আৰিয়ানৰ মুক্তিৰ বিনিময়ত শ্বাহৰুখ খানৰ পৰিয়ালক ২৫ কোটি টকা দাবী কৰিছিল NCBৰ বিষয়াই

Story by  atv | Posted by  [email protected] • 11 Months ago
আৰক্ষীৰ জিম্মাত থকাৰ সময়ত আৰিয়ান খান
আৰক্ষীৰ জিম্মাত থকাৰ সময়ত আৰিয়ান খান
 
নতুন দিল্লী

২৫ কোটি টকা নিদিলে মাদক দ্ৰব্য সৰবৰাহৰ গোচৰত ফাঁচী দিয়া হ’ব আৰিয়ান খানক। মাদক দ্ৰব্য বিভাগ (Narcotics Control Bureau)ৰ প্ৰাক্তন বিষয়া সমীৰ ৱানখেড়ে বলীউদৰ বাদশ্বাহ শ্বাহৰুখ খানৰ পৰিয়ালক এনেদৰে ভয়-ভাবুকি দেখুৱাই মোটা অংকৰ ধন সৰকোৱাৰ অসত্‍ উপায় অৱলম্বন কৰিছিল। এই সন্দৰ্ভত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআইয়ে এখন এফআইআৰ দাখিল কৰে।
 
উল্লেখ্য যে, ড্ৰাগছৰ গোচৰত শ্বাহৰুখৰ পুত্ৰক ২০২১ৰ অক্টোবৰত গ্ৰেপ্তাৰ কৰাৰ পিছতে সমগ্ৰ দেশত চাঞ্চল্যৰ সৃষ্টি হৈছিল। অভিযোগ অনুসৰি, বন্ধুৰ সৈতে মুম্বাইৰ এখন ক্ৰছ জাহাজত ড্ৰাগছ লৈ ধৰা পৰে আৰিয়ান। আৰু সেই ঘটনাত শিৰোনামলৈ অহা আন এটা নাম আছিল সমীৰ ৱানখেড়ে। সমীৰ সেই সময়ত নাৰ্কটিকছ কণ্ট্ৰল ব্যুৰোৰ প্ৰাক্তন খণ্ড সঞ্চালক আছিল।
এফআইআৰত চিবিআইয়ে দাবী কৰিছে, "অভিযুক্ত সমীৰ ৱানখেড়েই আৰিয়ান খানৰ পৰিয়ালৰ পৰা ২৫ কোটি টকা দাবী কৰিছিল। এই ধন নিদিলে আৰিয়ানক ড্ৰাগছৰ গোচৰত সাঙোৰা হ’ব বুলিও ভাবুকি দিয়া হৈছিল। অৱশেষত ১৮ কোটি টকাত তেওঁলোকৰ মাজত চুক্তি হৈছিল আৰু প্ৰথম পৰ্যায়ত ৫০ লাখ টকা টোকেন হিচাপে দিছিল আৰিয়ানৰ পৰিয়ালে। সেই ধন কে পি গোছাভি আৰু তেওঁৰ সংগী ছানভিল ডিছৌজাই গ্ৰহণ কৰিছিল। পিছলৈ অৱশ্যে সেই ধন আৰিয়ানৰ পৰিয়ালক ঘূৰাই দিয়া হয়।"
 
আৰিয়ানৰ গোচৰৰ ১ নম্বৰ সাক্ষী প্ৰভাকৰ ছালেই প্ৰথমে দাবী কৰিছিল যে ৱানখেড়ে আৰু গোছাভিয়ে আৰিয়ানৰ পৰিয়ালৰ পৰা ধন আদায় কৰিবলৈ চেষ্টা কৰিছিল। ইয়াৰ পিছতে নাৰ্কটিক কণ্ট্ৰল ব্যুৰোৱে বিশেষ তদন্তকাৰী দল গঠন কৰি ৱানখেড়ৰ বিৰুদ্ধে সুকীয়া তদন্ত আৰম্ভ কৰে। তেওঁৰ প্ৰতিবেদনৰ ভিত্তিত চিবিআইয়ে এই এফআইআৰ দাখিল কৰে।
এফ আই আৰত অভিযোগ কৰা হৈছে যে ৱানখেড়ে আৰু তেওঁৰ অধীনস্থ বিষয়া দুগৰাকীয়ে আৰিয়ানৰ গোচৰত ষড়যন্ত্ৰ ৰচনা কৰিছিল আৰু এনে গোচৰৰ তদন্তৰ ক্ষেত্ৰত মানি চলিবলগীয়া নিয়মসমূহ তেওঁলোকে মানি চলা নাছিল। ৱানখেড়ে আৰু বাকী অভিযুক্তসকলৰ বিৰুদ্ধে চিবিআইৰ এফআইআৰত অপৰাধমূলক ষড়যন্ত্ৰ, ধন দাবী, উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হৈছে।
 
উল্লেখ্য যে, ৱানখেড়ে যোৱা বছৰ চেন্নাইৰ কৰদাতা সেৱা সঞ্চালকালয়লৈ বদলি হৈছিল। শেহতীয়াকৈ চিবিআইয়ে তেওঁৰ ঘৰত চলোৱা তালাচী অভিযানৰ পিছত ৱানখেড়েই কয় যে তেওঁক “দেশপ্ৰেমী হোৱাৰ বাবে শাস্তি দিয়া হৈছে”। "মই দেশপ্ৰেমিক হোৱাৰ বাবে এই পুৰস্কাৰ পাইছো, কালি মোৰ বাসগৃহত ১৮ জন চিবিআই বিষয়াই ১২ ঘণ্টাৰো অধিক সময় ঘৰত মোৰ পত্নী আৰু সন্তান উপস্থিত থকাৰ সময়ত তালাচী চলাইছিল। তেওঁলোকে ₹ ২৩,০০০ টকা আৰু চাৰিটা সম্পত্তিৰ কাগজ উদ্ধাৰ কৰিছিল। এই সম্পত্তিসমূহ মই সেৱাত যোগদান কৰাৰ পূৰ্বে অধিগ্ৰহণ কৰা হৈছিল।"
 
গ্ৰেপ্তাৰৰ পিছত আৰিয়ান খানে ২২ দিন কাৰাগাৰত কটাবলগীয়া হয়, তাৰ পাছত এনচিবিয়ে তেওঁক পৰ্যাপ্ত প্ৰমাণৰ অভাৱ বুলি উল্লেখ কৰি অভিযোগৰ পৰা মুক্ত কৰিছিল। এই বিতৰ্কৰ মাজতে ৱানখেড়ে আৰু তেওঁৰ দলৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ সুকীয়া তদন্ত আৰম্ভ হয়।