰ তাৎপৰ্য স্বীকাৰ কৰে।  District Governor নীলেশ আগৰৱালাইও ক্লাবটোৰ এই পদক্ষেপক প্ৰশংসা কৰি তেওঁলোকৰ এই প্ৰচেষ্টাত সন্তুষ্টি প্ৰকাশ কৰে। গুৱাহাটীৰ ৰটাৰী ক্লাবৰ এই পদক্ষেপে ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ দীৰ্ঘদিনীয়া প্ৰয়োজনীয়তা পূৰণ কৰে।