মণিপুৰৰ হিংসাত্মক পৰিস্থিতিক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়; নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰাৰ নিৰ্দেশ

Story by  atv | Posted by  [email protected] • 2 Years ago
উচ্চতম ন্যায়ালয়ৰ ফাইল ফটো
উচ্চতম ন্যায়ালয়ৰ ফাইল ফটো
 
নতুন দিল্লী

উচ্চতম ন্যায়ালয়ে মণিপুৰৰ হিংসাত্মক পৰিস্থিতি সন্দৰ্ভত এছ আই টিৰ তদন্ত বিচৰা আবেদনৰ শুনানি গ্ৰহণ কৰাৰ সময়তে ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে ৰাজ্যখনত সংঘটিত হিংসাত্মক পৰিস্থিতিৰ ফলত বহু লোকে প্ৰাণ হেৰুওৱা আৰু বহু সা-সম্পত্তিৰ ক্ষতি হোৱাৰ বাবে তীব্ৰ উদ্বেগ প্ৰকাশ কৰে। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক সাহায্য শিবিৰৰ বিষয়ে তথ্য বিচাৰি উচ্চতম ন্যায়ালয়ে সোমবাৰে কয় যে আমাৰ তাৎক্ষণিক লক্ষ্য হৈছে ৰাজ্যখনৰ জনসাধাৰণৰ সুৰক্ষা, উদ্ধাৰ আৰু পুনৰ সংস্থাপন।
 
মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ পি এছ নৰসীমা আৰু ন্যায়াধীশ জে বি পাৰ্দিৱালাৰ নেতৃত্বত গঠিত বিচাৰপীঠে নিৰ্দেশ দিয়ে যে সাহায্য শিবিৰত খাদ্য আৰু চিকিৎসা সেৱাৰ বাবে পৰ্যাপ্ত ব্যৱস্থা প্ৰদান কৰিব লাগে আৰু স্থানচ্যুত ব্যক্তিসকলৰ পুনৰ্সংস্থাপন আৰু ধৰ্মীয় উপাসনাস্থলীৰ সুৰক্ষাৰ বাবে সকলো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা উচিত।
ইফালে, ছলিচিটৰ জেনেৰেলে কয় যে মণিপুৰলৈ শান্তি-শৃংখলা উভতাই আনিবলৈ কেন্দ্ৰই যথাসম্ভৱ সকলো প্ৰচেষ্টা হাতত লৈছে। এই বিষয়ত এখন শান্তি বৈঠক অনুষ্ঠিত কৰা হৈছে, আৰু পৰিস্থিতিৰ ওপৰত নিৰন্তৰ নিৰীক্ষণ চলাই থকা হৈছে। পৰিস্থিতি নিৰীক্ষণৰ বাবে হেলিকপ্টাৰ আৰু ড্ৰোন ব্যৱহাৰ কৰা হৈছে। সাহায্য শিবিৰ স্থাপন কৰা হৈছে, আৰু খাদ্য আৰু চিকিৎসা সুবিধা প্ৰদান কৰা হৈছে।
 
ছলিচিটৰ জেনেৰেলৰ মতে, যোৱা দুদিনত মণিপুৰত কোনো হিংসাৰ ঘটনা সংঘটিত হোৱা নাই, আৰু কালি কেইঘণ্টামানৰ বাবে কাৰ্ফিউ শিথিল কৰা হৈছিল।