জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন SIT লৈ প্ৰেৰণ কৰিলে ছিংগাপূৰ আৰক্ষীয়ে; ১৭ ডিচেম্বৰৰ ভিতৰত দাখিল হ'ব চাৰ্জশ্বীট

Story by  atv | Posted by  [email protected] • 8 h ago
জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন SIT লৈ প্ৰেৰণ কৰিলে ছিংগাপূৰ আৰক্ষীয়ে
জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন SIT লৈ প্ৰেৰণ কৰিলে ছিংগাপূৰ আৰক্ষীয়ে
 
গুৱাহাটী
 
ছিংগাপুৰ কৰ্তৃপক্ষই জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা আৰু টক্সিক’লজীৰ প্ৰতিবেদন অসম আৰক্ষীলৈ প্ৰেৰণ কৰি তেওঁৰ মৃত্যুৰ অব্যাহত থকা তদন্তৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে।
 
শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা নিশ্চিত কৰি কয় যে গোচৰটোৰ তদন্ত কৰা বিশেষ তদন্তকাৰী দলে “যথেষ্ট অগ্ৰগতি” লাভ কৰিছে আৰু ৯০ দিনৰ সময়সীমাৰ ভিতৰত অভিযোগনামা দাখিল কৰিব।
 
সাংবাদিকৰ আগত শৰ্মাই কয়, ‘যেতিয়া আমাৰ এছ আই টিয়ে ছিংগাপুৰ ভ্ৰমণ কৰিছিল তেতিয়া তাত থকা কৰ্তৃপক্ষই সম্পূৰ্ণ সহযোগিতাৰ আশ্বাস দিছিল।আজি তেওঁলোকে আনুষ্ঠানিকভাৱে মৰণোত্তৰ পৰীক্ষা আৰু বিষবিজ্ঞানৰ প্ৰতিবেদন প্ৰেৰণ কৰিছে, লগতে মিউচুৱেল লিগেল এচিষ্টেন্স ট্ৰিটি (এম এল এ টি)ৰ অধীনত গাইডলাইনো প্ৰেৰণ কৰিছে।
 
যোৱা ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত সাগৰত সাঁতুৰি থকা অৱস্থাত মৃত্যু হৈছিল ৫২ বছৰীয়া কণ্ঠশিল্পী আৰু সুৰকাৰগৰাকীৰ। এতিয়ালৈকে ১০ জনীয়া এছ আই টিয়ে ৭ জন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে, এই আটাইকেইজনেই বৰ্তমান ন্যায়িক জিম্মাত আছে।
 
গৃহ বিভাগৰ দায়িত্বত থকা শৰ্মাই তদন্তৰ অগ্ৰগতিৰ ওপৰত আস্থা প্ৰকাশ কৰে। ‘জুবিনৰ ন্যায় নিশ্চিত কৰাৰ ক্ষেত্ৰত এছ আই টি একেবাৰে আত্মবিশ্বাসী। ১৭ ডিচেম্বৰৰ ভিতৰত যেতিয়া চাৰ্জশ্বীট দাখিল কৰিব তেতিয়া মানুহে তেওঁলোকৰ কামৰ শলাগ ল’ব।’
 
মুখ্যমন্ত্ৰীয়ে পুনৰ কয় যে গাৰ্গৰ মৃত্যুৰ সম্যক তদন্তৰ বাবে ৰাজ্য চৰকাৰ দায়বদ্ধ হৈ আছে যদিও ৰাজ্যৰ অন্যান্য গুৰুত্বপূৰ্ণ বিষয়সমূহ একাষৰীয়া কৰা নহ’ব বুলি গুৰুত্ব আৰোপ কৰে।