শ্ৰীনগৰত জি-২০ৰ বৈঠক; নাটু নাটু গীতৰ তালে তালে নাচিলে ছিংগাপুৰৰ প্ৰতিনিধিয়ে

Story by  atv | Posted by  [email protected] • 11 Months ago
অভিনেতা ৰামচৰণৰ সৈতে ছিংগাপুৰৰ প্ৰতিনিধি
অভিনেতা ৰামচৰণৰ সৈতে ছিংগাপুৰৰ প্ৰতিনিধি
 
নতুন দিল্লী

জি-২০ সন্মিলনত অংশ ল'বলৈ জম্মু আৰু কাশ্মীৰলৈ অহা বিদেশী প্ৰতিনিধিসকলে তেলেগু ব্লকবাষ্টাৰ আৰআৰআৰৰ অস্কাৰ বিজয়ী গীত 'নাটু নাটু'ৰ তালে তালে নৃত্য কৰে। সেই সময়ত তেওঁলোকক ছবিখনৰ ছুপাৰষ্টাৰ ৰামচৰণেও সংগ দিয়ে। ইফালে, আন একাংশ প্ৰতিনিধিয়ে কাশ্মীৰৰ ডাল হ্ৰদত শিকাৰা ৰাইড উপভোগ কৰে।
 
উল্লেখ্য যে, শ্ৰীনগৰ চহৰখনে সম্প্ৰতি এক ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হৈছে, য'ত জি-২০ দেশৰ প্ৰায় ৮০ জন ৰাষ্ট্ৰদূতে পৰ্যটন কৰ্মী গোটৰ জি-২০ বৈঠকত অংশ লয়। নীতি আয়োগৰ অধ্যক্ষ অমিতাভ কান্তৰ দৰে উচ্চ পদস্থ বিষয়াসহ আন বহুতো লোকে  অনুষ্ঠানৰ বাবে শ্ৰীনগৰলৈ আহিছে।
 
 
ছিংগাপুৰৰ দূতাবাসে ৰামচৰণৰ সৈতে নাটু নাটু গীতৰ তালে তালে নৃত্য কৰা তেওঁলোকৰ দূতৰ ভিডিঅ’টো টুইটাৰত পোষ্ট কৰিছেঃ

ইফালে, বহু দেশৰ প্ৰতিনিধিয়ে কাশ্মীৰৰ ডাল হ্ৰদত নাও চলাই অসৱৰ বিনোদনত ব্যস্ত হোৱাৰ ফটো ছ’চিয়েল মিডিয়াত পোষ্ট কৰেঃ

তেলেগুৰ ছুপাৰষ্টাৰ ৰামচৰণে মূল বৈঠকৰ মাজতে আয়োজন কৰা এক বিশেষ অধিৱেশনত ভাষণ আগবঢ়ায়।

'চলচ্চিত্ৰ পৰ্যটন স্থলী হিচাপে ভাৰত' বিষয়ক লৈ এই অধিবেশন অনুষ্ঠিত হয়। জম্মু আৰু কাশ্মীৰৰ সকলো অঞ্চলৰ শিল্পীয়ে নিজৰ সাংস্কৃতিক ঐতিহ্যসমূহ প্ৰদৰ্শন কৰি জি-২০ৰ অতিথিসকলক আদৰণি জনায়।