ছাইদুল্লাহ নংৰামঃ মেঘালয়ৰ সামাজিক সমন্বয় আৰু শৈক্ষিক ভৱিষ্যত গঢ়ি তোলা এজন জনজাতীয় মুছলমান নেতা

Story by  atv | Posted by  Munni Begum • 1 d ago
ছাইদুল্লাহ নংৰাম
ছাইদুল্লাহ নংৰাম
 
ঝুমুৰ দেব/শ্বিলং
 
মাতৃতান্ত্ৰিক সমাজ আৰু চহকী জনজাতীয় সংস্কৃতিৰ বাবে পৰিচিত খ্ৰীষ্টান সংখ্যাগৰিষ্ঠ ৰাজ্য মেঘালয়ৰ এজন ব্যতিক্ৰমী আৰু উল্লেখযোগ্য ব্যক্তি হৈছে ছাইদুল্লাহ নংৰাম। এই খাচী মুছলমান নেতাজনে আজীৱন সাম্প্ৰদায়িক সম্প্ৰীতিৰ পোষকতা কৰাৰ লগতে পিছপৰা সম্প্ৰদায়সমূহক আগুৱাই নিয়াত মূল্যৱান অৰিহণা আগবঢ়াইছে।
 
১৯৮২ চনৰ পৰা শ্বিলং মুছলিম ইউনিয়ন (এছ এম ইউ)ৰ সাধাৰণ সম্পাদক হিচাপে নংৰাম সংগঠনটোক সম্পূৰ্ণৰূপে ৰূপান্তৰিত কৰিছে। এসময়ত পতনৰ উপক্ৰম হোৱা এছ এম ইউ এতিয়া সমাজ কল্যাণ, শিক্ষা, আৰু আন্তঃধৰ্মীয় সম্প্ৰীতিৰ বাবে বিশেষভাৱে পৰিচিত। নংৰামৰ উত্তৰাধিকাৰ কেৱল তেওঁ গঢ়ি তোলা প্ৰতিষ্ঠানসমূহতেই নহয়, তেওঁ সৃষ্টি কৰা শক্তিশালী সংযোগসমূহতো জীয়াই আছে—বিভিন্ন জনজাতি আৰু ধৰ্মৰ মাজত, আৰু পৰম্পৰা তথা আধুনিক জীৱনৰ মাজতো তেওঁৰ প্ৰভাৱ নিহিত হৈ আছে।
 
এক ৰাজহুৱা সভাত ভাষণ দি থকা অৱস্থাত ছাইদুল্লাহ নংৰাম
 
যদিও মেঘালয়ক প্ৰায়ে জনজাতীয় খ্ৰীষ্টান ৰাজ্য বুলি গণ্য কৰা হয়, তথাপিও ইয়াৰ সামাজিক গঠন অধিক বৈচিত্ৰময়। ২০১১ চনৰ লোকপিয়ল অনুসৰি ৰাজ্যখনৰ জনসংখ্যাৰ ৪.৪% মুছলমান। ইয়াৰে বহুতেই বঙালী মুছলমান যি ব্ৰিটিছ শাসনৰ সময়ত বা বিভাজনৰ পিছত আহিছিল। কিন্তু কম পৰিচিত গোট এটাও আছে, সেয়া হৈছে খাচী মুছলমান।
 
এইসকল জনজাতীয় লোকে প্ৰজন্মৰ আগতে ইছলাম গ্ৰহণ কৰিছিল যদিও এতিয়াও মাতৃবংশীয় ৰীতি-নীতি অনুসৰণ কৰে, খাচী ভাষা কয়, আৰু নিজৰ পৰম্পৰাগত সামাজিক প্ৰথাক জীয়াই ৰাখে। মেঘালয়ৰ অন্যতম পুৰণি খাচী মুছলমান পৰিয়ালৰ পৰা আহিছে ছাইদুল্লাহ নংৰাম। তেওঁৰ পিতৃ-মাতৃ প্ৰয়াত সুবৰ্তন বিবি নংৰাম আৰু প্ৰয়াত এছ আব্দুল্লাই তেওঁক এনে এখন ঘৰত ডাঙৰ-দীঘল কৰিছিল য’ত জনজাতীয় পৰম্পৰা আৰু ইছলামিক বিশ্বাস একেলগে মিলাপ্ৰীতিৰে বাস কৰিছিল।
 
নংৰামে দৃঢ়তাৰে কয়, “বিৰোধ নোহোৱাকৈ খাচী আৰু মুছলমান উভয়ে জীয়াই থকাটো সম্ভৱ। আমাৰ সংস্কৃতিৰ শিপা নিহিত হৈ আছে ভূমিত, আৰু আমাৰ ধৰ্মীয় বিশ্বাসে আমাক সকলোকে সন্মান কৰিবলৈ শিকায়।” 
 
মেঘালয়ৰ প্ৰাক্তন ৰাজ্যপাল আৰ এন ৰবি (বাওঁফালৰ পৰা দ্বিতীয়) আৰু অন্যান্যৰ সৈতে ছাইদুল্লাহ নংৰাম
 
১৯০৫ চনত প্ৰতিষ্ঠা হোৱা শ্বিলং মুছলিম ইউনিয়ন অল ইণ্ডিয়া মুছলিম লীগতকৈ পুৰণি। যি সময়ত শ্বিলঙত মুছলমান কম আছিল যদিও শিক্ষা আৰু সামাজিক কামৰ জৰিয়তে নিজৰ উপস্থিতি প্ৰতিপন্ন কৰিবলৈ তেওঁলোক দৃঢ়প্ৰতিজ্ঞ, সেই সময়তে ইয়াৰ সৃষ্টি হৈছিল। শ্বিলং মুছলিম ইউনিয়নৰ ঐতিহাসিক প্ৰতিপত্তি দৃঢ় হৈছিল যেতিয়া ১৯৬৪ চনত ভাৰতৰ পঞ্চম ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদে ইয়াৰ প্ৰথম সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
 
শ্বিলং মুছলিম ইউনিয়ন (এছ এম ইউ)ৰ সৈতে তেওঁৰ আৰম্ভণিতে জড়িত হোৱাৰ কথা মনত পেলাই নংৰামে কয়, “মই তেতিয়াও ছাত্ৰ আছিলোঁ যেতিয়া মই ইয়াৰ কাৰ্য্যকলাপত সহায় কৰিবলৈ আৰম্ভ কৰিছিলো। ফখৰুদ্দিন আলী আহমেদৰ সৈতে সমাজ কল্যাণ সম্পৰ্কে হোৱা এক দীঘলীয়া কথা-বতৰাই মোক গভীৰভাৱে প্ৰভাৱিত কৰিছিল। সেই মুহূৰ্তটোৱে মোৰ জীৱনটো গঢ় দিছিল।”
 
১৯৮২ চনত যেতিয়া নংৰাম সাধাৰণ সম্পাদক হৈছিল তেতিয়া এছ এম ইউৰ অৱস্থা খুৱ বেয়া আছিল। ইয়াৰ বহু সম্পত্তি বেদখল কৰা হৈছিল বা ক্ষয় হ’বলৈ এৰি দিয়া হৈছিল। অতিথিশালা আৰু অনাথ আশ্ৰমৰ অৱস্থা বেয়া আছিল। আনকি গুৰুত্বপূৰ্ণ ধৰ্মীয় স্থান ঈদগাহ খেলপথাৰখনো অৱহেলিত হৈ পৰিছিল। 
 
কিন্তু নংৰামে নিৰৱে আৰু দৃঢ়তাৰে সেইবোৰ পুনৰ নিৰ্মাণ কৰিবলৈ ধৰিলে। তেওঁৰ নেতৃত্বত শ্বিলং মুছলিম ইউনিয়নে এক উল্লেখযোগ্য পৰিৱৰ্তন দেখিছিল—উত্তৰ-পূব ভাৰতত খুব কমেইহে দেখা পোৱা পৰিৱৰ্তন। এই পৰিৱৰ্তনৰ আটাইতকৈ দৃশ্যমান প্ৰতীক হৈছে শ্বিলং চহৰৰ মাজমজিয়াত থকা মদীনা মছজিদ, এক সুন্দৰ মছজিদ। বৰ্তমান ই সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ মছজিদ। কিন্তু এই মছজিদ কেৱল ইবাদত স্থানতকৈও অধিক। ইয়াত ইছলামিক শিক্ষণ কেন্দ্ৰ, পিছপৰা আৰু দুখীয়া শিশুৰ বাবে বিদ্যালয়, বিজ্ঞান, কলা, প্ৰযুক্তিৰ পাঠ্যক্ৰম আগবঢ়োৱা আধুনিক কলেজ আদিও অন্তৰ্ভুক্ত কৰা হৈছে।
 

শ্বিলঙৰ কাঁচৰ মছজিদ
 
নংৰামৰ এটা স্পষ্ট আৰু সাহসী দৃষ্টিভংগী আছিল। তেওঁ কয়, “ধৰ্মীয় প্ৰতিষ্ঠানসমূহে কেৱল এটা সম্প্ৰদায়ক নহয়, সমগ্ৰ সমাজখনকে সেৱা আগবঢ়াব লাগে।” তেওঁৰ এই প্ৰচেষ্টা শ্বিলং মুছলিম ইউনিয়নৰ বাহিৰলৈও বিস্তৃত আছিল। ১৯৯৩ চনত তেওঁ মেঘালয় বিধানসভালৈ নিৰ্বাচিত হোৱা প্ৰথম আৰু একমাত্ৰ খাচী মুছলমান হিচাপে ইতিহাস ৰচনা কৰে। তেওঁ মুছলমান সংখ্যাগৰিষ্ঠ অঞ্চল পশ্চিম গাৰো পাহাৰত ৰজাবালা সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল। কেবিনেট মন্ত্ৰী হিচাপে নংৰামে সংখ্যালঘুৰ অধিকাৰ, জনজাতীয় সম্প্ৰদায়ৰ কল্যাণ, শিক্ষাৰ উন্নত সুবিধাৰ বাবে কাম কৰিছিল।
 
তেওঁৰ অন্যতম ডাঙৰ কৃতিত্ব হৈছে শ্বিলঙত উমশ্বিৰপি মহাবিদ্যালয় (Umshyrpi College) প্ৰতিষ্ঠা। আজি ইয়াত বিভিন্ন পটভূমিৰ ৩৫০০ৰো অধিক ছাত্ৰ-ছাত্ৰীক শিক্ষা দিয়া হয়। তেওঁ কয়, “শিক্ষাই বাধাসমূহ ভাঙিব লাগিব। ই জাতি, ধৰ্ম, জনগোষ্ঠীৰ মাজত কেতিয়াও সীমাবদ্ধ থাকিব নালাগে।”
 
কলেজখনে কম মাচুলত দক্ষতাভিত্তিক বৃত্তিমূলক প্ৰশিক্ষণ প্ৰদান কৰে আৰু আন্তঃধৰ্মীয় সমন্বয়ক প্ৰসাৰিত কৰে। ই নংৰামৰ এক সমন্বয়মুখী আৰু ঐক্যবদ্ধ সমাজৰ ওপৰত বিশ্বাস দেখুৱাইছে। উল্লেখ্য যে, উত্তৰ-পূব ভাৰতৰ বহু অঞ্চলৰ দৰে মেঘালয়তো প্ৰব্ৰজনৰ সমস্যা আৰু পৰিচয় ভিত্তিক ৰাজনীতিৰ ফলত প্ৰায়ে সাম্প্ৰদায়িক উত্তেজনাৰ সৃষ্টি হয়। এনে এক স্পৰ্শকাতৰ পৰিৱেশত ছৈদুল্লাহ নংৰামে শান্তি, আলোচনা আৰু বুজাবুজিৰ পথ বাছি লৈছে। তেওঁ শ্বিলং অল ফেইথ ফ’ৰামৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য। ই হৈছে খ্ৰীষ্টান, মুছলমান, হিন্দু, শিখ, বৌদ্ধ আৰু খিলঞ্জীয়া আধ্যাত্মিক সম্প্ৰদায়ৰ নেতাসকলক সামৰি লোৱা এক আন্তঃধৰ্মীয় গোট।
 
এটা শিক্ষা প্ৰকল্প উদ্বোধন কৰি থকা অৱস্থাত ছাইদুল্লাহ নংৰাম
 
এই মঞ্চই স্পৰ্শকাতৰ সময়ত উত্তেজনা হ্ৰাস কৰাৰ লগতে সকলো ধৰ্মীয় গোটৰ মাজত শান্তি আৰু ঐক্যৰ প্ৰসাৰৰ ক্ষেত্ৰত মুখ্য ভূমিকা গ্ৰহণ কৰিছে। নংৰামে কয়, “আমি সকলো শান্তিৰ ৰক্ষক হোৱা উচিত। ধৰ্মই মানুহক কেতিয়াও বিভাজিত কৰিব নালাগে।” সংঘাত সমাধানৰ ক্ষেত্ৰত তেওঁৰ শান্ত আৰু চিন্তাশীল দৃষ্টিভংগীৰ ফলত নংৰামে সকলোৰে পৰা ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে। আনকি তেওঁৰ মতামতৰ সৈতে একমত নোহোৱাসকলৰ পৰাও নংৰামে সময়ে সময়ে প্ৰশংসা লাভ কৰে। 
 
তেওঁৰ সৈতে কাম কৰা প্ৰেছবিটেৰিয়ান (Presbyterian)ৰ এজন সন্মানীয় নেতা ৰেভাৰেণ্ড ৱানছুক থাবাহে কয়, “নংৰামে কেৱল ঐক্যৰ কথা কোৱা নাই—তেওঁ ইয়াৰ মাজতে জীয়াই থাকে।”
 
ছাইদুল্লাহ নংৰামৰ জীৱনৰ এটা অনন্য দিশ হ’ল তেওঁ কেনেকৈ দুটা পৰিচয়ৰ মাজত ভাৰসাম্য ৰক্ষা কৰে। তেওঁ এজন নিষ্ঠাবান মুছলমান, কিন্তু তেওঁ খাচী পৰম্পৰাকো সম্পূৰ্ণৰূপে সন্মান আৰু অনুসৰণ কৰে—বিশেষকৈ মেট্ৰিলিনিয়াল ব্যৱস্থা, য’ত পৰিয়ালৰ নাম আৰু উত্তৰাধিকাৰ মাতৃৰ ফালৰ পৰা আহে। 
 
'মই মোৰ মাৰ বংশৰ নাম কঢ়িয়াই লৈ ফুৰো। মোৰ সন্তানেও মাকৰ বংশৰ নাম কঢ়িয়াই লৈ ফুৰে। ইছলামে মোক মোৰ মাক সন্মান কৰিবলৈ শিকাইছে, আৰু খাচী সংস্কৃতিয়ে মোক নাৰীৰ বংশক সন্মান কৰিবলৈ শিকায়। মই দুয়োটাকে অনুসৰণ কৰো।"
 
ঐতিহাসিক কাঁচৰ মছজিদৰ সন্মুখত ছাইদুল্লাহ নংৰাম বহি থকা অৱস্থাত
 
ব্যক্তিগত আৰু ৰাজহুৱা জীৱন দুয়োটাতে নংৰামে এই ভাৰসাম্যতা প্ৰদৰ্শন কৰিছে। তেওঁৰ শুকুৰবাৰৰ ধৰ্মধ্বনিবোৰ কোৰানৰ আয়াতৰে আৰম্ভ হয় যদিও প্ৰায়ে পৰিৱেশ ৰক্ষা, ছোৱালীক শিক্ষা দিয়া বা সমাজত শান্তি ৰখাৰ বাৰ্তাৰে শেষ হয়। যিকোনো গোটৰ ঘৃণনীয় কথা-বতৰা, বৈষম্যৰ বিৰুদ্ধে তেওঁ স্পষ্টকৈ মাত মাতিছে। তেওঁৰ দৃঢ় বিশ্বাস যে “কোনো ধৰ্মই অন্যায়ৰ অনুমতি নিদিয়ে।”
 
আনকি ৭০ বছৰ বয়সতো ছাইদুল্লাহ নংৰাম সমাজৰ প্ৰতি সক্ৰিয় আৰু দায়বদ্ধ হৈ আছে। তেওঁ এতিয়াও শ্বিলং মুছলিম ইউনিয়ন (এছএমইউ)ৰ সভাত অংশগ্ৰহণ কৰে, শিক্ষামূলক প্ৰকল্পসমূহক গাইড কৰে, আৰু আন্তঃধৰ্মীয় অনুষ্ঠানত ভাষণ দিয়ে। বহু সফলতা আৰু কৃতিত্বৰ পিছতো তেওঁ আগৰ দৰেই নম্ৰ, ভদ্ৰ হৈয়েই আছে।
 
যি সময়ত সমাজখন ধৰ্ম আৰু পৰিচয়ৰ দ্বাৰা বিভক্ত হৈ পৰিছে, সেই সময়ত নংৰামৰ জীৱনে এক বেলেগ কাহিনী কয়। সেয়া হৈছে ঐক্য, গভীৰ সাংস্কৃতিক শিপা আৰু নিস্তব্ধ শক্তিৰ। তেওঁ কেৱল খাচী আৰু মুছলমান সম্প্ৰদায়ৰ মাজৰ সেতু নহয়। তেওঁ এনেকুৱা এজন ব্যক্তি যিয়ে নতুন পথৰ সৃষ্টি কৰে যাক আগতে কোনোৱে সম্ভৱ বুলি ভবা নাছিল।