নতুন দিল্লী
যমুনোত্ৰীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত শনিবাৰে নিশা ভয়ংকৰ ডাৱৰ বিস্ফোৰণ। ডাৱৰ বিস্ফোৰণৰ পৰিণতত ৯ গৰাকী শ্ৰমিক নিৰুদ্দেশ হোৱাৰ খবৰ পোহৰলৈ আহিছে। ইফালে এই ঘটনাৰ পাছতে বন্ধ হৈ পৰিছে যমুনোত্ৰী ৰাষ্ট্ৰীয় ঘাইপথ । ঘটনাৰ খবৰ পোৱাৰ মাত্ৰকে আৰক্ষী-প্ৰশাসন, এছডিআৰএফৰ দল ঘটনাস্থলীত উপস্থিত হৈ নিৰুদ্দেশ হোৱা লোকসকলৰ সন্ধান আৰম্ভ কৰে।
নিৰুদ্দেশ হোৱা শ্ৰমিকসকলৰ ভিতৰত মহিলাও আছে বুলি জানিব পৰা গৈছে। আনহাতে নিৰুদ্দেশ হোৱা শ্ৰমিকৰ সংখ্যা বৃদ্ধি পোৱাৰো সম্ভাৱনা আছে। বিগত তিনিদিন ধৰি নেৰানেপেৰা বৰষুণ অব্যাহত আছে জিলাখনত। ইয়াৰ মাজতে শনিবাৰে মাজৰাতি বড়কোটৰ চিলাই বেণ্ডৰ সমীপত অতিবৃষ্টি বা ডাৱৰ বিস্ফোৰণৰ খবৰ পোহৰলৈ আহে। ঘটনাৰ খবৰ পোৱা মাত্ৰকে এছডিআৰএফ আৰক্ষী তথা প্ৰশাসনৰ দল ঘটনাস্থলীলৈ ৰাওনা হয়। বৰ্তমানলৈ ৯ গৰাকী শ্ৰমিক নিৰুদ্দেশ হোৱাৰ খবৰ পোৱা গৈছে। নিৰুদ্দেশ হোৱা শ্ৰমিকসকলে ৰাস্তাৰ কাম কৰাৰ বাবে সেইস্থানত তম্বু তৰি আছিল।
উদ্ধাৰকাৰী দলটোৱে ঘটনাস্থলীত আৰম্ভ কৰিছে উদ্ধাৰ অভিযান। যমুনোত্ৰী ৰাষ্ট্ৰীয় ঘাইপথৰ দুই তিনিস্থানত বিছিন্ন হৈ পৰাৰ লগতে কুথনৌৰতো ডাৱৰ বিস্ফোৰণৰ ফলত কেইবাখনো গাঁৱৰ কৃষিভূমিৰ ব্যাপক ক্ষতিসাধন হয় । বৰ্তমান কুথনৌৰত পৰস্থিতি নিয়ন্ত্ৰণত আছে আৰু কোনো লোকৰ তথা পশুধনৰ ক্ষতি হোৱা নাই।
ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা অতিবৃষ্টিত উটি গ'ল অ'জৰীৰ সমীপৰ এটা পথ । যাৰ ফলত মলৱাৰ সৈতে যোগাযোগ বিছিন্ন হৈ পৰে। ডাৱৰকোটতো মলৱালৈ অহা ৰাস্তা বন্ধ হৈ পৰিছে। উত্তৰকাশীৰ জিলা আয়ুক্তই ঘটনা সন্দৰ্ভত প্ৰকাশ কৰে প্ৰতিক্ৰিয়া।
জিলা আয়ুক্ত প্ৰশান্ত কুমাৰ আৰ্যই কয়, "যমুনোত্ৰী ৰাষ্ট্ৰীয় ঘাইপথৰ পালীগড়ৰ পৰা ৪-৫ কিঃমিঃ নিলগৰ চিলাই বেণ্ডৰ ওচৰত অতিবৃষ্টিৰ ফলত ৯ গৰাকী লোক নিৰুদ্দেশ হোৱাৰ খবৰ পাইছোঁ। আৰক্ষী, এছজডিআৰএফ, এনডিআৰএফ, স্বাস্থ্য বিভাগৰ দলৰ দ্বাৰা উদ্ধাৰ অভিযান অব্যাহত আছে। ভূমিস্খলনৰ ফলত সোমাই পৰে শ্ৰমিকৰ তম্বু, যি তম্বুত ১৯ গৰাকী শ্ৰমিক আছিল। তাৰে ১০ গৰাকী শ্ৰমিক সুৰক্ষিত, তেওঁলোকক উদ্ধাৰ কৰি সুৰক্ষিত স্থানলৈ প্ৰেৰণ কৰা হৈছে।"
নিৰুদ্দেশ হোৱা ৯ গৰাকী শ্ৰমিকৰ উদ্ধাৰ কৰাৰ বাবে অভিযান অব্যাহত ৰাখিছে। চিলাই বেণ্ডত যমুনোত্ৰী ৰাষ্ট্ৰীয় ঘাইপথৰ ১০-১২ মিটাৰ উটি হৈছে পানীত । পথচোৱা পুনৰনিৰ্মাণ কৰাৰ বাবে কাম চলি আছে। আৰক্ষীৰ দ্বাৰা সুৰক্ষিত স্থানত ৰখা হৈছে।
উল্লেখ্য যে, উত্তৰাখণ্ডত ধাৰাবাহিকভাৱে হৈ থকা বৰষুণৰ ফলত ব্যাহত হৈ পৰিছে। নেৰানেপেৰা বৰষুণৰ ফলত উফন্দি উঠিছে নদ-নদী। ইফালে ভূমিস্খলনৰ বাবে ব্যাহত হৈছে যাতায়াত ব্যৱস্থা।