পুণে
বিশ্ব দৰবাৰত ভাৰত পূৰ্বতকৈ আজি অধিক উচ্চ স্থানত আছে, কিয়নো দেশখনে এতিয়া 'য’তেই প্ৰয়োজন, তাতেই শক্তি প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে' বুলি মন্তব্য কৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ(RSS)ৰ মুৰব্বী মোহন ভাগৱতে। তেওঁ পুনৰ কয় যে, আজি বিশ্বই ভাৰতৰ প্ৰধানমন্ত্ৰীৰ কথা মনোযোগেৰে শুনে, কাৰণ ভাৰতৰ ক্ৰমবৰ্ধমান সামৰ্থ্য দেশসমূহৰ আগত স্পষ্ট হৈ পৰিছে।
RSS-ৰ শতবাৰ্ষিকী উপলক্ষে আয়োজিত এক বিশেষ অনুষ্ঠানত ভাষণ প্ৰদান কৰি ভাগৱতে কয় যে আজি বিশ্বৰ নেতাসকলে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ কথা কি শুনে? কাৰণ ভাৰতে এতিয়া য’তেই শক্তি প্ৰদৰ্শন কৰাৰ প্ৰয়োজন, তাতেই শক্তি প্ৰদৰ্শন কৰিছে। সেইবাবে বিশ্বই এতিয়া এই কথা বুজিবলৈ কৰিবলৈ আৰম্ভ কৰিছে।
ইয়াৰ পূৰ্বে শনিবাৰে নাগপুৰ বুক ফেষ্টিভেলত ভাষণ প্ৰদান কৰি তেওঁ কয় যে অন্য দেশৰ তুলনাত ভাৰতত 'জাতীয়তাবাদ' কোনো সমস্যা নহয় আৰু RSS-ক কেৱল 'ৰাষ্ট্ৰবাদী' বুলি অভিহিত কৰাটো সঠিক নহয়।
ভাগৱতে কয়, "আমাক বহুতে জাতীয়তাবাদী বুলি কয়। আমাৰ কাৰো সৈতে বিবাদ নাই, আমি বিবাদৰ পৰা আঁতৰি আছো, এয়া আমাৰ স্বভাৱ। আমাৰ সংস্কৃতি হৈছে সকলোকে লগত লৈ আগবাঢ়ি যোৱা। বহু বিদেশী দেশে এনে কৰা নাই।’’
তেওঁ ভাৰতীয় 'ৰাষ্ট্ৰ' আৰু পাশ্চাত্যৰ 'নেচন'ৰ মাজত পাৰ্থক্য ব্যাখ্যা কৰে। ''আমাৰ "ৰাষ্ট্ৰ"ৰ ধাৰণাটো তেওঁলোকৰ "নেচন"ৰ ধাৰণাটোৰ দৰে নহয়। ইংৰাজীত "ৰাষ্ট্ৰ"ক অনুবাদ কৰাৰ সময়ত 'নেচন’ বুলি কোৱা হয়, আৰু তাৰ পৰাই আহে "জাতীয়তাবাদ"। ভাগৱতে কয়, "এতিয়া আমি নিজৰ শব্দতকৈ তেওঁলোকৰ শব্দ বেছি ব্যৱহাৰ কৰো।’’
তেওঁ কয় যে ভাৰতৰ ইতিহাসত 'জাতীয়তাবাদ’ কেতিয়াও কেন্দ্ৰীয় বিষয় নাছিল। ভাৰতত 'জাতীয়তাবাদ’ কোনো বিষয় নহয়, আমাৰ 'ৰাষ্ট্ৰ’ চিৰস্থায়ী। আমি 'নেচনেলিজিম’ত নহয়, জাতীয়তাবাদত বিশ্বাস কৰো। আমি ৰাষ্ট্রীয় সত্তাতো বিশ্বাস কৰোঁ, যি ৰাষ্ট্রদ্রৱো হ'ব পাৰে।
জাতীয়তাবাদৰ বৈশ্বিক প্ৰভাৱৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে পশ্চিমীয়া বিশ্বত জাতীয়তাবাদে যুদ্ধ আৰু সংঘাতৰ সৃষ্টি কৰিছে। যেতিয়া আমি "জাতীয়তাবাদ" বুলি কওঁ, তেতিয়া সেয়া পাশ্চাত্যৰ জাতীয়তাবাদৰ সৈতে যুক্ত হয়, যাৰ ফলত দ্বিতীয় বিশ্বযুদ্ধৰ সূচনা হৈছিল। জাতীয় অহংকাৰৰ বাবে। কিন্তু আমাৰ দেশ অহংকাৰৰ দ্বাৰা গঠিত নহয়, এয়া আত্মসমৰ্পণ আৰু ঐক্যৰ দ্বাৰা গঠিত।