মুম্বাই
ভাৰতীয় শ্বেয়াৰ বজাৰত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। শ্বেয়াৰ বজাৰৰ প্ৰধান সূচকাংক বিএছই চেনছেক্স আৰু এনএছই নিফটিত অবিৰত পতন অব্যাহত আছে। আমেৰিকাৰ শুল্ক নীতিৰ প্ৰভাৱ ভাৰতীয় শ্বেয়াৰ বজাৰত স্পষ্টভাৱে দেখা গৈছে। অৱশ্যে শ্বেয়াৰ বজাৰৰ পতনৰ আন বহু কাৰণো থাকিব পাৰে।
এই বাতৰি লিখাৰ সময়লৈকে বিএছই চেন্সেক্সৰ মূল্য প্ৰায় ২৯০০ পইণ্ট হ্ৰাস পাই ৭২,৩৮৯ পইণ্টত আছে। আনহাতে এন এছ ই নিফটি ৯২০ পইণ্ট হ্ৰাস পাইছে। বৰ্তমান নিফটিৰ মূল্য ২১,৯৭৭। ইয়াৰ উপৰিও আজি পুৱা প্ৰি-অ’পেনৰ সময়ত বিএছই চেন্সেক্স ৪০০০ পইণ্ট হ্ৰাস পাইছিল। আনহাতে নিফটিয়ে ১১০০ পইণ্টৰ হ্ৰাস ৰেকৰ্ড কৰিছিল।
উল্লেখ্য যে, আমেৰিকাৰ শুল্ক নীতিয়ে কঁপাই তুলিছে বিশ্ব অৰ্থনীতি। সকলো বিনিয়োগকাৰীয়ে নিৰাপদ বিনিয়োগৰ দিশত আগবাঢ়িছে। আজি পুৱা এছিয়ান বজাৰৰ সকলো সূচকাংকতে প্ৰচণ্ড বিক্ৰী হয়। আমেৰিকাৰ বজাৰো বেয়া অৱস্থাত আছে। পুৱাও গিফ্ট নিফটি ৯০০ পইণ্ট হ্ৰাসেৰে ট্ৰেড কৰে। বিদেশী বজাৰত বিক্ৰীৰ প্ৰভাৱ ভাৰতীয় শ্বেয়াৰ বজাৰতো দেখা গৈছে।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে এই শুল্কক তিতা ঔষধ বুলি অভিহিত কৰিছে। ভাৰতকে ধৰি ১৮০ খনতকৈও অধিক দেশলৈ ৰপ্তানিৰ ওপৰত শুল্ক ঘোষণা কৰিছে ট্ৰাম্পে। এই শুল্ক নীতিয়ে ভাৰতৰ অৰ্থনীতিত পৰোক্ষ প্ৰভাৱ পেলাব পাৰে। ই আমেৰিকাৰ অৰ্থনীতিতো মন্দাৱস্থাৰ সৃষ্টি কৰিব পাৰে।
মাৰ্চ মাহত বিদেশী বিনিয়োগকাৰী অৰ্থাৎ বিদেশী পৰ্টফলিঅ’ বিনিয়োগকাৰীয়ে ভাৰতীয় শ্বেয়াৰ বজাৰত যথেষ্ট পৰিমাণত ক্ৰয় কৰিছিল। কিন্তু এপ্ৰিল মাহত তেওঁলোকে পুনৰ বিক্ৰী আৰম্ভ কৰিছে। ইফালে, দেশী-বিদেশী বিনিয়োগকাৰীয়ে নিৰাপদ বিনিয়োগৰ দিশে মুখ কৰি আছে। যাৰ বাবে বিশ্ব আৰু ঘৰুৱা বজাৰত সোণৰ মূল্য আকাশলংঘী হৈছে।
আজিৰ শ্বেয়াৰ বজাৰৰ অৱনতিৰ লগে লগে চেন্সেক্স আৰু নিফটি প্ৰায় ১০ মাহৰ ভিতৰত সৰ্বনিম্ন স্তৰলৈ নামি আহিছে আৰু বিশ্লেষকসকলে মত প্ৰকাশ কৰিছে যে বিশ্বৰ বজাৰত ব্যাপক অস্থিৰতাৰ বাবে ইয়াৰ মূল্য আৰু অধিক হ্ৰাস পাব পাৰে। এই পতন ইমানেই ভয়াৱহ আছিল যে বিএছই তালিকাভুক্ত প্ৰতিষ্ঠানসমূহৰ সংযুক্ত বজাৰ মূলধনৰ পৰা ১৯ লাখ কোটি টকা নোহোৱা হৈ যায়।