প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰুপ কেপ্তেইন শুভাংছু শুক্লাৰ সৈতে মত বিনিময় কৰাৰ এক মূহুৰ্ত
নতুন দিল্লী
ভাৰতীয় বায়ুসেনাৰ গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাই আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)ত ভৰি দি এক নতুন ইতিহাসৰ সৃষ্টি কৰিছে। তেওঁ কেৱল ভাৰতৰ দ্বিতীয়গৰাকী মহাকাশচাৰী হোৱাই নহয়, মহাকাশ কেন্দ্ৰত উপস্থিত হোৱা প্ৰথমগৰাকী ভাৰতীয় হোৱাৰ গৌৰৱ অৰ্জন কৰিছে। আন ৬ জন মহাকাশচাৰী আৰু তাত থকা স্থায়ী দলৰ সৈতে তেওঁ এই ঐতিহাসিক অভিযানত জড়িত হৈ আছে।
এই গৌৰৱময় মুহূৰ্তত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থকা শুভাংশু শুক্লাৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে বিশেষ বাৰ্তালাপ কৰিছে। এই সময়ছোৱাত দুয়োজনে বহু বিষয়ত কথা পাতে। ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী মোদীয়ে শুভাংশুক প্ৰশ্ন কৰিছে যে, মহাকাশৰ বিশালতা দেখাৰ পিছত তেওঁৰ মনলৈ প্ৰথম কি চিন্তা আহিল? ইয়াৰ উত্তৰত ভাৰতীয় মহাকাশচাৰীজনে কয় যে, আমি যেতিয়া প্ৰথমবাৰৰ বাবে কক্ষপথত উপনীত হওঁ, তেতিয়া প্ৰথম দৃশ্য আছিল পৃথিৱীৰ। এই সময়ছোৱাত তেওঁৰ মনলৈ প্ৰথম চিন্তা আহে যে সমগ্ৰ পৃথিৱীখনক একে যেন লাগিছে। ইয়াৰ পৰা কোনো সীমান্ত দেখা নাযায়।
তেওঁ কয় যে, দ্বিতীয় কথাটো লক্ষ্য কৰা হ’ল যে, মহাকাশৰ পৰা ভাৰতক দেখি আমি উপলব্ধি কৰিলোঁ যে, মানচিত্ৰত আমাৰ দেশৰ যেনেকুৱা দেখিবলৈ পোৱা যায় তেনেকুৱা নহয়। ভাৰত সঁচাকৈয়ে দেখাত বহুত ভব্য আৰু ডাঙৰ। মানচিত্ৰত দেখাতকৈ বহু বেছি ভাল লগা। ইয়াৰ পৰা আমি অনুভৱ কৰোঁ যে, পৃথিৱীৰ কোনো সীমা নাই, কোনো দেশ নাই। আমি সকলোৱে মানৱতাৰ অংশ, পৃথিৱী আমাৰ ঘৰ আৰু আমি সকলোৱে ইয়াৰ অংশ।
শুভাংশুৱে প্ৰধানমন্ত্ৰী মোদীক কয় যে, "আপোনাৰ লগত কথা পাতি থাকোঁতে মই ভৰি বান্ধি লৈছো কাৰণ ইয়াত মাধ্যাকৰ্ষণ শক্তি শূন্য, যদি মই এই কাম নকৰো তেন্তে মই উৰিবলৈ আৰম্ভ কৰিম। ইয়াত শুৱাটো এটা ডাঙৰ প্ৰত্যাহ্বান। ইয়াৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে সুধিছিল যে মেডিটেছনৰ পৰা লাভ পোৱা যায় নে? এই সন্দৰ্ভত শুভাংশুৱে কয় যে, ইয়াত মাইণ্ডফুলনেছে ডাঙৰ প্ৰভাৱ পেলায় কাৰণ উৎক্ষেপণৰ সময়ত পৰিস্থিতি বহুত বেলেগ, কিন্তু যেতিয়া আপুনি আপোনাৰ মনটোক শান্ত কৰি ৰাখে, তেতিয়া আপুনি উন্নত সিদ্ধান্ত ল’ব পাৰে। এনে প্ৰত্যাহ্বানৰ সময়ত এই সকলোবোৰ অতি উপকাৰী।"
শুভাংশ শুক্লাই কয় যে, এই যাত্ৰা অতি আচৰিত আছিল। আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত উপস্থিত হোৱাৰ পিছত মই অনুভৱ কৰিছিলো যে, এইটো মোৰ দেশৰ বাবে এক ডাঙৰ কৃতিত্ব, মই দেশৰ শিশুসকলক ক'ম যে, তেওঁলোকে নিজৰ ভৱিষ্যত উন্নত কৰক। কাৰণ ইয়াৰদ্বাৰা শিশুসকলৰ ভৱিষ্যত উজ্জ্বল হোৱাই নহয় দেশৰ ভৱিষ্যতো উজ্জ্বল হৈ উঠিব। এটা কথা সদায় মনত ৰাখিব যে, আকাশৰ কোনো সীমা নাই। আপুনি মোৰ পিছফালে দেখা ত্ৰিৰংগা আগতে নাছিল, মই ইয়াত কালিহে ৰাখিছো, ইয়ে মোক বহুত আৱেগিক কৰি তোলে।