ৰাজা ৰঘূবংশী হত্যাকাণ্ড: স্বাস্থ্য পৰীক্ষাত পোহৰলৈ আহিছে ন ন তথ্য

Story by  atv | Posted by  [email protected] • 1 d ago
ৰাজা ৰঘূবংশী হত্যাকাণ্ড: স্বাস্থ্য পৰীক্ষাত পোহৰলৈ আহিছে ন ন তথ্য
ৰাজা ৰঘূবংশী হত্যাকাণ্ড: স্বাস্থ্য পৰীক্ষাত পোহৰলৈ আহিছে ন ন তথ্য
 
গুৱাহাটী
 
সমগ্ৰ দেশ কঁপাই যোৱা ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ ন ন তথ্য পোহৰলৈ আহিছে। সোমবাৰে গাজীপুৰত তেওঁৰ পত্নী সোণম ৰঘুবংশীক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। গাজীপুৰৰ জিলা চিকিৎসালয়ত সোণমৰ চিকিৎসা পৰীক্ষা সম্পন্ন কৰা হৈছিল। মেডিকেল ৰিপৰ্টত সোণমৰ শৰীৰত কোনো ধৰণৰ আঘাতৰ চিন পোৱা নগ’ল। পিছে এই স্বাস্থ্য পৰীক্ষাৰ অন্তত সোণমৰ অন্তঃসত্ত্বাৰ কথা সন্দেহ কৰা হৈছে। অৱশ্যে বৰ্তমানলৈ পোহৰলৈ অহা নাই সোণমৰ গৰ্ভত থকা সন্তানৰ পিতৃৰ পৰিচয়।
 
তথ্য অনুসৰি, তিনিগৰাকী মহিলা চিকিৎসকৰ এটা দলে সোণমৰ চিকিৎসা পৰীক্ষা সম্পন্ন কৰিছিল। সোণমৰ গৰ্ভাৱস্থা পৰীক্ষাৰ বাবে চিকিৎসকে এসপ্তাহৰ পিছত আল্ট্ৰাছাউণ্ড কৰাৰ পৰামৰ্শ দিছে। চিকিৎসকৰ দলটোৱে সদৰি কৰে যে, গৰ্ভাৱস্থাৰ আৰম্ভণিতে সঠিক ফলাফল পোৱাটো কঠিন, গতিকে অলপ অপেক্ষা কৰাটো প্ৰয়োজনীয়। সোমবাৰে তিনিগৰাকী মহিলা চিকিৎসকৰ দলে তেওঁৰ শাৰীৰিক আৰু মানসিক অৱস্থাৰ বুজ লোৱাৰ বাবে এই পৰীক্ষা কৰিছিল।
 
চিকিৎসা সূত্ৰই জনোৱা মতে, পৰীক্ষাৰ সময়ত সোণমক অত্যন্ত ভয়ংকৰ আৰু মানসিকভাৱে বিকাৰগ্ৰস্ত যেন দেখা গৈছিল। সোণম শাৰীৰিকভাৱে দুৰ্বল হৈ পৰিছিল। তেওঁক এনাৰ্জি ড্ৰিংক আৰু জুচ দিব লগা হৈছিল। অৱশ্যে চিকিৎসকে সোণমক শৰীৰত কোনো বাহ্যিক আঘাত পোৱা নাই। এসপ্তাহৰ পাছত আল্ট্ৰাছাউণ্ডতহে জানিব পৰা যাব প্ৰকৃত সত্য।
 
ৰাজা ৰঘূবংশীৰ হত্যাকাণ্ডৰে জড়িত অভিযুক্তসকলকল বুধবাৰে হাজিৰ কৰা হ'ব মেঘালয়ৰ আদালতত। অভিযুক্তসকলৰ ভিতৰত ৰাজা ৰঘূবংশীৰ পত্নী তথা এই হত্যাকাণ্ডৰ মূল অভিযুক্ত সোনম ৰঘূবংশী। মঙলবাৰে তেওক উত্তৰ প্ৰদেশৰ পৰা মেঘালয় আৰক্ষীয়ে নিজৰ জিম্মাত লৈ শ্বিলঙলৈ আনিছে।
 
শ্বিলঙৰ পুলিচ বজাৰত থকা সদৰ থানাত তেওক মেঘালয় আৰক্ষীয়ে সোধ-পোচ কৰে এই ঘটনাৰ সন্দৰ্ভত। নিশা মহিলা লকআপত ৰখোৱা হয় সোনমক। ইতিমধ্যে আন চাৰিগৰাকী অভিযুক্তকো লৈ যোৱা হৈছে শ্বিলঙৰ সদৰ আৰক্ষী থানালৈ। আজি আদালতত হাজিৰ কৰোৱাব লগা অভিযুক্ত কেইগৰাকী ক্ৰমে- বিশাল সিং চৌহান, আকাশ ৰাজপুত, ৰাজ কুশ্বৱাহা আৰু আনন্দ কুৰ্মী।
 
উল্লেখযোগ্য যে, সোনম ৰঘূবংশীকো আজি আদালতত হাজিৰ কৰোৱাব আৰক্ষীয়ে। ইফালে আদালতত হাজিৰ কৰাই মেঘালয় আৰক্ষীয়ে আটাইকেইজন অভিযুক্তক নিজৰ জিম্মাত লোৱাৰ পাছতে এই ঘটনাৰ সন্দৰ্ভত মেঘালয় আৰক্ষীয় শ্বিন ৰিক্ৰেশ্যন কৰাবলৈ ঘটনাস্থলীলৈ লৈ যাব।
 
আদালতত হাজিৰ কৰাৰ পূৰ্বেই আটাইকেইজন অভিযুক্তৰে পুনৰ স্বাস্থ্য পৰীক্ষা কৰাব মেঘালয় আৰক্ষীয়ে। কালিৰে পৰা মেঘালয় আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত সোনমক ভিন্ন তথ্য জানিবলৈ চেষ্টা কৰিছে যদিও তেও কোনো প্ৰশ্নৰে উত্তৰ দিয়া নাই।