নতুন দিল্লী
বিশ্বত চলি থকা সংঘাতৰ ফলস্বৰূপে ভাৰতত পেৰাচিটামল, এমোক্সিচিলিন আদিৰ দৰে অত্যাৱশ্যকীয় ঔষধৰ তীব্ৰ নাটনি হোৱাৰ সম্ভাৱনা আছে। এই সংকটৰ বিষয়ে সতৰ্ক কৰি দিছে যে দেশৰ অন্যতম বৃহৎ ঔষধ নিৰ্মাতা সংস্থা ‘ফেডাৰেচন অৱ ফাৰ্মা এণ্ট্ৰেপ্ৰেনিউৰ্ছ‘ (এফ অ‘ পি ই)-এ চৰকাৰক জৰুৰী হস্তক্ষেপৰ আহ্বান জনাইছে।
সংস্থাটোৱে জানিবলৈ দিয়া মতে, ঔষধৰ কেঁচামাল আৰু পেকেজিং সামগ্ৰীৰ কৃত্ৰিম নাটনিৰ বাবে ঔষধৰ উৎপাদন ব্যয় অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে, যিয়ে সমগ্ৰ স্বাস্থ্য খণ্ডটোলৈ ভাবুকি কঢ়িয়াই আনিছে।
সংস্থাটোৰ ৰাষ্ট্ৰীয় সভাপতি হৰিশ কে জৈনে কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ মন্ত্ৰালয়ৰ ঔষধ বিভাগৰ সচিব মনোজ যোশীলৈ যোৱা ১৩ মাৰ্চত প্ৰেৰণ কৰা এখন পত্ৰত এই গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। পত্ৰখনত উল্লেখ কৰা হৈছে যে যদি বৰ্তমানৰ পৰিস্থিতি অব্যাহত থাকে, তেন্তে পেৰাচিটামল, এমোক্সিচিলিন, মেটফৰ্মিন আৰু এজিথ্ৰমাইচিনৰ দৰে বহুলভাৱে ব্যৱহৃত ঔষধৰ উৎপাদন বাধাগ্ৰস্ত হ‘ব পাৰে। এই ঔষধসমূহ ভাৰতৰ ৰাজহুৱা স্বাস্থ্য ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ অংশ। উৎপাদন ব্যৱস্থাত হোৱা যিকোনো ব্যাঘাতে ঔষধৰ উপলব্ধতা আৰু জনস্বাস্থ্যৰ ওপৰত ব্যাপক প্ৰভাৱ পেলাব পাৰে বুলি জৈনে সকীয়াই দিছে।
বৰ্তমান মাইক্ৰ‘, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহে ঘৰুৱা বজাৰ আৰু চৰকাৰী চিকিৎসালয়সমূহলৈ ঔষধ যোগান ধৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কিন্তু মাত্ৰ আঠ-ন দিনৰ ভিতৰতে ঔষধ প্ৰস্তুত কৰা সক্ৰিয় ফাৰ্মাচিউটিকেল উপাদানৰ (API) মূল্য ২০ৰ পৰা ৬০ শতাংশলৈকে বৃদ্ধি পাইছে। ইয়াৰ উপৰিও পিভিচি, বটল, লেবেল আৰু কাৰ্টন আদিৰ দৰে পেকেজিং সামগ্ৰীৰ দামো অস্বাভাৱিকভাৱে বাঢ়িছে। ফলস্বৰূপে, চৰকাৰী নিবিদাৰ নিৰ্দিষ্ট মূল্যত ঔষধ যোগান ধৰাটো এই উদ্যোগসমূহৰ বাবে একপ্ৰকাৰ অসম্ভৱ হৈ পৰিছে। ইয়াৰ ফলত বহুতো ক্ষুদ্ৰ উদ্যোগ বন্ধ হোৱাৰ লগতে বৃহৎ পৰিমাণৰ কৰ্মসংস্থাপনহীনতাৰ সৃষ্টি হোৱাৰো আশংকা কৰা হৈছে। লগতে, ৰপ্তানিৰ ক্ষেত্ৰত লজিষ্টিক আৰু পৰিবহণ ব্যয়ো নিৰ্দিষ্ট পথসমূহত দুগুণলৈ বৃদ্ধি পাইছে, যিয়ে নিৰ্মাতাসকলৰ ওপৰত অতিৰিক্ত বোজা জাপি দিছে।